ACS নূপুৰ বৰাৰ ঘৰত CM ভিজিলেন্সৰ অভিযানঃ জব্দ প্ৰায় ১ কোটি টকা, সোণৰ আ-অলংকাৰ…

মহানগৰীৰ মালিগাঁৱৰ গোটানগৰত CM ভিজিলেন্সৰ অভিযান। এগৰাকী ৰাজহ চক্ৰ বিষয়াৰ ঘৰৰ পৰা ভিজিলেন্সে ১ কোটিতকৈ অধিক নগদ ধন আৰু বহু আ-অলংকাৰ উদ্ধাৰ কৰে।

ACS নূপুৰ বৰাৰ ঘৰত CM ভিজিলেন্সৰ অভিযানঃ জব্দ প্ৰায় ১ কোটি টকা, সোণৰ আ-অলংকাৰ...

নুপুৰ বৰা

Edited By: 

Raj Saikia | Updated On: 15 Sep 2025 | 08:20 PM

মহানগৰীৰ মালিগাঁৱৰ গোটানগৰত চিএম ভিজিলেন্সৰ অভিযান। গৰৈমাৰী ৰাজহচক্ৰ বিষয়া নূপুৰ বৰাৰ ফ্লেটত অভিযান চলাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বহু পৰিমাণৰ নগদ ধন, লাখ লাখ টকাৰ সোণৰ আ-অলংকাৰ আদি জব্দ কৰে। গোটানগৰস্থিত ছাইন শান্তি গ্ৰীণো এপাৰ্টমেন্টৰ পঞ্চম মহলাৰ 5A ফ্লেটত অভিযান চলাই তদন্তকাৰী দলটোৱে এই বৃহৎ পৰিমাণৰ সম্পত্তি জব্দ কৰে। দীৰ্ঘদিন ধৰি চলা তদন্তৰ অন্তত এই পদক্ষেপ গ্ৰহণ কৰে ভিজিলেন্সে।

জানিব পৰা মতে, কাৰ্বি আংলঙত সহকাৰী জিলা আয়ুক্ত হৈ থকাৰ সময়ছোৱাত সংঘটিত অনিয়ম সন্দৰ্ভত এই অভিযান চলাই ভিজিলেন্সে। দীৰ্ঘদিন ধৰি ৰাজহচক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তি গোচৰ উত্থাপন হৈ আহিছিল। সূত্ৰ অনুসৰি, নূপুৰ বৰাৰ ঘৰৰ পৰা নগদ ৯২লাখ ৫০হাজাৰ ৪০০টকাৰ লগতে বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ জব্দ কৰা হৈছে। এই বিশাল পৰিমাণৰ টকা গণিবলৈ ভিজিলেন্স দলে ৰাজহ চক্ৰ বিষয়াগৰাকীৰ ফ্লেটলৈ টকা গণনা কৰা মেচিন লৈ আহে।

অবিযোগ অনুসৰি, বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া হৈ থাকোতেই  তেওঁ দুৰ্নীতি অনিয়মেৰে গঢ়ি তুলিছিল বহু ধন সম্পত্তি। সেই সময়ৰ সুৰজিৎ ডেকা নামৰ এজন লাট মণ্ডলৰ দ্বাৰা সংঘটিত কৰিছিল চৰম দুৰ্নীতি। বৰ্তমান বৰপেটাৰ লাট মণ্ডলজনৰ ঘৰটো তদাৰকী কোষৰ আন এটা দলে অভিযান চলাই আছে ।

উল্লেখ্য যে, ২০১৯ বৰ্ষত ৰাজহ চক্ৰ বিষয়া হিচাপে নুপুৰ বৰাই বৰপেটাত যোগদান কৰিছিল। তাৰপাছত সহকাৰী আয়ুক্ত হিচাপে কাৰ্বি আংলঙত কৰ্মৰত হৈ আছিল। অভিযোগ অনুসৰি, চাকৰিৰ আৰম্ভণিৰ পৰা নূপুৰ পৰাই বহু দুৰ্নীতিত লিপ্ত হৈ আহিছে। মাত্ৰ কেইদিনমান পূৰ্বেহে গুৱাহাটীলৈ বদলি হৈ আহিছিল নূপুৰ বৰা। ইয়াৰ পাছতে আজি নূপুৰ বৰা ভিজিলেন্সৰ জালত পৰে।

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “ৰাজহ চক্ৰ বিষয়াগৰাকীৰ ঘৰৰ পৰা প্ৰায় ১ কোটি নগদ টকা আৰু সোণৰ আ-অলংকাৰ জব্দ কৰা হৈছে। বৰপেটাত তেওঁ বহুত মাটিৰ গণ্ডগোল কৰিছিল। গতিকে প্ৰায় ৬ মাহ ধৰি তেওঁৰ বিৰুদ্ধে গোপনে অভিযান চলি আছিল। তেওঁ কালিয়েই ধৰা পৰিলহেতেন। কিন্তু কালি তেওঁ এটা লজত আছিল। আজি পুৱা ঘৰ পোৱাৰ লগে লগে এই নগদ ধন আৰু আ-অলংকাৰ জব্দ হয়”। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব বুলি কয় শৰ্মাই।

 

 

অন্য খবৰ পঢ়কঃ প্ৰথমে বান্ধি ল’লে! পাছত ষ্টেপলাৰ, জলকীয়াৰ গুড়ি আৰু…স্বামী-স্ত্ৰীৰ ভয়ংকৰ কাণ্ড…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব