বান-ভূমিস্খলনত ক্ষতিগ্ৰস্ত অসমৰ বাবে অতিৰিক্ত সাহায্য মুকলি কেন্দ্ৰৰ…

২০২৪ চনত বান আৰু ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতিসাধন হোৱা অসম আৰু গুজৰাটৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭০৭.৯৭ কোটি টকাৰ অতিৰিক্ত আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ কমিটীয়ে ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়নৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে।

বান-ভূমিস্খলনত ক্ষতিগ্ৰস্ত অসমৰ বাবে অতিৰিক্ত সাহায্য মুকলি কেন্দ্ৰৰ...
Published: 

07 Oct 2025 | 08:34 PM

অসম আৰু গুজৰাটৰ বান পৰিস্থিতিৰ বাবে ৭০৭.৯৭ কোটি টকাৰ অতিৰিক্ত সাহায্য মুকলি কৰি দিছে কেন্দ্ৰই। এক বিবৃতিৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। কোৱা হৈছে যে,২০২৪ চনত বান আৰু ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতিসাধন হোৱা অসম আৰু গুজৰাটৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭০৭.৯৭ কোটি টকাৰ অতিৰিক্ত আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ কমিটীয়ে ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়নৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, এই ধনৰাশি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ(NDRF) পৰা প্ৰদান কৰা হ’ব যাতে দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহত সাহায্য অভিযান আৰু পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত সুবিধা হয়। অৱশ্যে এই ব্যয়ৰ বাবে বছৰটোৰ বাবে প্ৰতিখন ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিত (SDRF) উপলব্ধ মুকলি বেলেঞ্চৰ ৫০% সমান কৰ্তন কৰা হ’ব।

মুঠ সাহায্যৰ ভিতৰত অসমে লাভ কৰিব ৩১৩.৬৯ কোটি টকা, আনহাতে গুজৰাটক ৩৯৪.২৮ কোটি টকা আবণ্টন দিয়া হ’ব। এই পেকেজৰ উদ্দেশ্য হৈছে পুনৰুদ্ধাৰ ত্বৰান্বিত কৰা, জটিল আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, সংস্থাপনত সহায় কৰা আৰু দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত লোকৰ জৰুৰী প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা।

বিগত এটা বছৰত অসম আৰু গুজৰাটে ভয়াৱহ বান আৰু ভূমিস্খলনৰ সন্মুখীন হৈ আহিছে। ফল ঘৰ-বাৰী, পথ, কৃষিভূমি, ৰাজহুৱা আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে। এই সাহায্যই দুৰ্যোগত ক্ষতি হোৱাৰ অঞ্চলসমূহত দ্ৰুত পুনৰ্বাসন নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰ ধন্যবাদ জনাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতে দুৰ্যোগ প্ৰতিৰোধৰ বাবে আন্তঃগাঁথনিৰ সৃষ্টি কৰি আছে আৰু দুৰ্যোগৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত সকলো ৰাজ্যকে সহায়ৰ হাত আগবঢ়াই আহিছে।”

“২০২৪ চনৰ বান পৰিস্থিতিৰ বাবে অতিৰিক্ত কেন্দ্ৰীয় সাহায্য হিচাপে অসমলৈ ৩১৩.৬৯ কোটি টকা মুকলি কৰি দিয়াৰ হেতু গৃহমন্ত্ৰী অমিত শ্বাহলৈ ৰাজ্যবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...