শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমত বৃদ্ধি পাইছে মুছলমান জনসংখ্যা, কেন্দ্ৰৰ পদক্ষেপক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কেন্দ্ৰৰ নতুনকৈ ঘোষিত জনগাঁথনি অভিযানক ভাৰতৰ পৰিচয়, নিৰাপত্তা, সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে এক “নিৰ্ণায়ক পদক্ষেপ” বুলি অভিহিত কৰে। তেওঁ লিখিছে, "দশক দশক ধৰি অনুপ্ৰৱেশৰ ফলত অসম জনগাঁথনিগত পৰিৱৰ্তনৰ ভুক্তভোগী হৈ আহিছে৷ এই ৰূঢ় বাস্তৱৰ প্ৰতিফলন হৈছে যে আমাৰ জনসংখ্যাৰ ৩৮%তকৈ অধিক মুছলমান।"

অসমত বৃদ্ধি পাইছে মুছলমান জনসংখ্যা, কেন্দ্ৰৰ পদক্ষেপক প্ৰশংসা মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
trishna-kalita
Trishna Kalita | Published: 11 Oct 2025 21:42 PM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কেন্দ্ৰৰ নতুনকৈ ঘোষিত জনগাঁথনি অভিযানক ভাৰতৰ পৰিচয়, নিৰাপত্তা, সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে এক “নিৰ্ণায়ক পদক্ষেপ” বুলি অভিহিত কৰে। অবৈধ অনুপ্ৰৱেশৰ প্ৰভাৱ অসমে দীৰ্ঘদিন ধৰি বহন কৰি আহিছে বুলি দৃঢ়তাৰে উল্লেখ কৰি শৰ্মাই দাবী কৰে যে, এতিয়া ৰাজ্যখনৰ জনসংখ্যাৰ ৩৮ শতাংশতকৈও অধিক মুছলমান লোক আছে।

সামাজিক মাধ্যমত তেওঁ লিখিছে, “দশক দশক ধৰি অনুপ্ৰৱেশৰ ফলত অসম জনগাঁথনিগত পৰিৱৰ্তনৰ ভুক্তভোগী হৈ আহিছে৷ এই ৰূঢ় বাস্তৱৰ প্ৰতিফলন হৈছে যে আমাৰ জনসংখ্যাৰ ৩৮%তকৈ অধিক মুছলমান। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াৰ দ্বাৰা জনগাঁথনি মিছন সম্পৰ্কীয় এখন উচ্চস্তৰীয় সমিতিৰ ঘোষণা কৰা হৈছে৷ ইয়াৰ জৰিয়তে এই ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ বিজ্ঞানসন্মতভাৱে অধ্যয়ন আৰু মোকাবিলা কৰাৰ বাবে নীতিগত পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ এয়া নিশ্চিতভাৱে এক ঐতিহাসিক আৰু অতি প্ৰয়োজনীয় পদক্ষেপ।”

১৯৭১ চনৰ পৰা অসমৰ জনগাঁথনিগত ধাৰা দেখুওৱা এখন তালিকা শ্বেয়াৰ কৰি শৰ্মাই পোষ্টত লিখিছে, ‘পৰিচয়, নিৰাপত্তা, আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ এক নিৰ্ণায়ক পদক্ষেপ। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা পৰিসংখ্যা অনুসৰি ৰাজ্যখনত হিন্দু জনসংখ্যা ১৯৭১ চনত ৭২.৫১ শতাংশৰ পৰা ২০১১ চনত ৬১.৪৬ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে একে সময়ছোৱাত মুছলমান জনসংখ্যা ২৪.৫৬ শতাংশৰ পৰা ৩৪.২২ শতাংশলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, জনসংখ্যাৰ আৰ্হি আৰু জাতীয় পৰিচয় আৰু সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অধ্যয়ন কৰাৰ লক্ষ্যৰে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে জনগাঁথনি অভিযান ঘোষণা কৰিছিল।