BTC Election 2025: অন্তিম দিনটো বহু কেইগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন…

আজি বিটিচিৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল। অন্তিম দিনটোত বহু কেইগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। দ্বিতীয়টো সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে।

BTC Election 2025: অন্তিম দিনটো বহু কেইগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন...

বিটিচি নিৰ্বাচন

Published: 

02 Sep 2025 21:37 PM

২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ বাবে মঙলবাৰে দতমা সমষ্টিৰ পৰা ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ দ্বিতীয় দিনটোত হাজাৰ হাজাৰ ইউপিপিএলৰ সমৰ্থকৰ সৈতে প্ৰমোদ বড়োৱে দাখিল কৰে মনোনয়ন। সোমবাৰে তামুলপুৰৰ গয়বাৰী সমষ্টিৰ পৰা মনোনয় দাখিল কৰাৰ পিছত প্ৰমোদ বড়োৱে দ্বিতীয়টো সমষ্টিৰ বাবে আজি মনোনয় দাখিল কৰে।

ইফালে, বিপিএফৰ মুৰব্বী হাগ্ৰাম মহিলাৰীয়েও আজি দ্বিতীয়টো সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে। সোমবাৰে দিনটোত চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰাৰ পাছত আজি হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত হাজাৰ হাজাৰ সমৰ্থকে বিপিএফৰ মুৰব্বীগৰাকীক সংগ দিয়ে।

উল্লেখ্য যে, বিটিচি নিৰ্বাচনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইবাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি। একালৰ হাগ্ৰমাৰ সতীৰ্থ খাম্পা বৰগয়াৰীক প্ৰক্ষেপ কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে, আনহাতে বিপিএফৰ মুৰব্বী হাগ্ৰমা মহিলাৰী নিজে প্ৰতিদ্বন্দিতা কৰিব ওলাইছে উক্ত পৰিষদীয় সমষ্টিটোত। মনকৰিবলগীয়া যে, প্ৰমোদ বড়োৰ OSD ছাংগ্ৰাং ব্ৰহ্মই ইউপিপিএল দলৰ পৰা টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে কেইবা হেজাৰ সমৰ্থক লগত লৈ আজি চিৰাঙৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাকমূহুৰ্তত নিৰ্দলীয় প্ৰাৰ্থী ছাংগ্ৰাং ব্ৰহ্মই কয় যে, ৰাইজে বিচৰা বাবেই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিটিচিৰ দুই মহাৰথী খাম্ফা বৰগয়াৰী আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নিৰ্দলীয় প্ৰাৰ্থী ড৹ ছাংগ্ৰাং ব্ৰহ্মই বিশ হেজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী কৰে।

বিটিচি নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছৰ প্ৰাৰ্থী আবু বক্কৰ আলীয়ে দুই নম্বৰ গুমা পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। হাজাৰ হাজাৰ কৰ্মী আৰু সমৰ্থকৰ সৈতে মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে।

গোসাঁইগাঁৱত বিজেপিৰ চাৰিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয়। অসম কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত আজি বিটিচি নিৰ্বাচনৰ অন্তিম দিনত কোকৰাঝাৰ জিলাত মুঠ ৯ গৰাকী প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল কৰে। ঠিক একেদৰে মন্ত্ৰীগৰাকীয়ে আজি বিয়লি গোসাঁইগাঁৱত উপস্থিত হৈ ৪ গৰাকী প্ৰাৰ্থীৰ হৈ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ডাঙৰ কথাটো হ’ল, কংগ্ৰেছ নেতা গৰ্জন মুছাহাৰীয়ে ২ ছেপ্টেম্বৰ মঙলবাৰে দলৰ পৰা পদত্যাগ কৰি ৰাজ্য আৰু ৰাষ্ট্ৰীয় উভয় নেতৃত্বক মুকলিকৈ ক্ষোভ প্ৰকাশ কৰে। কোকৰাঝাৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলত পদত্যাগৰ কথা ঘোষণা কৰি মুছাহাৰীয়ে অসমৰ কংগ্ৰেছৰ ভিতৰৰ পৰিস্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ দলীয় নেতৃত্ব তৃণমূলৰ বাস্তৱতাৰ পৰা ক্ৰমান্বয়ে দূৰৈত থকাৰ অভিযোগ উত্থাপন কৰে। মুছাহাৰীৰ লগতে কোকৰাঝাৰ আৰু চিৰাং জিলা কংগ্ৰেছৰ কেইবাজনো জিলা পৰ্যায়ৰ নেতাইও পদত্যাগ ঘোষণা কৰে।

অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক
খাদ্যৰ পৰা দৈনন্দিন ৰুটিনলৈকে, কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?
নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...