BTR Election 2025: বিজেপি শাসনলৈ আহিলে বন্ধ হ’ব VCDC ৰ দালালৰাজ ! বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ মন্তব্য…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলটোক বিটিচিৰ ৰাইজৰ মাজলৈ লৈ যোৱা চেষ্টা কৰিছে। পূৰ্বৰ দৰে আজি কোকৰাঝাৰত দুটা পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী শৰ্মাই।

BTR Election 2025: বিজেপি শাসনলৈ আহিলে বন্ধ হব VCDC ৰ দালালৰাজ ! বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ মন্তব্য...

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

25 Aug 2025 20:03 PM

সকলোৰে চকু এইবাৰ বিটিআৰ নিৰ্বাচনৰ ওপৰত। এইবাৰ অকলেই বিটিআৰ নিৰ্বাচনী যুঁজত নামিছে বিজেপি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলটোক বিটিচিৰ ৰাইজৰ মাজলৈ লৈ যোৱা চেষ্টা কৰিছে। পূৰ্বৰ দৰে আজি কোকৰাঝাৰত দুটা পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কয়, “বিজেপি চৰকাৰ আহিলে বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব ৷ সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ’ব ৷ সকলোৱে সমান অধিকাৰ পাব ৷ সকলোৱে চৰকাৰী আঁচনিৰ সুবিধা পাব ৷” লগতে মুখ্যমন্ত্ৰীয়ে বিটিচিলৈ শান্তি ঘূৰি অহা বুলি পুনৰবাৰ দাবী কৰি কয় যে, “মই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা বিটিচিত এটাও গুলৰি শব্দ শুনা নাই ৷ এটাও বন্দুক নাই ৷ বন্দুক চলোৱা ল’ৰাই আজি খেতি কৰিছে ৷ ৰাজনীতি কৰিছে ৷”

তেওঁ আশ্বাস দিয়ে যে, “বিজেপিক চৰকাৰ চলোৱাৰ দায়িত্ব দিয়ক চৰকাৰী আঁচনি আৰু চাকৰি দিয়াৰ দায়িত্ব মোৰ ৷ ভিচিডিচিৰ দালালি নচলিব ৷ আঁচনিৰ বাবে ভিচিডিচিক ঘোচ দিব লাগে ৷ বিজেপি চৰকাৰ আহিলে ভিচিডিচিৰ দালালি বন্ধ হ’ব। ভিচিডিচি ভাঙিব হ’লে বিজেপি চৰকাৰত আহিব লাগিব ৷”

একে সময়তে তেওঁ কয়, “ৰাইজক আমি গণতান্ত্ৰিক অধিকাৰ ঘূৰাই দিলো ৷ আগতে বন্দুক দেখুৱাই ভোট খুজিছিল ৷ এতিয়া হাতযোৰ কৰি ভোট বিচাৰে ৷” এনটিপিচিত চতুৰ্থ শ্ৰেণীৰ চাকৰি স্থানীয় যুৱকে যাতে পায় তাৰ কাম কৰি দিম বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি আহিলে আৰু শক্তিশালি হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

ইয়াৰ লগতে তেওঁ কয় যে, এইবাৰ বিজেপিয়ে বিটিচি প্ৰচাৰ সভাত ৰাইজৰ ভাল সঁহাৰি লাভ কৰিছে। আগতকৈ বিজেপি সভাত মানুহ বেছি হৈছে, কম হোৱা নাই। আগতে বিপিএফ বা ইউপিপিএলৰ লগত বিজেপিয়ে সভা কৰিছিল। এইবাৰ অকলে প্ৰচাৰ চলাইছে। কিন্তু সভালৈ অহা মানে ভোট দিয়া নহয়, এই সকলো কথা বিশ্লেষণ কৰি প্ৰাৰ্থী ঘোষণা কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক