পহলগাম ঘটনা সন্দৰ্ভত কি ক’লে বদৰুদ্দিন আজমলে? AIUDF ৰ বিধায়ক গ্ৰেপ্তাৰ সন্দৰ্ভত ল’লে কাৰ পক্ষ…

পহলগাম ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ আমিনুল ইছলাম। বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত বদৰুদ্দিন আজমলে কয় যে, এয়া তেওঁৰ ব্যক্তিগত মন্তব্য। দলৰ লগত কোনো সম্পৰ্ক নাই।

পহলগাম ঘটনা সন্দৰ্ভত কি কলে বদৰুদ্দিন আজমলে? AIUDF ৰ বিধায়ক গ্ৰেপ্তাৰ সন্দৰ্ভত ললে কাৰ পক্ষ...

আমিনুল-আজমল

Updated On: 

25 Apr 2025 11:46 AM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল আমিনুল ইছলাম। ধিঙৰ বিধায়কগৰাকীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছিল। এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে কৈছিল যে পুলৱামা আৰু পহলগাম কাণ্ড ভাৰত চৰকাৰৰ ষড়যন্ত্ৰত সংঘটিত হৈছে।

আমিনুল ইছলামে কৈছিল যে, ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পুলৱামাত চি আৰ পি এফৰ বাহনত আত্মঘাতী বিস্ফোৰণ সংঘটিত হৈছিল আৰু পহলগাম কাণ্ডত ২৬ জনৰ মৃত্যু হৈছে। এয়া সকলো চৰকাৰৰ ষড়যন্ত্ৰ। বিধায়কগৰাকীৰ এই মন্তব্য ভাইৰেল হোৱাৰ পাছতে আৰক্ষীয়ে বৃহস্পতিবাৰে বিধায়কগৰাকীক নগাঁৱৰ ধিঙৰ বাসগৃহৰ পৰা আটক কৰে।

আজমলে কি কয়

বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে। তেওঁ কয় যে, মই জানিব পাৰিছো যে পহলগাম কাণ্ডক লৈ মন্তব্য কৰি হাজী আমিনুল ইছলাম গ্ৰেপ্তাৰ হৈছে। আমিনুলে যি কৈছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। মই সেই মন্তব্য শুনিছো।

তেওঁ কয় যে, এই সময়ত আমি ভাৰত চৰকাৰৰ সৈতে থিয় হব লাগিব। সন্ত্ৰাসবাদী কেৱল সন্ত্ৰাসবাদীয়। সন্ত্ৰাসবাদীৰ কোনো জাতি-ধৰ্ম নাথাকে। সন্ত্ৰাসবাদ তথা এনে কাৰ্য কৰাসকলক গৰিহনা দিয়া উচিত। এনে লোকসকলে ইছলাম আৰু মুছলমানসকলক বদনাম কৰি আছে। হাজী আমিনুল ইছলামে যি মন্তব্য কৰিছে সেয়া তেওঁৰ একান্ত ব্যক্তিগত, তাৰ লগত দলৰ কোনো সম্পৰ্ক নাই।

আৰক্ষীয়ে কি কয়

ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত অসম আৰক্ষীয়ে লিখিছে যে,ধিং বিধায়ক আমিনুল ইছলামৰ বক্তব্য বিভ্ৰান্তিকৰ আৰু উচটনিমূলক।ইয়াৰ বাবে সমাজত হিংসা দেখা পোৱাৰ লগতে মানুহৰ অনুভৱত আঘাত পাব পাৰে। সেইবাবেই আৰক্ষীয়ে ৩৪৭/২৫ ১৫২/১৯৬/১৯৭(১)/১১৩(৩)/৩৫২/৩৫৩ বিএনএছ ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, পাকিস্তানক ৰক্ষা কৰিব বিচৰা প্ৰতিগৰাকী ব্যক্তিক অসম চৰকাৰে ৰেহাই নিদিয়ে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। অসম চৰকাৰে তেনে প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।তেওঁ সকীয়াই দিয়ে, এইটো স্পষ্ট হওক যে যিসকলে নিৰীহ সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডক ন্যায্যতা প্ৰদান, স্বাভাৱিক বা তুচ্ছজ্ঞান কৰিবলৈ চেষ্টা কৰে তেওঁলোকে মত প্ৰকাশৰ স্বাধীনতা প্ৰয়োগ কৰা নাই – তেওঁলোকে ভাৰতৰ আত্মাৰ বিৰুদ্ধে কথা কৈছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃ আটক AIUDF ৰ বিধায়ক আমিনুল ইছলাম, পহলগাম ঘটনা সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য…

আৰু পঢ়কঃ পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী আদিল আৰু আছিফৰ ঘৰ ধ্বংস…

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক