বিপিএফৰ জয় মানেই এন ডি এৰ জয়! হাগ্ৰামা মহিলাৰীক কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

BTC election result 2025: বড়ো ভূমিৰ ৰাইজক অভিনন্দন জনোৱাৰ লগতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকো অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে। বিজেপিয়ে আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলেও পাঁচখন আসন লাভ কৰা বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ।

বিপিএফৰ জয় মানেই এন ডি এৰ জয়! হাগ্ৰামা মহিলাৰীক কি কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

বিটিচি নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

Published: 

27 Sep 2025 17:40 PM

ঘোষণা হ’ল বিটিচি নিৰ্বাচনৰ ফলাফল। নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিটিচিৰ ২৮ খন আসন দখল কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে। বিটিচি নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰৰ বাবে বড়োভূমিৰ নিৰ্বাচনত নিৰ্বাচনৰ পূৰ্বে, নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ ফলাফলৰ পাছত হিংসাত্মক ঘটনা হোৱা নাই।

বড়ো ভূমিৰ ৰাইজক অভিনন্দন জনোৱাৰ লগতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকো অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে। বিজেপিয়ে আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলেও পাঁচখন আসন লাভ কৰা বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ।

জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে নিৰ্বাচনী ৰণভূমি এৰিব লগীয়া হোৱা বাবেই আকাংক্ষিত ফল লাভত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে কৰ্তব্যৰ খাতিৰত কেইখনমান আসন হেৰুৱাবলগীয়া হ’লেও জুবিন গাৰ্গৰ তুলনাত সেয়া একো নহয় বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: পুনৰ বিটিচিৰ মচনদ দখল হাগ্ৰামাৰ, ২৮ খন আসনেৰে নিৰংকুশ সংখ্যা গৰিষ্ঠতা, বিজেপি ৫খন আৰু ইউপিপিএল ৭ খনত সীমাবদ্ধ

মুখ্যমন্ত্ৰীয়ে কয়, “হাগ্ৰামা মহিলাৰী এন ডি এৰ অংশ। জয়ী হোৱাৰ পাছতে পুৱা ৪ বজাত তেওঁ মোৰ বাসভৱনলৈ আহিছিল। তেওঁ আমাক কৃতজ্ঞতা জনাইছে। তেওঁ কৈছে যে আমি একেলগে কাম কৰি যাম। তাত একো সমস্যা নাই। যোৱা পাঁচ বছৰ হাগ্ৰামা মহিলাৰীয়ে আমাৰ এন ডি এক সমৰ্থন কৰি আহিছে।”

“হাগ্ৰামাৰ বিজয়ো এন ডি এৰ বিজয়। আজি ৪০ খন আসনেই এন ডি এৰ হাতত আছে। বিপিএফে পোৱা খিনিও আমাৰ চীট, বিজেপিৰ খিনিও আমাৰ চীট আৰু ইউপিপিএলে পোৱাখিনিও আমাৰ চীট। আমাৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ কথাটো হ’ল বিপিএফ আৰু ইউপিপিএলক কেনেকৈ ওচৰ চপাই আনিব পাৰোঁ। বিজেপি আৰু এন ডি এ চৰকাৰে হাগ্ৰামা মহিলাৰীক সম্পূৰ্ণ সহায় কৰিব।” মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়।

তেওঁ আৰু কয় যে ৰাজনীতিতকৈও আমি জুবিনৰ ঘটনাটোক বেছি গুৰুত্ব দিলোঁ। আমি আধাতে প্ৰচাৰ এৰি আহিলোঁ, নহ’লে আমাৰো আসন ১০-১২ খন হ’লহেতেন।

শুকুৰবাৰে ভোটগণনা তথা ফলাফল ঘোষণা কৰা হয় যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিটিচি নিৰ্বাচনৰ। নিৰ্বাচনৰ ফলাফল অনুসৰি বিপিএফ দলে লাভ কৰিলে সৰ্বাধিক ২৮ খন আসন। ভাৰতীয় জনতা পাৰ্টীয়ে ৫ খন আসন লাভ কৰাৰ বিপৰীতে ৭ খন আসনতে সীমাবদ্ধ থাকিল প্ৰমোদ বড়োৰ ইউপিপিএল দল। ইফালে বিটিচিত আসন শূন্য হৈ ৰ’ল কংগ্ৰেছ।

বিটিচিৰ মুঠ আসনৰ সংখ্যা হৈছে ৪০ খন। চৰকাৰ গঠনৰ বাবে এটা দলক প্ৰয়োজন ২১ খন আসনৰ। বিজেপিয়ে অংক কৰিছিল নিজাকৈ পোৱা আসনৰ সৈতে ইউপিপিএল বা বিপিএফ কোনো এটা দলক লগত লৈ বিটিচিৰ শাসন উপভোগ কৰাৰ।

কিন্তু যি জনাদেশ বিটিচিৰ ৰাইজে দিলে, তাত গেৰুৱা দলটোৰ সপোন থানবান হৈ পৰিল। বিজেপি আৰু ইউপিপিএলৰ মুঠ আসন মিলালেও বিপিএফৰ আসনৰ আধাও নহয়। এনে পৰিপ্ৰেক্ষিতত এতিয়া বিপিএফক কোনো দ্বিতীয় পক্ষৰ সমৰ্থনৰ প্ৰয়োজন নহ’ব বিটিচিৰ ৰাজপাটত বহিবলৈ।

কেতিয়াও বিশ্বাস নকৰিব এই ৫ ধৰণৰ লোকক! অতি বিপজ্জনক...
সাধাৰণ ৰোগ বুলি যকৃতৰ কৰ্কট ৰোগৰ এই লক্ষণসমূহ কেতিয়াও আওকাণ নকৰিব
আপুনি জানেনে সুস্বাস্থ্যৰ বাবে এটা দিনত কেইটা কণী খাব পাৰে?
কণ্ডমৰ বিজ্ঞাপনত কেৱল জাহ্নৱী কাপুৰ! কোনে প্ৰকাশ কৰিলে এনে ইচ্ছা