বিশেষ ব্যক্তিৰে চিআইডিৰ বৈঠক, যাব কোন…নাযায় কোন? ৰাহুল গৌতমে ক’লে ‘চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক’

চি আই ডিৰ বৈঠকৰ বাবে আমন্ত্ৰিত অতিথিৰ তালিকা প্ৰকাশৰ পাছতেই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। তালিকাত নাম থকা কেবাজনেও এই বৈঠকত অংশগ্ৰহণ নকৰে বুলি মুকলিকৈ জনাইছে। অৱশ্যে দুই এজনে এই বৈঠকত অংশ লোৱাৰ বাবে সন্মতিও প্ৰকাশ কৰিছে।

বিশেষ ব্যক্তিৰে চিআইডিৰ বৈঠক, যাব কোন...নাযায় কোন? ৰাহুল গৌতমে কলে চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক

চিআইডিৰ বৈঠকলৈ কোন যাব?

Updated On: 

14 Oct 2025 13:35 PM

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা চিআইডিৰ বিশেষ তদন্তকাৰী গোটে আজি বিয়লি ৪ বজাত আহ্বান জনাইছে এখন বৈঠকৰ। এই বৈঠকলৈ ৰাজ্যৰ প্ৰায় ২০ গৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছিল। প্ৰথমে এই তালিকা ১৫ জনীয়া আছিল। য’ত নাম ৰাজ্যৰ ৰাজ্যৰ কেইজনমান সাংবাদিক, লেখক, ছাত্ৰ নেতাৰ। কিন্তু এতিয়া তালিকাত আৰু কেইটামান নাম সংযোজন হৈছে।

তালিকা প্ৰকাশৰ পাছতেই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। তালিকাত নাম থকা কেবাজনেও এই বৈঠকত অংশগ্ৰহণ নকৰে বুলি মুকলিকৈ জনাইছে। অৱশ্যে দুই এজনে এই বৈঠকত অংশ লোৱাৰ বাবে সন্মতিও প্ৰকাশ কৰিছে।

বন্ধ কোঠাত অনুষ্ঠিত কৰিব খোজা এই বৈঠকক লৈ বহুতেই সন্দেহো প্ৰকাশ কৰিছে। আনহাতে কালি চৰকাৰী সূত্ৰৰ পৰা জনোৱা মতে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত পৰামৰ্শ গ্ৰহণৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। তাতেই উপস্থিত ব্যক্তিসকলক মৰণোত্তৰ পৰীক্ষা তথা ভিচেৰা প্ৰতিবেদন সন্দৰ্ভত দুই এটা প্ৰাৰম্ভিক তথ্য় প্ৰদান কৰা হ’ব।

এই তালিকাত কাৰ কাৰ নাম আছিল?

এছ আই টিৰ বৈঠকলৈ আমন্ত্ৰিত ব্যক্তিসকলৰ তালিকাত আছে- ডাঃ হিতেশ বৰুৱা, জাৰিৰ হুছেইন, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা, সমীৰণ ফুকন, মনোজ কুমাৰ গোস্বামী, ৰাহুল গৌতম শৰ্মা, শ্যামন্তক গৌতম, ৰামানুজ দত্ত চৌধুৰী, ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, অতনু ভূঞা, অনুৰাধা শৰ্মা পূজাৰী, সঞ্জীৱ ফুকন, ৰাজদ্বীপ বাইলুং বৰুৱা। নতুনকৈ সংযোজন হোৱা নামৰ ভিতৰত অদীপ ফুকন, প্ৰাণজিৎ শইকীয়া, ধৈৰ্য হাজৰিকা, শিৱানু বৰা, মৃণাল তালুকদাৰ, ডাঃ শুভ্ৰকিংকৰ গোস্বামী আৰু প্ৰাঞ্জল শইকীয়াৰ নাম পোৱা গৈছে।

কোন কোন নাযায় বৈঠকলৈ?

