চামগুৰিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সভা, শতাধিক বিজেপি-অগপ কৰ্মীয়ে কৰে যোগদান

চামগুৰিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। আজি শতাধিক বিজেপি-অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান কৰে। যত উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন।

চামগুৰিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সভা, শতাধিক বিজেপি-অগপ কৰ্মীয়ে কৰে যোগদান

চামগুৰিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সভা

Published: 

03 Sep 2025 | 09:37 PM

আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি সাজু হৈছে কংগ্ৰেছ। যাৰ বাবে কংগ্ৰেছ দলৰ এখনৰ পিছত আনখনকৈ বৈঠক অনুষ্ঠিত কৰি বিভিন্ন পৰ্যায়ৰ ৰণকৌশল প্ৰস্তুত কৰিছে । আজি  চামগুৰিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সভা অনুষ্ঠিত হয়। ২৬ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বেই চামগুৰিৰ শতাধিক কৰ্মীয়ে বিজেপি-অগপ ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছত।

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত চামগুৰিৰ বিজেপি-অগপ শতাধিক কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত। CAAৰ অধীনত নাগৰিকত্ব আবেদনৰ সময়সীমা বৃদ্ধিক লৈ আজি ৰকিবুল হুছেইনে মন্তব্য কৰে। হিন্দু বাঙালী লোকসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি দুদিনৰ পাছত ক’ব, হিন্দু-বাঙালী লোক সকলৰ যথেষ্ট অৱদান আছে বুলিও তেওঁ কয়।

ইফালে মদানীৰ অসম ভ্ৰমনক লৈ কেইবাটাও মন্তব্য কৰে সাংসদগৰাকীয়ে।  চামগুৰিৰ কংগ্ৰেছৰ যোগদান সভাত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতায়ো। তেওঁ কয়, যিমানেই ৰাজনীতি নকৰক কিয় সন্মুখত ৰকিবুল হুছেইন ঠিয় দিলেই হিমন্ত বিশ্ব শৰ্মা কপি উঠে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...