কংগ্ৰেছৰ সভাত বাংলাদেশীৰ জাতীয় সংগীত পৰিৱেশন ! কোনে, কিয় গালে ? ৰাজনৈতিক মহলত আৰম্ভ বিতৰ্ক

শ্ৰীভূমিত কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন। কোনে, কিয় গালে? এইলৈ এতিয়া ৰাজনৈতিক মহলত আৰম্ভ হৈছে বিতৰ্ক।

কংগ্ৰেছৰ সভাত বাংলাদেশীৰ জাতীয় সংগীত পৰিৱেশন ! কোনে, কিয় গালে ?  ৰাজনৈতিক মহলত আৰম্ভ বিতৰ্ক
Published: 

29 Oct 2025 13:29 PM

কংগ্ৰেছ সেৱা দলৰ কাৰ্যনিৰ্বাহক বৈঠকত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰাৰ অভিযোগে গৰম কৰিছে ৰাজনীতি। যোৱা ২৭ অক্টোবৰ সোমবাৰে শ্ৰীভূমিত কংগ্ৰেছ সেৱা দলৰ কাৰ্যনিৰ্বাহক বৈঠকৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিধু ভূষণ দাসে বাংলাদেশৰ জাতীয় সংগীত “আমাৰ সোনাৰ বাংলা” পৰিৱেশন কৰাৰ অভিযোগক লৈ সমগ্ৰ বৰাক উপত্যকাত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে,বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে, কংগ্ৰেছে সংখ্যালঘুৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। একে সময়তে বহুতে অভিযোগ উত্থাপন কৰে যে,অসমত বাংলাদেশীক বৰপীৰা পাৰিছিল কংগ্ৰেছে। এই ধৰণৰ অভিযোগকলৈ প্ৰায়ে ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থাকে। কিন্তু এইবাৰ কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত গোৱাকলৈ আন এক বিতৰ্কৰ সৃষ্টি হৈছে।

জানিব পৰা মতে,শ্ৰীভূমি জিলাৰ সেৱা দল ইউনিটৰ প্ৰাক্তন অধ্যক্ষ বিধু ভূষণ দাসে স্থানীয় কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনত অনুষ্ঠিত সভাত ১৯০৫ চনত ব্ৰিটিছ শাসনৰ অধীনত বংগৰ প্ৰথম বিভাজনৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা গীতটিৰ পৰিৱেশনেৰে ভাষণ আৰম্ভ কৰিছিল।

এই ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে। সামাজিক মাধ্যমত এটি ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে,”কিছুদিন পূৰ্বে বাংলাদেশে নিজৰ মানচিত্ৰত অসমক অন্তৰ্ভুক্ত কৰি এক ভয়াবহ আৰু গোপন অভিসন্ধিৰ ইংগিত ৰাজহুৱা কৰিছিল। আৰু এইবাৰ কংগ্ৰেছ দলে অসমতে তেওঁলোকৰ এক দলীয় সভাত বাংলাদেশৰ জাতীয় গীত পৰিৱেশন কৰি মুকলিকৈ বাংলাদেশীপ্ৰীতি প্ৰদৰ্শন কৰিছে। প্ৰকৃততে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ হাতত গতাই দিয়াৰ অভিসন্ধি ৰচনা কৰিছে কোনে? অসমীয়া জাগি উঠাৰ সময় এয়া।”

ইফালে, শ্ৰীভূমি জিলা কংগ্ৰেছৰ এই কাৰ্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ লোকে । বিধায়ক মানৱ ডেকাই এইলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, “অসম কংগ্ৰেছৰ সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি কংগ্ৰেছে আচলতে ৰাইজক কি বাৰ্তা দিব বিচাৰিছে? কাৰ নিৰ্দেশত কংগ্ৰেছৰ এই বাংলাদেশপ্ৰেম? উত্তৰ দিব পাৰিবনে?” একে সময়তে বাংলাদেশৰ জাতীয় সংগীত গোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে।

দিনত ৩ বাৰ ভাত খোৱা স্বাস্থ্যৰ বাবে ভাল নে বেয়া? জানক...
কলেষ্টেৰল বৃদ্ধি হ'লে ছালত কি লক্ষণে দেখা দিয়ে, জানক সকলো...
ৰাতি আহাৰ সোনকালে খালে কি হয়? কি কি সমস্যাৰ পৰা উপশম পাব পাৰি?
হ'ব অমংগল, কেতিয়াও এই স্থানত আৰু এইসকল লোকৰ ভৰি চুব নালাগে!