আকৌ চৰ্চাত লীনা দলে, মাতৃ-কন্যাৰ বিৰুদ্ধে দিল্লী বিশ্ববিদ্যালয়ৰ গোচৰ

শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ জালিয়াতিৰ তথ্য। তাৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পৰামৰ্শ আগবঢ়াইছে আয়োগে। ইতিমধ্যে দিল্লীৰ মৰিছ নগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে।

আকৌ চৰ্চাত লীনা দলে, মাতৃ-কন্যাৰ বিৰুদ্ধে দিল্লী বিশ্ববিদ্যালয়ৰ গোচৰ

Ssp Leena Doley

Updated On: 

29 Sep 2025 | 07:49 AM

পুনৰ বিপদত পৰিব নেকি SSP লীনা দলে? লীনা দলেৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। কন্যাৰ নামৰ ভুৱা জাতিগত প্ৰমাণ-পত্ৰ উলিয়াই ৰোষত পৰিছে  জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী। জানিব পৰা মতে কন্যাৰ নামত STৰ ভুৱা প্ৰমাণ-পত্ৰ উলিয়াইছিল লীনা দলে। সেই ভুৱা STৰ প্ৰমাণ-পত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভর্তি কৰোৱাইছিল কন্যাৰ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ জালিয়াতিৰ তথ্য। তাৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পৰামৰ্শ আগবঢ়াইছে আয়োগে। ইতিমধ্যে দিল্লীৰ মৰিছ নগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে। ইফালে লীনা দলেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ অসম চৰকাৰক।

উল্লেখ্য যে, পূৰ্বেও কেইবাটাও বিতৰ্তক সোমাই পৰিছিল লীনা দলেৰ নাম। কিছুদিন পূৰ্বে শাস্তিমূলক বদলিৰ সন্মুখীন হৈছিল জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে। যোৱা ১০ ছেপ্টেম্বৰত ধুবুৰীত কোচ ৰাজবংশীয়ে জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

য’ত আৰক্ষীৰ প্ৰহাৰত বহু প্ৰতিবাদকাৰী আহত হৈছিল।  এই ঘটনাৰ সৈতে জড়িতসকলৰ কঠোৰ শাস্তি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আক্ৰাছুৱে তাৰ পিছতে  লীনা দলেক শাস্তিমূলক বদলিৰ জাননী জাৰি কৰে গৃহ বিভাগেইয়াৰ উপৰিও আৰক্ষী উপ-পৰিদৰ্শন জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খাইছিল লীনা দলেৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...