BTR নিৰ্বাচনঃ ২ গৰাকী বিধায়কসহ ১৮জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ UPPL ৰ…

BTR ৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে UPPL য়ে। ২গৰাকী বিধায়কসহ ১৮ গৰাকীকৈ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ দলটোৰ।

BTR নিৰ্বাচনঃ ২ গৰাকী বিধায়কসহ ১৮জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ UPPL ৰ...

প্ৰমোদ বড়ো

Updated On: 

22 Aug 2025 10:15 AM

বিটিআৰত নিৰ্বাচনৰ ৰণশিঙা বজালে UPPL য়ে। বি পি এফৰ পাছতে এইবাৰ ইউ পি পি এলে নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। ২ গৰাকী বিধায়কসহ ১৮ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে দলটোয়ে। বিটিআৰৰ শাসকীয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। কোকৰাঝাৰ চহৰৰ থানাপাৰাস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰা হয় প্ৰথমখন প্ৰাৰ্থীতালিকা।

সংবাদ মেলত তালিকা ঘোষণা কৰে ক্ৰমে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে। এই সময়ত সাংসদ ৰণগৌড়া নাৰ্জাৰীৰ লগত উপস্থিত থাকে UPPL ৰ মহিলা গোটৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, সম্পাদক উইলছন হাছদা ৷

UPLL য়ে ২ গৰাকীকৈ বিধায়কক দিয়ে BTR নিৰ্বাচনৰ প্ৰাৰ্থিত্ব। বিধায়ক তথা অসম বিধানসভাৰ UPPLৰ বিধায়িনী দলৰ দলপতি লৰেন্স ইছলাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে দলটোয়ে ৷ শালাকাটী পৰিষদীয় সমষ্টিৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰে। ইয়াৰ বিপৰীতে তামুলপুৰৰ বিধায়ক জোলেন দৈমাৰীক দৰঙাজুলিত প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। লগতে BPF দলৰ পৰা UPPL ত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক কাজলগাঁওত দলীয় টিকেট দিয়ে দলটোয়ে।

প্ৰাৰ্থিত্ব লাভ কৰা বাকীকেইজন

  • উইলচন হাচদা- ৩ নং শ্ৰীৰামপুৰ
  • চৰনজিত বসুমতাৰী- ৪নং যমদুৱাৰ
  • ৰাজু কুমাৰ নাৰ্জাৰী-৫নং চৰাবিল
  • আফজল হক সৰকাৰ- ৭নং ফকিৰগ্ৰাম
  • ৰবিৰাম ব্ৰহ্ম-৯ নং বনৰগাঁও
  • ৰঞ্জিত বসুমতাৰী-১১ নং বাউখুনগ্ৰী
  • লৰেঞ্চ ইছলেৰী- ১২ নং চালেকাটী
  • চেইখং বসুমতাৰী- ১৩ নংচিৰাং
  • চন্দন ব্ৰহ্ম- ১৫নং কাজলগাঁও
  • ধনঞ্জয় বসুমতাৰী- ১৮নং মানস চেৰফাং
  • মন্তু বড়ো- ২২ নং ককলাবাৰী
  • ৰাকেশ ব্ৰহ্ম- ২৪নং মুছলপুৰ
  • কাটিৰাম বড়ো-২৫নং বাগানপাৰা
  • জলেন দৈমাৰী- ২৬ নং দৰংগাজুলি
  • ৰবিন বালা বিশ্বাস-২৭নং নাগ্ৰীজুলি
  • প্ৰদীপ নাৰ্জাৰী-২৯ নং চুকলাই চেৰফাং
  • ৰাজগুৰু মুছাহাৰী- ৩৭ নং ধনশ্ৰী
  • ডাঃ নিতুল স্বৰ্গীয়াৰীঃ ৪০নং ৰাওটা

 

অন্য খবৰ পঢ়কঃ এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ পৰা আমেৰিকাৰ ক্ষোভলৈ! পুৱাৰ খবৰ…

দল ঘোষণাৰ পিছতো হ’ব পাৰে পৰিৱৰ্তন, বিচিচিআইৰ সিদ্ধান্তৰ পিছত দলত স্থান পাব ৰাহুল আৰু চিৰাজে!
ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব দৰিদ্ৰতাই!
বৃক্কত সমস্যা হ'লে দেখা দিয়ে এই ৭ টা লক্ষণ! জানক বিশেষজ্ঞৰ পৰা...
বছৰৰ দ্বিতীয় সূৰ্য গ্ৰহণ অশুভ এই ৰাশিৰ লোকৰ বাবে! জানক...