বিজেপিত যোগদান কৰিবনে ? ভূপেন বৰাৰ প্ৰতিক্ৰিয়া…

ভূপেন বৰাই বিজেপিত যোগদান কৰিব নেকি ? এই প্ৰশ্নটোক লৈ অসমৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছিল । পিছে এই বিষয়ত ভূপেন বৰাই কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ।

বিজেপিত যোগদান কৰিবনে ? ভূপেন বৰাৰ প্ৰতিক্ৰিয়া...

ভূপেন কুমাৰ বৰা

manas-borah
Updated On: 

10 Jun 2025 18:14 PM

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব নেকি ? এই প্ৰশ্নটোক লৈ অসমৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছিল । এইলৈ সামাজিক মাধ্যমত একাংশ বিশ্লেষকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাও দেখা গৈছে । পিছে এই বিষয়ত ভূপেন বৰাই কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ।

সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে, “মই ৰাজনীতি কৰাৰ ৪০ বছৰ হ’ল । ৰাইজক কৈ অহা কথাবোৰ ওলোটাকৈ কোৱাৰ বয়স মোৰ নাই ।” অৰ্থাৎ এক প্ৰকাৰে বিজেপিত যোগদানৰ কোনো চিন্তা-চৰ্চা কৰা নাই বা সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিছে ভূপেন বৰাই ।

তেওঁ কয় যে,”মোৰ প্ৰতি অসমৰ ৰাইজৰ যি বিশ্বাস আৰু আস্থা আছে, সেই বিশ্বাস কোনো কাৰণতে যাতে হ্ৰাস নাপায় বা সেই বিশ্বাস অতুত ৰাখিবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিম । যোৱা সময়ছোৱাত ৰাইজৰ পক্ষত থাকি বিৰোধী সত্তাক প্ৰতিনিধিত্ব কৰিছিলোঁ । বিৰোধীসকলক একত্ৰিত কৰাৰ বাবে চেষ্টা কৰিছিলোঁ । বৰ্তমান দলে মোক যেনেধৰণে কাম কৰাৰ সুযোগ দিয়ে সেই অনুসৰি মই মোৰ যুঁজ অব্য়াহত ৰাখিম ।”

উল্লেখ্য যে, পত্নীৰ সৈতে বেংগালুৰু ভ্ৰমণত আছিল ভূপেন বৰা । এই ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হয় ভূপেন বৰা । চৰ্চা হৈছিল যে, ভূপেন বৰাই ১০ জুন অসমত উপস্থিত হৈ ডাঙৰ ঘোষণা কৰিব পাৰে।

ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...
বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ হয় নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...