মুকলি আকাশৰ তললৈ অহাৰ পথ প্রশস্ত বিশাল-তার্কিকৰ! ট্রেডিং কেলেংকাৰিৰ ২ অভিযুক্ত জামিন মঞ্জুৰ

বিশাল আৰু তাৰ্কিকৰ জামিন মঞ্জুৰ কৰিলে পি জে শইকীয়া আদালতে। ট্রেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে দুই অভিযুক্ত।  এবছৰতকৈ অধিক সয়ম কাৰাবন্দী হৈ আছে বিশাল, তার্কিক। অৱশ্যে  অৱশ্যে বৰ্তমানেও জামিন লাভ কৰা নাই চুমি বৰাই।

মুকলি আকাশৰ তললৈ অহাৰ পথ প্রশস্ত বিশাল-তার্কিকৰ! ট্রেডিং কেলেংকাৰিৰ ২ অভিযুক্ত জামিন মঞ্জুৰ

বিশাল ফুকন, তাৰ্কিক বৰা

Published: 

01 May 2025 | 03:10 PM

অবৈধ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ২ অভিযুক্তই লাভ কৰিছে জামিন । প্ৰৱঞ্চক বিশাল ফুকন, তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।  জামিন লাভ কৰাৰ পাছতে মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল তাৰ্কিক, বিশাল ফুকনৰ। এটা গোচৰতহে জামিন লাভ কৰিছে বিশালে। বৰবৰুৱা থানাৰ 85/2024 নম্বৰ গোচৰত জামিন পালে দুয়োজনে।

বিশাল আৰু তাৰ্কিকৰ জামিন মঞ্জুৰ কৰিলে পি জে শইকীয়া আদালতে। ট্রেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে দুই অভিযুক্ত।  এবছৰতকৈ অধিক সয়ম কাৰাবন্দী হৈ আছে বিশাল, তার্কিক। অৱশ্যে  অৱশ্যে বৰ্তমানেও জামিন লাভ কৰা নাই চুমি বৰাই।

উল্লেখ্য যে, বিশাল নামৰ ২২ বছৰীয়া প্ৰৱঞ্চকটোৱে বিনিয়োগকাৰীক অধিক ধন লাভৰ আশা দেখুৱাই প্ৰৱঞ্চনাৰ জালত পেলাইছিল। ষ্টকত বিনিয়োগৰ নামত শ শ কোটি টকা লুণ্ঠন কৰা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বিশাল ফুকনৰ ডিব্ৰুগড়়ৰ বাসগৃহত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ লগতে তেওঁৰ আন এজন সহযোগীকো গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি বিশালে বিনিয়োগকাৰীক দুগুণ ধন ঘূৰাই দিয়াৰ চলেৰে কোটি কোটি টকা লুটিছিল। অতি বিলাসী জীৱন আছিল বিশালৰ। সঘনাই স্কাই ডাইভিঙত যোৱা বিশালৰ বিলাসীকতাৰ অন্ত নাই। ২০২৩ চনত বিশালৰ মাতৃয়ে ক্ৰয় কৰিছিল ২৩ লাখ টকীয়া বিলাসী গাড়ী। ইয়াৰ পূৰ্বেও মন গলেই গাড়ী ক্ৰয় কৰিব পৰাকৈ ধন আছিল বিশালৰ। এনেকৈয়ে বিশাল হৈ পৰিছিল প্ৰায় ২০০০ কোটি টকাৰ মালিক।

বিশালৰ পাছত কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল নৃত্য শিল্পী চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাৰ। অভিযোগ অনুসৰি বিশালক এজেন্ট আনি দিয়াত সহায় কৰিছিল চুমিয়ে। এই প্ৰৱঞ্চনাত প্ৰত্যক্ষভাৱে জড়িত আছিল চুমিৰ ককায়েক- বোয়েক ৰাজীৱ বৰা আৰু জিংকী মিলি। প্ৰথম অৱস্থাত বিশাল ফুকন গ্ৰেপ্তাৰ কৰাৰ পাছত দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা। কেইবাদিন ধৰি পলাই ফুৰাৰ পাছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল চুমি বৰা আৰু তাৰ্কিক বৰাই ।

তাৰ পাছতে CIDলৈ হস্তান্তৰ কৰা হৈছিল ডিব্ৰুগড়ত ৰুজু হোৱা ট্রেডিং কেলেংকাৰিৰ গোচৰ।  ডিব্রুগড় থানাত ৰুজু হোৱা গোচৰ নং ৩৫২/২০২৪ CIDলৈ অৰ্পণ কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই SIT গঠন কৰিছিল CIDয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...