এছ আই টিৰ বৈঠকলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। ফেচবুকত এই সন্দৰ্ভত এক মন্তব্য প্ৰকাশ কৰিছে লেখকগৰাকীয়ে। তেওঁ নিজৰ লেখাটোত উল্লেখ কৰে যে, নিমন্ত্ৰণ জনাবলৈ পোন কৰাৰ সময়তেই তেওঁ এই নিমন্ত্ৰণ নাকচ কৰে। নিজকে বিশিষ্ট ব্যক্তি নহয় বুলিও দাবী কৰে লেখকগৰাকীয়ে। লেখিকা একেদৰে অনুৰাধা শৰ্মা পূজাৰীয়েও এই বৈঠকত অংশগ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে।

একেদৰে ৰাজ্যৰ এগৰাকী অন্যতম সাংবাদিক-সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাও এই বৈঠকত উপস্থিত নাথাকে। সম্পাদকজনে সামাজিক মাধ্যম ফেচবুকত নিজৰ সিদ্ধান্ত জনাই এক পোষ্ট কৰে।

সেই পোষ্টটোত তেওঁ লিখিছে, “প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছৰে পৰা এগৰাকী দায়বদ্ধ সংবাদকৰ্মী হিচাপে আমি নিৰন্তৰ ন্যায়প্ৰাপ্তিৰ যুঁজখনৰ ওপৰত চকু ৰাখিছোঁ আৰু সকলো দিশৰ ওপৰত আইনী বিশেষজ্ঞ, চিকিৎসক, সমালোচক আৰু দল-সংগঠন তথা পৰিয়ালৰ লোকসকলৰ কথাবোৰ ND24ৰ জৰিয়তে দৰ্শকৰ সন্মুখলৈ লৈ আহিছোঁ ৷ আমি কোনো আইনী পৰামৰ্শদাতাও নহয়,স্বাস্থ্য বিশেষজ্ঞও নহয় অথচ কাইলৈ অনুষ্ঠিতব্য SITৰ এখন বৈঠকলৈ আমাক আমন্ত্ৰণ জনোৱা হৈছে৷ কিন্তু কি ‘যোগ্যতা’ৰ ভিত্তিত সেয়া আমি নাজানোঁ ৷ এই বৈঠকলৈ আমি যোৱাৰ কোনো অৱকাশ বিচাৰি পোৱা নাই ৷ গতিকে নাযাওঁ ৷ আইনৰ ওপৰত আমাৰ আস্থা আছে৷আইনে নিজৰ বাট বোলক ৷ আমাৰ সিদ্ধান্ত একান্তই ব্যক্তিগত ৷”

এছ আই টিৰ বৈঠকলৈ নাযায় ৰাহুল গৌতম শৰ্মা। জুবিন গাৰ্গে পুত্ৰ দৰে জ্ঞান কৰা তথা জুবিন গাৰ্গৰ পুত্ৰধৰ্ম পালন কৰি মুখাগ্নি কৰা ৰাহুল গৌতম শৰ্মাই ফেচবুকত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইদৰে- “জুবিন গাৰ্গক ন্যায় দিয়ক। তদন্তকাৰী সংস্থাই আদালতত নিখুঁত প্ৰতিবেদন দাখিল কৰক। তাৰ বাহিৰে বেলেগ কথা আমি নেপাতো দিয়ক। চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক।”

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও এই বৈঠকত উপস্থিত নথকাৰ কথা জনোৱা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে সংগঠনটোৱে নিজৰ স্থিতি স্পষ্ট কৰি দিছে। আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনক বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু বিশিষ্ট আইনজ্ঞৰ পৰামৰ্শক্রমে এই বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ছাত্ৰ সন্থাই।

সাংবাদিক-সম্পাদক প্ৰাণজিৎ শইকীয়াই কয়, “জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰি থকা SITৰ মূৰব্বী, SDGP মুন্না প্ৰসাদ গুপ্তাই পুলিচ গেষ্ট হাউছত আয়োজন কৰা একাংশ লোকৰ বৈঠকখনলৈ আমন্ত্ৰণ জনাই ফোন কৰিছিল ৷ মই তেখেতক সুধিলো- বৈঠকত আপোনালোকে কোৱা কথাখিনি মই কেমেৰাত ৰেকৰ্ড কৰি সম্প্ৰচাৰ কৰিব পাৰিম নে? তেখেতে জনালে- কেমেৰাত নহয়, ব্যক্তিগতভাৱেহে তেখেতসকলে আমাৰ পৰামৰ্শ ল’ব বিচাৰিছে ৷ মই বিনয়েৰে জনালো- এই তদন্তত সহায়ক হ’ব পৰাকৈ আমাৰ মনত উদয় হোৱা আৰু জনতাই আমাক কোৱা কথাবোৰ মই নিজা মাধ্যমত আমাৰ চেনেলত জনায়েই আছো, তাতকৈ নতুন পৰামৰ্শ বন্ধ কোঠাৰ ভিতৰত দিব লগাকৈ মোৰ হাতত সদ্যহতে নাই ৷ যদি তেনে তথ্য কিবা আহে মই নিজেই গৈ আপোনালোকৰ হাতত দিম ৷ গতিকে এই বৈঠকত মোৰ অংশগ্ৰহণে তদন্তত কোনো বিশেষ সহায় কৰিব বুলি মই অনুভৱ কৰা নাই ৷ এই কথাখিনি জনাই মই বৈঠকত উপস্থিত থাকিব নোৱাৰিম বুলি তেখেতক জনালোঁ।”

ইফালে ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়েও এই বৈঠকত অংশগ্ৰহণ নকৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

বৈঠকলৈ যাব কোন?

