৬ জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা ! প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক কটাক্ষ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক কটাক্ষ কৰি গুৱাহাটী ৰাজীৱ ভৱনত সংবাদমেল প্ৰদেশ কংগ্ৰেছৰ। সংবামেলত উপস্থিত থাকে অসম বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ।

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণক কটাক্ষ কৰি সোমবাৰে সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছে। সংবাদমেলত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “মণিপুৰৰ হিংসাৰ আঢ়ৈ বছৰৰ পিছত আঢ়ৈ ঘণ্টাৰ বাবে মণিপুৰলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী। মণিপুৰত হিংসা চলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৯খন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল।”
লগতে তেওঁ কয় যে, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন ৮ ছেপ্টেম্বৰৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে নিজৰ সুবিধা অনুযায়ী ১৩ ছেপ্টেম্বৰত অসমলৈ আহি বাঃ বাঃ ল’বলৈ চেষ্টা কৰিলে। ভূপেন হাজৰিকাৰ যি নীতি-আদৰ্শ সেই নীতি-আদৰ্শৰ লগত বিজেপি অথবা নৰেন্দ্ৰ মোদীৰ নীতিৰ লগত আকাশ-পাতাল পাৰ্থক্য বুলি উল্লেখ কৰে সাংসদ বৰদলৈয়ে।
সংবাদমেলত উপস্থিত থাকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়, “ভূপেন হাজৰিকাৰ গানত যি ধৰ্মনিৰপেক্ষতা, ধৰ্মীয় সহিষ্ণুতা, মানৱতা আৰু সহনশীলতা নীতি কথা কোৱা হৈছে, এই নীতি বিজেপিৰ সম্পূৰ্ণ বিৰোধী। ভূপেন হাজৰিকাই বিজেপিৰ প্ৰাৰ্থিত্ব লৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল যদিও শেষমুহূৰ্তত সেয়া জীৱনৰ এক ভুল আছিল বুলি উল্লেখ কৰি গৈছে।”
শইকীয়াই অভিযোগ উত্থাপন কৰে যে,”ভূপেন হাজৰিকাৰ জীৱনৰ বহু সময় অৰুণাচলক দিছিল আৰু অৰুণাচল চৰকাৰে ভূপেন হাজৰিকা ন্যাসৰ সহযোগত জন্ম শতবৰ্ষ আয়োজন কৰাৰ প্ৰস্তুতি চলাইছিল। অসম চৰকাৰে এই বিষয়টো অৰুণাচল চৰকাৰৰ পৰা হাইজেক কৰি নিজাকৈ আৰম্ভ কৰিলে আৰু যিটো বিষয় এতিয়া ভূপেন হাজৰিকাৰ পুত্ৰ আৰু পৰিয়ালেও সহজভাৱে লোৱা নাই।”
“ভূপেন হাজৰিকাৰ একমাত্ৰ পুত্ৰই তেখেতৰ জন্ম শতবৰ্ষ অনুষ্ঠানলৈ আহি দীঘলীয়া সময় ধৰি উপস্থিত আছিল যদিও তেওঁক এবাৰো ৰাইজৰ ওচৰত পৰিচয় কৰি দিয়াৰ সৌজন্যতা নেদেখুৱালে অসম চৰকাৰে। কংগ্ৰেছ চৰকাৰে ভূপেন হাজৰিকাক তেওঁৰ কৰ্মৰাজিৰ বাবে দাদাচাহেব ফাল্কে, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আদিৰ লগতে সংগীত নাটক অকাডেমীৰ অধ্যক্ষৰ পদ দিছিল। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভূপেন হাজৰিকাক অসম ৰত্ন সন্মান প্ৰদান কৰিছিল।” এইদৰে কয় দেৱব্ৰত শইকীয়াই।
অনুপ্ৰৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে যি মন্তব্য আগবঢ়াইছে সেয়া হাস্যকৰ বুলি উল্লেখ কৰে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই। তেওঁ কয়, “২০১৪ চনৰ ১৬ মে’ত বাংলাদেশীয়ে অসমৰ পৰা টালি-টোপোলা বান্ধিব লাগিব বুলি মোদীয়ে ঘোষণা কৰিছিল। কেন্দ্ৰত ১১ বছৰ শাসনত থকাৰ পিছত অনুপ্ৰৱেশ বন্ধ কৰিব নোৱৰাতো তেওঁলোকৰ বিফলতা।”
শইকীয়াই কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত কোনো নীতি গ্ৰহণ কৰা নাই। বৰঞ্চ বিদেশীক আনিবৰ বাবে কা-আইন প্ৰণয়ন কৰি ২০২৪ৰ ডিচেম্বৰলৈকে বিদেশীক বৈধতা দিব বিচাৰিছে। বিজেপি চৰকাৰৰ দিনতকৈ কংগ্ৰেছ চৰকাৰৰ দিনত সংখ্যা হিচাপত বেছি বিদেশী বহিষ্কাৰ কৰা হৈছিল বুলি দাবী কৰে শইকীয়াই।
৬ জনজাতিক বিজেপি চৰকাৰে প্ৰৱঞ্চনা কৰা বুলি উল্লেখ কৰে শইকীয়াই। তেওঁ কয় যে, ২০১৮ চনৰ পৰা জনজাতিকৰণৰ বিষয়টো তেওঁলোকে আলোচনাই কৰি থাকিলে, কিন্তু কাৰ্যতঃ একো নকৰিলে। ২০১৬ চনৰ ভিজন ডকুমেণ্টত থকাৰ পিছতো তেওঁলোকে ইচ্ছাকৃতভাৱে ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে। ২০১৯ চনত ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰাৰ পিছত ২০২০ চনত হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও এইবোৰক ফুটুকাৰ ফেনত পৰিণত কৰি জনজাতিকৰণ নকৰিলে বুলি কয় দেৱব্ৰত শইকীয়াই।
একে সময়তে ২০২১ চনৰ ভিজন ডকুমেণ্টত যি ১০টা প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণত ডাবোল ইঞ্জিনৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি শইকীয়াই উল্লেখ কৰে। তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক মজুৰিৰ ক্ষেত্ৰত প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি কয় যে, কোম্পানীৰ স্বীকৃতি প্ৰাপ্ত চাহ শ্ৰমিকসকলৰ একাউণ্টত ৫০০০ টকাকৈ ভৰাই দি অসমৰ থলুৱা আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ শ্ৰমিকসকলক এই আঁচনিৰ পৰা বঞ্চিত কৰিছে।