বিজেপিত যোগদান কৰিবনে ? ভূপেন বৰাৰ প্ৰতিক্ৰিয়া…

ভূপেন বৰাই বিজেপিত যোগদান কৰিব নেকি ? এই প্ৰশ্নটোক লৈ অসমৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছিল । পিছে এই বিষয়ত ভূপেন বৰাই কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ।

বিজেপিত যোগদান কৰিবনে ? ভূপেন বৰাৰ প্ৰতিক্ৰিয়া...

ভূপেন কুমাৰ বৰা

Updated On: 

10 Jun 2025 | 06:14 PM

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব নেকি ? এই প্ৰশ্নটোক লৈ অসমৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছিল । এইলৈ সামাজিক মাধ্যমত একাংশ বিশ্লেষকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাও দেখা গৈছে । পিছে এই বিষয়ত ভূপেন বৰাই কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ।

সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে, “মই ৰাজনীতি কৰাৰ ৪০ বছৰ হ’ল । ৰাইজক কৈ অহা কথাবোৰ ওলোটাকৈ কোৱাৰ বয়স মোৰ নাই ।” অৰ্থাৎ এক প্ৰকাৰে বিজেপিত যোগদানৰ কোনো চিন্তা-চৰ্চা কৰা নাই বা সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিছে ভূপেন বৰাই ।

তেওঁ কয় যে,”মোৰ প্ৰতি অসমৰ ৰাইজৰ যি বিশ্বাস আৰু আস্থা আছে, সেই বিশ্বাস কোনো কাৰণতে যাতে হ্ৰাস নাপায় বা সেই বিশ্বাস অতুত ৰাখিবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিম । যোৱা সময়ছোৱাত ৰাইজৰ পক্ষত থাকি বিৰোধী সত্তাক প্ৰতিনিধিত্ব কৰিছিলোঁ । বিৰোধীসকলক একত্ৰিত কৰাৰ বাবে চেষ্টা কৰিছিলোঁ । বৰ্তমান দলে মোক যেনেধৰণে কাম কৰাৰ সুযোগ দিয়ে সেই অনুসৰি মই মোৰ যুঁজ অব্য়াহত ৰাখিম ।”

উল্লেখ্য যে, পত্নীৰ সৈতে বেংগালুৰু ভ্ৰমণত আছিল ভূপেন বৰা । এই ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হয় ভূপেন বৰা । চৰ্চা হৈছিল যে, ভূপেন বৰাই ১০ জুন অসমত উপস্থিত হৈ ডাঙৰ ঘোষণা কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...