শনিবাৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদীঃ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰীৰ

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্রমণলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ ছেপ্টেম্বৰৰ সন্ধিয়া গুৱাহাটীত সুধাকণ্ঠৰ জন্ম-শতবর্ষ উপলক্ষে অসম চৰকাৰে আয়োজন কৰা বছৰজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ মূল অনুষ্ঠানত উপস্থিত থাকিব।

শনিবাৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদীঃ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰীৰ

পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

11 Sep 2025 22:49 PM

ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত হৈ থকা সুধাকণ্ঠ ° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী অনুষ্ঠানত শনিবাৰে অংশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ সুধাকণ্ঠৰ জন্ম-শতবার্ষিকীৰ মূল অনুষ্ঠানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্রস্তুতি সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰাৰ উদ্দেশ্যে আজি দিছপুৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়

ৰাজ্য চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্রী, বিধায়ক আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ উপস্থিতিত এই বৈঠক সম্পন্ন হয়। দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্রমণলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ ছেপ্টেম্বৰৰ সন্ধিয়া গুৱাহাটীত সুধাকণ্ঠৰ জন্ম-শতবর্ষ উপলক্ষে অসম চৰকাৰে আয়োজন কৰা বছৰজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ মূল অনুষ্ঠানত উপস্থিত থাকিব।

আজিৰ বৈঠকত নিৰাপত্তা ব্যৱস্থাৰ লগতে প্রধানমন্ত্রীয়ে অংশগ্রহণ কৰিবলগীয়া এই অনুষ্ঠানটো নিখুঁতভাবে আয়োজনৰ বাবে মুখ্যমন্ত্ৰীয়ে যাৱতীয় নির্দেশনা প্রদান কৰে। উল্লেখ্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ সময়তে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত এক বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতিমুদ্রা মুকলি কৰিব

তদুপৰি অনুষ্ঠানত ভূপেন হাজৰিকাৰ জীৱনী বিষয়ক এখন গ্ৰন্থও উন্মোচন কৰা অসম চৰকাৰে সুধাকণ্ঠৰ বিষয়ে এখন গ্রন্থ প্রকাশ কৰি দেশৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰতে উপলব্ধ কৰাৰ প্ৰচেষ্টা গ্রহণ কৰিছে। লক্ষণীয়ভাৱে যোৱা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠৰ সমাধিক্ষেত্রক ‘ড° ভূপেন হাজৰিকা সমন্বয় তীর্থ’ হিচাপে নামকৰণ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।

এনেধৰণৰ পদক্ষেপেৰে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ শতবার্ষিকী উদযাপনৰ বিৰল মুহূৰ্তক অধিক বিশেষ কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। আজিৰ এই বৈঠকত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থাকে

লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপৰি অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড°কে কে দ্বিবেদী প্রমুখ্যে উচ্চপদস্থ বিষয়াবর্গও আজিৰ এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকে।

মৰ্ণিং ৱাক কৰেনে আপুনি? খালী ভৰিৰে পুৱা খোজ কাঢ়িলে পাব এনে উপকাৰিতা
Janmashtami 2025: জন্মাষ্টমীত বিৰল সংযোগ, ভক্তৰ প্ৰতিটো ইচ্ছা হ’ব পূৰণ!
Types of Condoms: কণ্ডম কেইপ্ৰকাৰৰ আপুনি জানেনে?
অৱশেষত অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ! ২২১ দিনৰ অন্তত ভাৰতীয় দলে দেখিলে এনে সফলতাৰ মুখ