এইসকল ব্যক্তিয়ে অসম আৰক্ষীৰ অতিথিশালাত অনুষ্ঠিত হ’বলগীয়া বৈঠকত অংশগ্ৰহণ নকৰে যদিও ৰাজ্যৰ আন এগৰাকী সাংবাদিক অতনু ভূঞাই অৱশ্যে বৈঠকত অংশগ্ৰহণ কৰিব বুলি জনাইছে।

তেওঁ নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে কয়, “কাইলৈ SITএ মোকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ১৫ জন ব্যক্তিক জুবিন গাৰ্গৰ মৃত্যু ৰহস্য তদন্তৰ বিষয়ে অৱগত কৰিবলৈ এখন বৈঠকৰ আহ্বান কৰিছে ৷ এই বৈঠকলৈ যাবলৈ মোৰ সৎ সাহস আছে ৷ মই কোনো নিজা ৰায় নোহোৱাকৈ এজন সাংবাদিক হিচাপে যাম ৷ সমগ্ৰ অসমবাসীয়ে জুবিনৰ মৃত্যু ৰহস্যৰ বিষয়ে জানিবলৈ অতি উদগ্ৰীৱ হৈ আছে ৷ মই অসমবাসীৰ প্ৰতিনিধি নহ’লেও জুবিনৰ অন্তৰংগ বন্ধু হিচাপে SITএ জনাব খোজা কথাখিনি শুনি সেয়া অসমবাসীক অৱগত পৰাৰ চেষ্টা কৰিম ৷ ৰাইজৰ উৎকণ্ঠাৰ অৱসান ঘটাব পৰা কথাখিনি ৰাইজক জনোৱাটো সাংবাদিক হিচাপে মোৰ দায়িত্ব আৰু কৰ্তব্য ৷ SITৰ সন্মুখত উপস্থিত হ’ব নোৱাৰাকৈ মই কাপুৰুষ নহয় ৷”

ৰাজ্য়ৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক শিবানু বৰাও সাজু হৈছে এই বৈঠকত অংশ ল’বলৈ। তেওঁ ফেচবুকত এক পোষ্টযোগে কয়, “মই যিটো অৱস্থাত আজি যাবলৈ ওলাইছো, সেইটো অৱস্থাত বহুতেই নগ’লহেঁতেননে। কিন্তু আমাক জুবিনৰ ন্যায় লাগিবই। সেয়ে যাম।”

অৱশ্যে এই সন্দৰ্ভত সংবাদিক তথা সম্পাদক মনোজ কুমাৰ গোস্বামী, জাৰিৰ হুছেইন, সঞ্জীৱ ফুকন, ডাঃ হিতেশ বৰুৱা, শ্যামন্তক গৌতম আৰু ৰামানুজ দত্ত চৌধুৰীৰ স্থিতি জানিব পৰা হোৱা নাই। একেদৰে অদীপ ফুকন, ধৈৰ্য হাজৰিকা, মৃণাল তালুকদাৰ আৰু প্ৰাঞ্জল শইকীয়াৰ উপস্থিতি বা অনুপস্থিতিৰ সিদ্ধান্তৰ বিষয়েও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এই বৈঠকত কি আলোচনা হয়, বা উপস্থিত ব্যক্তিসকলক চিআইডিয়ে কি তথ্য প্ৰদান কৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব।

 

লিভাৰ দুৰ্বল হ’লে ছালত এই ধৰণৰ লক্ষণে দেখা দিয়ে
নহৰুৰ স্বাস্থ্য উপকাৰিতা : দৈনিক নহৰু খালে কি হয় ? জানক
সাৱধান, দীপাৱলীৰ সময়ত এই কাম কৰাটো অত্যন্ত অশুভ, হেৰুৱাব সুখ!
জীৱনত হ'ব সমস্যা! ভুলতো এনে লোকক নকৰিব সহায়, জানক...