গুৱাহাটীৰ গণেশপাৰাৰ ডকাইতি কাণ্ডত জড়িত থকাৰ সন্দেহত ৩ জনক আটক

সোমবাৰে নিশা গণেশপাৰাত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতিৰ ঘটনা। ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত হৈছিল ডকাইতিৰ ঘটনা। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

গুৱাহাটীৰ গণেশপাৰাৰ ডকাইতি কাণ্ডত জড়িত থকাৰ সন্দেহত ৩ জনক আটক

মহানগৰীৰৰ ডকাইতি কাণ্ড

Updated On: 

22 Jan 2026 | 09:48 AM

আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত। বৰপেটা জিলাৰ পৰা আটক কৰা হৈছে ৩ অভিযুক্তক। সোমবাৰে নিশা গণেশপাৰাত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতিৰ ঘটনা। ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত হৈছিল ডকাইতিৰ ঘটনা। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

গণেশপাৰাৰ স্নেহাশ্ৰয় নামৰ অট্টালিকাত সংঘটিত হৈছিল এই ঘটনা। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত চাৰিজনীয়া এটা ডকাইতৰ দলে চিনেমাৰ কায়দাৰে চলাইছিল এই তাণ্ডৱ। দলটোৱে ঘৰটোত লুটপাত চলোৱাৰ লগতে পৰিয়ালটোৰ সদস্যৰ ওপৰতো ভয়ানক আক্ৰমণ চলায়।

ঘটনাৰ সময়ত ব্যৱসায়ী অনিল ডেকা বহিঃৰাষ্ট্ৰত অধ্যয়নৰত নিজ কন্যাক থ’বলৈ বিমানবন্দৰলৈ গৈছিল। ঘৰত কেৱল তেওঁৰ পত্নী কৰবী ডেকা আৰু গাড়ী চালকজন উপস্থিত আছিল। সেই সুযোগতে এখন বগা ৰঙৰ ‘চুইফট ডিজায়াৰ’ বাহনত অহা চাৰিজনীয়া মুখমণ্ডলত ক’লা কাপোৰ পৰিহিত ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰে।

প্ৰায় ৪০ মিনিট ধৰি ঘৰটোৰ ভিতৰত ডকাইতৰ দলটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে। ডকাইতকেইজনে পিষ্টল আৰু চোকা অস্ত্ৰৰে অনিল ডেকাৰ পত্নী আৰু চালকজনক আক্ৰমণ কৰে। আনকি ডকাইতৰ দলটোৱে কৰবী ডেকাৰ মুখত পিষ্টল সুমুৱাই দি প্ৰাণে মৰাৰ ভাবুকি দি আলমাৰিৰ চাবি কাঢ়ি লয়। অৱশ্যে আটক কৰা অভিযুক্ত কেইজনক লৈ এতিয়া নিশ্চিত নহয় আৰক্ষী। তদন্তৰ অন্তত হে সঠিক তথ্য পোহৰলৈ আহিব।

অমিতাৰ গুটি চোবাই খোৱাৰ উপকাৰিতা জানেনে?
২৩ জানুৱাৰীত ডাঙৰ সংযোগ! এই ৩ ৰাশিৰ বাবে শুভ...
ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাৰ ৫টা ঘৰুৱা উপায়...
মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি? জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...