কেতিয়া ঘোষণা কৰা হ’ব ADRE 2.0ৰ ফলাফল, কেতিয়া হ’ব নিযুক্তি! ঘোষণা মুখ্যমন্ত্ৰীৰ

যোৱা ১৫ আৰু ২৯ ছেপ্টেম্বৰত ADREৰ অধীনত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত আজি চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ যায়। পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃ্হৎ ঘোষণা। এক সংবাদ মেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সমাপ্ত হোৱা ADRE 2.0ৰ ফলাফল সন্দৰ্ভত ঘোষণা কৰে।

কেতিয়া ঘোষণা কৰা হ’ব ADRE 2.0ৰ ফলাফল, কেতিয়া হ’ব নিযুক্তি! ঘোষণা মুখ্যমন্ত্ৰীৰ
Published: 

27 Oct 2024 | 04:15 PM

আজি অন্ত পৰিছে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, চমুকৈ ADRE 2.0। যোৱা ১৫ আৰু ২৯ ছেপ্টেম্বৰত ADREৰ অধীনত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত আজি চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ যায়। আজি দুটা শ্বিফ্টত চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। আনহাতে স্নাতক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃৰ্তীয় বৰ্গৰ মুঠ ৭,৬০০ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। এইদৰে ADRE 2.0ৰ অধীনত ১২,৬০০ পদৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে ৰাজ্য চৰকাৰে।

ইফালে আজি পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃ্হৎ ঘোষণা। এক সংবাদ মেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সমাপ্ত হোৱা ADRE 2.0ৰ ফলাফল সন্দৰ্ভত ঘোষণা কৰে। সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ADRE 2.0ৰ ফলাফল ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে। ইয়াৰ পিছতে মে’ মাহত যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব বুলিও তেওঁ লগতে ঘোষণা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত উল্লেখ কৰা মতে অহা বৰ্ষৰ ১০ মে’ত ADREৰ অধীনত মুকলি কৰা পদসমূহৰ লগতে মুঠ ৩৫ হাজাৰ পদত নিযুক্তি দিব ৰাজ্য চৰকাৰে। নতুন নিযুক্তি পাবলগীয়া এই ৩৫ হাজাৰ পদে ADREৰ লগতে শিক্ষা বিভাগ আৰু অসম আৰক্ষীৰ পদসমূহো সামৰি ল’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। বৰ্তমানৰ চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে ১০ মে’ত এই পদসমূহৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব বুলি তেওঁ লগতে কয়।

আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অহা ৭ দিনৰ পৰা ১০ দিনৰ ভিতৰত উত্তৰ বহী চাব পাৰিব বুলি সংবাদ মেলত লগতে দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে তৃতীয় বৰ্গৰ দৰে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলেও নিজৰ অ’ এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে ADREৰ লিখিত পৰীক্ষাৰ পিছত হ’বলগীয়া মৌখিক পৰীক্ষাৰ বাবে এটা পদৰ বিপৰীতে দুজন প্ৰাৰ্থীক বাচনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে।

ADRE 2.0ৰ পিছত এতিয়া ADRE 3.0 সন্দৰ্ভতো আন এক বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ADRE 2.0ৰ অধীনত পদসমূহত নিযুক্তি প্ৰদানৰ পিছতে মে’ মাহতে পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে ADRE 3.0ৰ অধীনত পুনৰ ১৫ হাজাৰ পদৰ বাবে বিজ্ঞাপন মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৰ্থাৎ অহা বৰ্ষত পুনৰ ১৫ হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদানৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...