এগৰাকী নাৰীক সৱলীকৰণ কৰাৰ অৰ্থ হৈছে সমাজখনক শক্তিশালী কৰা: মুখ্যমন্ত্ৰী

হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, "এগৰাকী নাৰীক সৱলীকৰণ কৰাৰ অৰ্থ হৈছে সমাজখনক শক্তিশালী কৰা। সেয়েহে ৰাজ্য চৰকাৰে অসমৰ মহিলাসকলৰ বিকাশৰ সুবিধাৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ লগতে আন বহুতো আঁচনি গ্রহণ কৰিছে।"

এগৰাকী নাৰীক সৱলীকৰণ কৰাৰ অৰ্থ হৈছে সমাজখনক শক্তিশালী কৰা: মুখ্যমন্ত্ৰী

হোজাইত মহিলা উদ্যমিতাৰ চেক প্রদান মুখ্যমন্ত্ৰীৰ

Published: 

02 Sep 2025 19:11 PM

মঙলবাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হোজাই বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলক চেক প্রদান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই অনুষ্ঠানত হোজাই সমষ্টিৰ ৩১,৯১০ গৰাকী আত্মসহায়ক গোটৰ সদস্যালৈ ১০ হাজাৰ টকাকৈ ধনৰাশিৰ চেক প্রদান কৰা হয়। এই উপলক্ষে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, “এগৰাকী নাৰীক সৱলীকৰণ কৰাৰ অৰ্থ হৈছে সমাজখনক শক্তিশালী কৰা। সেয়েহে ৰাজ্য চৰকাৰে অসমৰ মহিলাসকলৰ বিকাশৰ সুবিধাৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ লগতে আন বহুতো আঁচনি গ্রহণ কৰিছে।”

তেওঁ লগতে কয়, “এই অভিযানৰ অংশ হিচাপে হোজাই বিধানসভা সমষ্টিৰ পৰা প্ৰথম পৰ্যায়ত বীজ মূলধন লাভ কৰা ৩১,৯১০ গৰাকী ব্যক্তিগত হিতাধিকাৰীয়ে অসমৰ মহিলা সবলীকৰণৰ যাত্ৰাত এক নতুন মাত্ৰা প্ৰদান কৰিব।” উল্লেখ্য যে, যে ছাগলী পালন, দুগ্ধ উৎপাদন, ধান খেতি, হাঁহ-কুকুৰা পালন, হস্ততাঁত, গাহৰি আৰু মীন পালন আদি ৭৯ শতাংশ খণ্ডক সামৰি হোজাই সমষ্টিৰ হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে এই মূলধন ।

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয়, “অহা ১৭ ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম ৰাজ্য চৰকাৰে আৰম্ভ কৰিব। এই আঁচনিখনৰ জৰিয়তে হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবদ অতিৰিক্ত ২৫০ টকাকৈ ৰাজসাহায্য লাভ কৰিব।” তেওঁ লগতে কয়, “অহা ১ নৱেম্বৰৰ পৰা ৰেচন কার্ড থকা লোকসকলে সুলভ মূল্যত দাইল, চেনী আৰু নিমখো লাভ কৰিব।”

লগতে আজি প্ৰদান কৰা এই অসমৰ ৪০ লাখ মহিলাৰ ভিতৰত ৮ লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউত পৰিণত হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গাইগুটিয়াকৈ লাভ কৰা এই ১০ হাজাৰ টকাৰ পুঁজিৰ উপৰিও গোটৰ জৰিয়তে ৰিভলভিং ফাণ্ড আৰু বেংকৰ ঋণৰ জৰিয়তেও মহিলাসকলে পুঁজি লাভ কৰিব। এই অনুষ্ঠানত হোজাইৰ প্রায় ৩২ হাজাৰ মহিলাৰ মাজত ৩২ কোটি টকাৰ চেক বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “অসমৰ মহিলাসকলৰ মাজত এই আঁচনিৰ অধীনত ৩,২০০ কোটি টকা বিতৰণ কৰা হ’ব।”

মহিলাসকলক আন্তনিৰ্ভৰ কৰি অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্রহণ কৰা বুলি  কয় মুখ্যমন্ত্রীয়ে। আজিৰ এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ৰামকৃষ্ণ ঘোষ, শিবু মিশ্র, অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, হোজাই জিলা পৰিষদৰ সভানেত্রী জুণ্টী বৰা, হোজাই পৌৰসভাৰ পৌৰনেত্ৰী চতুর্থী ৰাণী বিশ্বাস, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈৰ লগতে জিলা আয়ুক্তকে ধৰি শীৰ্ষ প্রশাসনিক বিষয়ববীয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক
খাদ্যৰ পৰা দৈনন্দিন ৰুটিনলৈকে, কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?
নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...