অসমলৈ আহিব প্ৰধানমন্ত্ৰীঃ কি কি উপহাৰ দিব অসমক? মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক…

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত তেওঁ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

অসমলৈ আহিব প্ৰধানমন্ত্ৰীঃ কি কি উপহাৰ দিব অসমক? মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক...

মোদীৰ অসম ভ্ৰমণ

Published: 

10 Dec 2025 22:24 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ২১ ডিচেম্বৰত নামৰূপ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বুধবাৰে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এক বৈঠকত মিলিত হয়। ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী, বিধায়ক আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ উপস্থিতিত এখন বৈঠকত অনুষ্ঠিত হয়। উল্লেখ্য যে, প্রধানমন্ত্রী মোদীয়ে অহা ২০ আৰু ২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব। এই সময়চোৱাত তেওঁ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। লগতে ভাৰতৰত্নগৰাকীৰ এটা প্রতিমূর্তি উন্মোচন কৰিব।

তদুপৰি এই ভ্রমণকালতে তেওঁ নামৰূপত প্রায় ১২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ আৰু ১২ লাখ মেট্রিকটন উৎপাদন ক্ষমতাৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভাতো অংশগ্ৰহণ কৰিব।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা ব্যৱস্থাৰ লগতে প্ৰধানমন্ত্ৰীয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানটো যাতে নিখুঁতভাৱে আয়োজিত হয় সেই দিশত যাৱতীয় নির্দেশনা প্রদান কৰে। সভাত অংশগ্রহণ কৰিবলগীয়া ৰাইজৰ বাবে পর্যাপ্ত লঘু আহাৰ, খোৱাপানী আৰু অনাময় সা-সুবিধাৰ ব্যৱস্থা কৰা, যান-বাহন নিয়ন্ত্ৰণ আৰু পার্কিং ব্যৱস্থাপনা, প্রাথমিক চিকিৎসাৰ সুবিধা আদি পর্যাপ্ত ৰূপত উপলব্ধ কৰিবলৈ তেওঁ প্রশাসনক নির্দেশ দিয়ে।

এই বৈঠকত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড, শক্তি আদি বিভাগৰ মন্ত্রী প্রশান্ত ফুকন, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, সমবায় আদি বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ বহুকেইগৰাকী বিধায়কৰ উপৰি অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা প্রমুখ্যে উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই আজি নামৰূপত উপস্থিত হৈ প্রধানমন্ত্রী মোদীৰ প্ৰস্তাৱিত ভ্ৰমণৰ জনসভাস্থলী পৰিদৰ্শন কৰাৰ লগতে কৰ্তব্যত নিয়োজিত বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে নামৰূপত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ প্ৰস্তুতিৰ সবিশেষ পর্যালোচনা কৰে আৰু অনুষ্ঠানটি যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে যাৱতীয় নির্দেশনা প্রদান কৰে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক তৰংগ গগৈ আৰু তেৰছ গোৱালাৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা।

 

অন্য খবৰ পঢ়কঃ শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলিঃ মঞ্চৰ পৰাই ‘অচিনাকী লোক’ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ…

ৰাতিপুৱা খালী পেটত চাহ খাই নেকি ? ইয়াৰ পাৰ্শ্বক্ৰিয়া জানক
কাজিনেমু পাতে চুলিৰ কি কি সমস্যা নাইকিয়া কৰে ? ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰৰ টিপছ জানক
মধুৰিআমৰ গুটি কিয় চোবাই খাব নালাগে? জানক
শীতকালত উচ্চ ৰক্তচাপৰ ৰোগীয়ে কি কি খাদ্য খাব নালাগে? জানক...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...
BTR ৰ বাবে আৰম্ভ হ'ব অৰুণোদয় ৩.০