Assam:৪৪৪ বছৰীয়া পৰম্পৰা অটুত! বৰপেটা সত্ৰৰ নতুন বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস

Barpeta satra: ২০২২ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰাই বৰপেটা সত্ৰৰ এই পদটো খালী হৈ আছিল। আনহাতে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল ইতিমধ্যে ৬ মাহ সম্পূৰ্ণ হৈছে।

Assam:৪৪৪ বছৰীয়া পৰম্পৰা অটুত! বৰপেটা সত্ৰৰ নতুন বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস

বৰপেটা সত্ৰ

Published: 

30 Sep 2024 11:23 AM

সম্পন্ন হ’ল সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত হোৱা বুঢ়াসত্ৰীয়া নিৰ্বাচন প্ৰক্ৰিয়া। প্ৰায় ২ বছৰ ধৰি খালী হৈ থকা আসনখনৰ বাবে দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হয়। বৰপেটাৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআতাই আৰম্ভ কৰা পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়া দুজনাৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলক ভোটৰ জৰিয়তে নিৰ্বাচন কৰা হয়।

প্ৰায় ২ বছৰ ধৰি খালী হৈ আছিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ আসনখন। পৰম্পৰা অনুসৰি দেওবাৰে এই আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। বুঢ়া সত্ৰীয়া আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ২ গৰাকী প্ৰাৰ্থী। ইয়াৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ ২৮ টা পদৰ বাবে মুঠ ৩৭ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইয়াৰ বিপৰীতে ৮৪১০ গৰাকী ভোটাৰে সাব্যস্ত কৰিছিল ভোটদান প্ৰক্ৰিয়া। বুঢ়াসত্ৰীয়া পদত ১৫ টা সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত হয় যদিও ৬ টা পদষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নিৰ্বাচন হয়।

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকল- পাঠকহাটী সমষ্টিক দিলীপ দাস, বৰহাটী সমষ্টিত গোবিন্দ সূত্ৰধৰ, পালাং দিহাটী০ ফাটাহাটী সমষ্টিত ধনজিত দাস, হৰমোহন দাস আৰু গুনজিত ওজা, মাজৰহাটী সমষ্টিত প্ৰদীপ কুমাৰ দাস, ৰায়তপাৰা- ভকতপাৰা- মাজৰপাৰা সমষ্টিত ৰত্নকান্ত মেধী আৰু কেওলীয়াহাটীত বিষ্টু আতৈ।

ভোটদানৰ ফলাফল অনুসৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদত নিৰ্বাচিত হয় ড০ বাবুল চন্দ্ৰ দাস। হেমেন আতৈ বুঢ়াভকতক পৰাজিত কৰি দাসে ৩৭০০ টা ভোটেৰে জয় সাব্যস্ত কৰে।  ড০ বাবুল চন্দ্র দাস বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক।

উল্লেখ্য যে, নিৰ্বাচনৰ এই পৰম্পৰা আৰম্ভ কৰা মথুৰা দাস বুঢ়াআতাক মাধৱদেৱে সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰিছিল। ইয়াৰ পাছত আটাইবোৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াক ভোটৰ জৰিয়তে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত কৰা হয়। প্ৰায় ৪৪৪ বছৰ পূৰ্বে বৰপেটা সত্ৰত মথুৰা দাস বুঢ়াআতাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি থৈ গৈছিল। সেই ৪৪৪ বছৰীয়া পৰম্পৰা আজিও অটুত আছে বৰপেটা সত্ৰত।

২০২২ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰাই বৰপেটা সত্ৰৰ এই পদটো খালী হৈ আছিল। আনহাতে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল ইতিমধ্যে ৬ মাহ সম্পূৰ্ণ হৈছে। তাৰ বাবেই ২৯ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ পাছতেই এতিয়া বৰপেটা সত্ৰৰ নতুন বুঢ়াসত্ৰীয়া হিচাপে জনা যাব বাবুল চন্দ্ৰ দাসক।

ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?
শোৱাৰ সময়ত বিচনাৰ তলত ৰাখক এগিলা পানী, লাভ কৰিব এনে চমৎকাৰী ফল…
ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে শিৱলিঙ্গত কি আগবঢ়াব লাগে, জানেনে আপুনি?