Chilarai Diwas 2025: আজি বীৰ চিলাৰায় দিৱস, ৰাজ্যজুৰি শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ চিলাৰায়ক স্মৰণ…

আজি ৰাজ্যত উদযাপন কৰা হৈছে বীৰ চিলাৰায় দিৱস। চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে কোঁচ ৰাজবংশৰ শুক্লধ্বজৰ নাম চিলাৰায় হোৱা বুলি লিপিবদ্ধ আছে বুৰঞ্জীৰ পৃষ্ঠাত৷ তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাই বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল কোঁচ  সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক।ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত অমৰ ধৰ্মীয় গ্ৰন্থৰাজি ৰচনা কৰিবলৈ সক্ষম হৈছিল শংকৰদেৱে।

Chilarai Diwas 2025: আজি বীৰ চিলাৰায় দিৱস, ৰাজ্যজুৰি শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ চিলাৰায়ক স্মৰণ...

আজি বীৰ চিলাৰায় দিৱস

Updated On: 

12 Feb 2025 10:33 AM

বীৰ চিলাৰায় দিৱস উপলক্ষে আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে বীৰ চিলাৰায়ক। প্ৰতি বছৰে মাঘী পূৰ্ণিমাত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় এই দিৱস। বীৰ যোদ্ধা মহাবীৰ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমেৰে ধন্য কৰিছে অসম ভূমি। বীৰ চিলাৰায়ৰ পৃষ্ঠপোষকতাত অসমৰ সমাজ জীৱনত সূচনা হৈছিল এক নতুন যুগৰ। যাৰ বাবে বীৰ চিলাৰায়ক স্মৰণ কৰি ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে চিলাৰায় দিৱস।

২০০৫ চনৰে পৰা চিলাৰায়ৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰি আহিছে অসম চৰকাৰে।চিলাৰায় দিৱসটো ঘোষণা কৰা হৈছে ৰাজ্যিক বন্ধৰ দিন হিচাপে। এই দিৱসতে বিভিন্ন ক্ষেত্ৰত সাহসিকতাৰ পৰিচয় দিয়া বিশেষ ব্যক্তিক চৰকাৰীভাৱে প্ৰদান কৰা হয় বীৰ চিলাৰায় বঁটা। ইয়াৰ বাহিৰেও বীৰ চিলাৰায়ৰ স্মৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ।

ইফালে সামাজিক মাধ্যমযোগে জন্মজয়ন্তীত বীৰ চিলাৰায়ক সোঁৱৰিছে বিভিন্নজনে। এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “অসম বুৰঞ্জীৰ অন্যতম অমৰ চৰিত্ৰ চিলাৰায়ৰ সাহস, বীৰত্ব আৰু পাৰদৰ্শিতাই যুগে যুগে আমাৰ উত্তৰপুৰুষক অনুপ্ৰাণিত কৰি আহিছে৷ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে কোঁচ ৰাজবংশৰ শুক্লধ্বজৰ নাম চিলাৰায় হোৱা বুলি বুৰঞ্জীৰ পৃষ্ঠাত লিপিবদ্ধ আছে৷ ইয়াৰ পৰাই বুজা যায় অসীম বীৰত্ব তথা শৌৰ্য-বীৰ্যৰে মহীয়ান আমাৰ অসম সন্তানৰ দুৰ্জেয় সাহসৰ কথা৷ আজি চিলাৰায় জয়ন্তীত মহান কোঁচ সেনাপতিগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷ সূৰ্য, নদী, পাহাৰ থকালৈকে বিশ্ব-বীৰ চিলাৰায়ক প্ৰতি অসমীয়াই শ্ৰদ্ধাৰে স্মৰণ কৰিব৷”

বীৰ চিলাৰায়ক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে,  “মহান কোচ সেনাপতি বীৰ চিলাৰায়ক আজি তেখেতৰ পুণ্য জয়ন্তীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। মহাবীৰজনাৰ পৰাক্ৰম, ৰণকৌশল আৰু বৰ্ণিল জীৱনগাথা যুগ-যুগান্তৰলৈ অসমীয়া জাতিৰ গৌৰৱ, সাহস আৰু অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।”

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই লিখিছে, “জয় শুক্লধ্বজ সিংহৰ জয়!আমাৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, জাতিটোৰ সাহস, আমাৰ সংস্কৃতিৰ ধ্বজাবাহক বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ এই পৱিত্ৰ ক্ষণত মহান বীৰগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মহনায়ক গৰাকীৰ অকথিত বহু বিষয় আমি নৱ-প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ আৱশ্যকতা অনুভৱ কৰিছোঁ, আমাৰ নৱ প্ৰজন্মই মহান বীৰজনাৰ অদ্বিতীয় যুদ্ধ কৌশল আৰু দক্ষ পৰিচালনাৰ বিভিন্ন দিশ আয়ত্ত কৰাটো হ’ব জাতিটোৰ বাবে ৰক্ষা কৱচ।”

১৫১০ খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰা বীৰ চিলাৰায়ৰ পিতৃ আছিল ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু মাতৃ আছিল পদ্মাৱতী।  বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ।  ইয়াৰ উপৰিও তেওঁক সংগ্ৰাম সিংহ, শুল্কধ্বজ, সমৰ সিংহ, নৃপতি প্ৰধান, ৰজা চিলাৰায়, চোটৰাজা, ৰাজা শুল্কধ্বজ আদি নামেৰেও জনা গৈছিল। শ্ৰীমন্ত শংকৰদেৱে তেওঁক নাম দিছিল ‘পৰমৰসিক গুৰু ৰজা শুল্কধ্বজ’।চিলাৰায়ে শুকুলা বস্ত্ৰ পৰিধান কৰি হাতত শুকুলা ধ্বজা লৈ শুকুলা ঘোঁৰাত উঠি ৰণক্ষেত্ৰত নেতৃত্ব দিয়া বাবে শুল্কধ্বজ নামেৰেও তেওঁ জনাজাত। এডৱাৰ্ড গেইট চাহাবে চিলাৰায়ক ‘কাইট কিং’ নামেৰে অভিহিত কৰিছিল।
 ভাতৃ তথা ৰজা নৰনাৰায়ণৰ ৰাজসভাৰ সেনাপতি আছিল বীৰ চিলাৰায়। চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে কোঁচ ৰাজবংশৰ শুক্লধ্বজৰ নাম চিলাৰায় হোৱা বুলি বুৰঞ্জীৰ পৃষ্ঠাত লিপিবদ্ধ আছে৷ তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাই বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল কোঁচ  সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক।ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত শংকৰদেৱে তেওঁৰ অমৰ ধৰ্মীয় গ্ৰন্থৰাজি ৰচনা কৰিবলৈ সক্ষম হৈছিল।
যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পোৱা হ’ল, তেতিয়া শংকৰদেৱক প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হ’ল। ইফালে ৰজা নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিছিল, চিলাৰায়ে গুৰুজনাক নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে নৰনাৰায়ণে শংকৰক আদৰ কৰিবলগীয়াত পৰিল। তাৰ পাছত শংকৰদেৱৰ গুণ-গৰিমাত মোহিত চিলাৰায় সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত ৰাখে। তাৰ পাছত, শংকৰদেৱে তেওঁলোকৰ সহযোগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে।  ১৫৭১ খ্ৰীষ্টাব্দত গংগাতীৰত বসন্ত ৰোগত মৃত্যু হয় চিলাৰায়ৰ।

 

সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor
গৰমৰ দিনত এই পদ্ধতিৰে কৰক আপোনাৰ ছালখন কোমল আৰু উজ্জ্বল!