কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ বিপিএফ নেতা চৰণ বড়োৰ

বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ নেতা চৰণ বড়োৱে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীগৰাকীক শপত গ্ৰহণ কৰায়।

কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ বিপিএফ নেতা চৰণ বড়োৰ
Updated On: 

18 Oct 2025 12:42 PM

বিটিচি নিৰ্বাচনৰ ফলাফলৰ পাছতে অসম মন্ত্ৰীসভাত কম সময়ৰ বাবে স্থান পালে বিপিএফৰ এগৰাকী বিধায়কে। সম্পূৰ্ণৰূপে অংশীদাৰ নহ’লেও এনডিএক সমৰ্থন আগবঢ়াই আহিছিল বিপিএফে। উল্লেখ্য যে, ২৬ ৰ পূৰ্বে বিপিএফৰ এজন বিধায়কক অসম মন্ত্ৰীসভাত স্থান দিয়াটো অসমৰ ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিঘটনা হিচাপে পৰিগণিত হৈছে।

আজি ১৮ অক্টোবৰ শনিবাৰে অসম ৰাজ্যিক মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতে বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ নেতা চৰণ বড়োৱে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত পুৱা ১১ বজাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীগৰাকীক শপত গ্ৰহণ কৰায়। উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীও উপস্থিত থাকে।

চৰণ বড়োক কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ লগে লগে বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ আনুষ্ঠানিকভাৱে শাসকীয় এন ডি এ মিত্ৰজোঁটৰ অংশীদাৰ হৈছে। উল্লেখ্য যে, কটন কলেজৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী চৰণ বড়োক বিপিএফৰ অন্যতম যুৱ নেতা হিচাপে গণ্য কৰা হয়। ২০১৬ চনত প্ৰথমবাৰৰ বাবে মাজবাট সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ২০২১ চনত পুনৰ নিৰ্বাচিত হৈ বিধায়ক হয় চৰণ বড়ো।

মন্ত্ৰিত্ব পোৱাৰ পাছত চৰণ বড়োৱে সাংবাদিকৰ আগত কয় যে, “সকলোৰে মনৰ আশা থাকে। প্ৰথমে বিধায়ক হোৱাৰ পাছত সমষ্টিবাসীক সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিলোঁ। এতিয়া সমগ্ৰ অসমবাসীৰ বাবে সেৱা আগবঢ়োৱা সুযোগ লাভ কৰিছোঁ।” লগতে এইলৈ সুখী অনুভৱ কৰাৰ কথা সদৰী কৰি সঠিকভাৱে কাম কৰি যোৱা প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ চতুৰ্থটো সম্প্ৰসাৰণ। উল্লেখ্য যে,বৰ্তমানৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ ১৫জন সদস্য, অসম গণ পৰিষদৰ দুজন আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ এজন সদস্য আছে।

মুখৰ ভিতৰত ঘাঁ কিয় হয়? প্ৰতিৰোধৰ উপায় জানক...
ৰাতিপুৱা খালী পেটত মধুৰিৰ পাত খালে কি কি ৰোগৰ পৰা উপশম পাব?
দীপাৱলীত গৰ্ভৱতী মহিলাই কি কি বস্তু পৰিহাৰ কৰিব লাগে?
১৪৮ বছৰীয়া ক্ৰিকেট ইতিহাসত পূৰ্বে হোৱা নাই এনে, এতিয়া কোহলীৰ হাতত ‘কৰি দেখুওৱাৰ’ সুযোগ