অসমৰ লগতে দেশৰ পৰা এটা এটাকৈ বাহিৰ কৰা হ’ব অবৈধ বাংলাদেশী, বৰদোৱাত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি

বৰদোৱাত এক জনসভা সম্বোধন কৰি শ্বাহে কয় যে কেন্দ্ৰই চুবুৰীয়া ৰাজ্যৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াব। কেৱল অসমতেই নহয় সমগ্ৰ দেশতেই এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। অসমীয়া মানুহৰ সংস্কৃতি, মাটি আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাংলাদেশীক কংগ্ৰেছে ভোটবেংক হিচাপে গণ্য কৰা বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

অসমৰ লগতে দেশৰ পৰা এটা এটাকৈ বাহিৰ কৰা হব অবৈধ বাংলাদেশী, বৰদোৱাত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি

বৰদোৱাত অমিত শ্বাহ

Published: 

29 Dec 2025 | 03:47 PM

সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা পোনে পোনে নগাঁৱৰ বৰদোৱালৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত অসম চৰকাৰে নিৰ্মাণ কৰি উলিওৱা বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰে অমিত শ্বাহে। এই উলক্ষে দিয়া ভাষণত অমিত শ্বাহে বাংলাদেশী মুছলিম আৰু কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। অসমীয়া মানুহৰ সংস্কৃতি, মাটি আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাংলাদেশীক কংগ্ৰেছে ভোটবেংক হিচাপে গণ্য কৰা বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

বৰদোৱাত এক জনসভা সম্বোধন কৰি শ্বাহে কয় যে কেন্দ্ৰই চুবুৰীয়া ৰাজ্যৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াব। কেৱল অসমতেই নহয় সমগ্ৰ দেশতেই এই পদক্ষেপ গ্ৰহণ কৰা হ’ব। তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল অসমীয়া মানুহৰ সংস্কৃতিক সুৰক্ষিত কৰাই নহয়, ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নতো মনোনিৱেশ কৰিছে।”

প্ৰায় ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা থান পুনঃউন্নয়ন প্ৰকল্প উদ্বোধন কৰে অমিত শ্বাহে। তেওঁ কয় যে এইটো এক ঐতিহাসিক অনুষ্ঠান, য’ত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বেদখলমুক্ত কৰা হ’ল। “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা কমেও ১ লাখ বিঘা ভূমি মুক্ত কৰিছে।” শ্বাহে কয়।

শ্বাহে আৰু কয়, “অসমক সম্পূৰ্ণ অনুপ্ৰৱেশমুক্ত কৰিবলৈ বিজেপিক আৰু পাঁচ বছৰ সময় দিয়ক। আমি কেৱল অসমতেই নহয়, সমগ্ৰ দেশতেই বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াম।” শংকৰদেৱৰ প্ৰসংগ উল্লেখ কৰি শ্বাহে কয় যে শংকৰদেৱে এক ভাৰতৰ ধাৰণা দিছিল আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া সেই ধাৰণা অনুসৰণ কৰিছে।

“প্ৰধানমনমন্ত্ৰীয়ে অসমত শান্তি প্ৰতিষ্ঠা তথা উন্নয়ন নিশ্চিত কৰাৰ বাবে পদক্ষেপ লৈছে। ই কেৱল কাগজে-কলমে নহয়, বাস্তৱত ৰূপায়িত হৈছে।” অমিত শ্বাহে জনতাক কয়। বিজেপি চৰকাৰৰ সময়ত যোৱা ১১ বছৰত বিভিন্ন বিদ্ৰোহী গোটৰ সৈতে কেবাখনো শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছে আৰু এই চুক্তিসমূহৰ প্ৰায় ৯২ শতাংশ দফা কাৰ্যকৰী কৰা হৈছে। ভাষণৰ মাজতে এই কথা উল্লেখ কৰে অমিত শ্বাহে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...