তেজপুৰ বিশ্ববিদ্যালয়ত অৰাজকতা, ইজনৰ পিছত সিজন পদাধিকাৰীৰ ইস্তফা!

উপাচাৰ্য শম্ভূ নাথ সিঙৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, ছাত্র সমাজ আৰু প্ৰশাসনিক বিভাগৰ লগতে শেহতীয়াকৈ সুৰক্ষা বাহিনীয়ে আৰম্ভ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। তাৰ মাজতে পোহৰলৈ আহিছে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ এক অন্য প্ৰতিচ্ছবি।

তেজপুৰ বিশ্ববিদ্যালয়ত অৰাজকতা, ইজনৰ পিছত সিজন পদাধিকাৰীৰ ইস্তফা!

তেজপুৰ বিশ্ববিদ্যালয়

Published: 

18 Oct 2025 | 05:35 PM

অথন্তৰে দেখা দিছে ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ বলিদানৰ পটভূমিত স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত। উপাচাৰ্য শম্ভূ নাথ সিঙৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, ছাত্র সমাজ আৰু প্ৰশাসনিক বিভাগৰ লগতে শেহতীয়াকৈ সুৰক্ষা বাহিনীয়ে আৰম্ভ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। তাৰ মাজতে পোহৰলৈ আহিছে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ এক অন্য প্ৰতিচ্ছবি।

যোৱা ২৪ ছেপ্টেম্বৰ পুৱা ইস্তফা দিয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া সমৰেশ বৰ্মনে। বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ব্যক্তিকেন্দ্ৰিক স্বার্থক প্ৰাধান্য দিয়াৰ লগতে অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন নকৰা কাৰ্যত ক্ষোভিত হয় চাকৰিৰ পৰা ইস্তফা দিয়া বুলি কয় বৰ্মনে।

বিয়লিলৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূ নাথ সিঙৰ পদত্যাগৰ দাবীও উত্থাপন হয়। এইয়াই পদত্যাগৰ আৰম্ভণি। আনহাতে বৰ্মনৰ ইস্তফাপত্ৰ এই মুহূৰ্ততলৈ গ্ৰহণ কৰা নাই আৰু তাৰ কাৰণো জনোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে তেওঁ।

ইফালে ১৫ অক্টোবৰ তাৰিখে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক প্ৰীতম দেবে বিশ্ববিদ্যালয়ৰ মেইলত তেওঁৰ ইস্তফাপত্ৰ প্ৰেৰণ কৰে ভাৰপ্ৰাপ্ত উপাচাৰ্যলৈ। তেওঁৰ পদত্যাগ গ্ৰহণ কৰি পৰৱৰ্তী দায়িত্ব প্ৰফেছৰ চন্দন গোস্বামীক অৰ্পণ কৰা হয় যদিও, গোস্বামীয়ে এই দায়িত্ব গ্ৰহণ কৰিবলৈ অমান্তি হোৱা বুলি জানিব পৰা গৈছে ।

আনহাতে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য প্ৰফেছৰ আৰ আৰ হকে দায়িত্ব ত্যাগ কৰাৰ যি খবৰ প্ৰকাশ পাইছিল সেয়া নস্যাত কৰিছে বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সভাপতি কুসুম বণিয়াই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...