এতিয়াৰ পৰা কংগ্ৰেছ নেতা-সাংসদৰ থাকিব নোৱাৰে ফেন ক্লাব, দিয়া হ’ব দলৰ পৰা অব্যাহতি…

ফেন ক্লাব সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কংগ্ৰেছ হাইকমাণ্ড। এতিয়াৰ পৰা থাকিব নোৱাৰিব কংগ্ৰেছ নেতা- সাংসদৰ ফেনক্লাব। কেৱল ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়েহে ৰাখিব পাৰিব ফেনক্লাব।

এতিয়াৰ পৰা কংগ্ৰেছ নেতা-সাংসদৰ থাকিব নোৱাৰে ফেন ক্লাব, দিয়া হব দলৰ পৰা অব্যাহতি...

কংগ্ৰেছ

Published: 

16 Dec 2024 14:28 PM

অসমত এতিয়াৰ পৰা থাকিব নোৱাৰিব কংগ্ৰেছ নেতা- সাংসদৰ ফেন ক্লাব। ফেন ক্লাব সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কংগ্ৰেছ হাইকমাণ্ড। শেহতীয়াকৈ কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা দেশত কেৱল কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ছোনিয়া গান্ধীৰহে ফেন ক্লাব থাকিব। ইয়াৰ বাহিৰে কংগ্ৰেছেৰ কোনো নেতা-সাংসদ, বিধায়ক বা সদস্যই ফেন ক্লাব গঠন কৰিব নোৱাৰিব। এই সিদ্ধান্তৰ পাছতেই এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈয়ে ফেন ক্লাব বন্ধ কৰিব লাগিব।

উল্লেখ্য যে, দেওবাৰে জীতেন্দ্ৰ সিঙৰ নেতৃত্বত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত কংগ্ৰেছে ৯ টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তসমূহৰ ভিতৰত এটা আছিল ফেন ক্লাব সংস্কৃতিৰ বিৰুদ্ধে পদক্ষেপ। এই সন্দৰ্ভত এতিয়ালৈকে প্ৰদেশ কংগ্ৰেছে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও শীঘ্ৰেই ঘোষণা কৰিব পাৰে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে কংগ্ৰেছত এতিয়াৰ পৰা কোনো নেতা- সাংসদৰ ফেন ক্লাব থাকিব নোৱাৰে। কেৱল কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীহে ৰাখিব পাৰিব ফেন ক্লাব। কংগ্ৰেছৰ এই সিদ্ধান্তৰ পাছতেই এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈয়ে ফেন ক্লাব বন্ধ কৰিব লাগিব। লগতে কংগ্ৰেছে এয়াও কয় যে, কোনো কংগ্ৰেছ নেতাৰ ফেন ক্লাব থাকিলে তেওঁক দলৰ পৰা অব্যাহতি দিয়া হ’ব।

উল্লেখ্য যে, বিগত কেইটামান দিনত ফেন ক্লাবক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত কিছু সমস্যাৰ সৃষ্টি হৈছিল। সাংসদ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ ফেন ক্লাব মূৰৰ কামোৰণি হৈ পৰিছিল কংগ্ৰেছ হাইকমাণ্ডৰ। মন কৰিবলগীয়া যে, বিগত সময়চোৱাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফেন ক্লাবে যথেষ্ঠ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। আনকি গৌৰৱ গগৈ ফেন ক্লাবে কংগ্ৰেছৰ বেনাৰৰ পৰিবৰ্তে ‘গৌৰৱ গগৈ ফেন ক্লাব’ৰ বেনাৰত অনুষ্ঠান অনুষ্ঠিত কৰিছিল।

মন কৰিবলগীয়া যে, শিক্ষক দিৱসৰ দিনাৰ কাৰ্যসূচীত ৰাজ্যত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল। কংগ্ৰেছৰ সমান্তৰালকৈ গৌৰৱ গগৈ ফেন ক্লাবেও নিজাববীয়াকৈ অনুষ্ঠান অনুষ্ঠিত কৰিছিল। ইয়াৰোপৰি তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। আনহাতে গৌৰৱ গগৈ ফেন ক্লাবে কংগ্ৰেছৰ বেনাৰৰ পৰিবৰ্তে গৌৰৱ গগৈ ফেন ক্লাবৰ বেনাৰত কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। এনেবোৰ ঘটনাৰ পাছতেই কংগ্ৰেছ হাইকমাণ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰে।

Related Stories
অসম এতিয়া দেশৰ দ্ৰুততম বিকশিত অৰ্থনীতি; মুখ্যমন্ত্ৰীয়ে দিলে এই বিশেষ সুখবৰ…
নতুন বছৰৰ আনন্দ উদযাপনৰ পৰা বাবু আঁচনি ঘোষণালৈ, থোৰতে চাওক আজি দিনটোৰ চৰ্চিত খবৰসমূহ
ফৌজদাৰী সংস্কাৰ আৰু জনকল্যাণত দেশৰ ভিতৰতে শীৰ্ষত অসম, নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে খতিয়ান
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যুদ্ধৰ বাবে বিশেষ অধিবক্তা নিযুক্তি দিব চৰকাৰে, বিশেষ আদালত গঠনৰ বাবেও জনাব দাবী
এঞ্জেল চাকমাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ প্ৰস্তাৱ, নিৰ্বাচনৰ প্ৰাকক্ষণত ল’লে এই সংকল্প
গুৱাহাটীৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল, কি কি সুবিধা থাকিব আৰু ভাড়া কিমান হ’ব?
নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?