Assam Top9: আজিৰ দিনটোত ক’ত কি ঘটিল চাওঁ আহক
আজি ২০ জানুৱাৰী, ২০২৬, মঙলবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল...

১. এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত কোকৰাঝাৰ। কাৰিগাঁৱত যোৱা নিশা সংঘটিত এটা দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন চাৰিজনকৈ লোক। তাৰ পাছতেই একাংশ ক্ষুব্ধ লোকে জ্বলাই দিয়ে এখন বাহন। এই ঘটনাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে। আজি পৰিস্থিতি জটিল হৈ পৰাত শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় আৰক্ষী।
২. কোকৰাঝাৰৰ উত্তেজনাক দুৰ্ভাগ্যজনক আখ্যা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। ভুল বুজাবুজিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কয় নেতাগৰাকীয়ে। ইয়াৰ আঁৰত কোনো তৃতীয় শক্তি জড়িত থাকিব পাৰে বুলিও উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে। সকলোকে শান্তি বজাই ৰখাৰ আহ্বান হাগ্ৰামাৰ।
৩. গুৱাহাটীৰ গণেশপাৰাত চাঞ্চল্যকৰ ডকাইতিকাণ্ড। পিস্তল আৰু ডেগাৰ দেখুৱাই এজন ব্যৱসায়ীৰ ঘৰত লুটপাত চাৰিজনীয়া ডকাইতৰ দলৰ। ব্যৱসায়ী অনিল ডেকাৰ পত্নীক বন্দুক দেখুৱাই ডিঙিত ডেগাৰ ৰাখি নগদ ধন আৰু সোণৰ আ-অলংকাৰ লুটি নিয়ে ডকাইতে। মহিলাগৰাকীক বচাবলৈ চেষ্টা কৰা তেওঁলোকৰ গাড়ী চালককো বন্দী কৰে ডকাইতৰ দলটোৱে।
৪. মহানগৰী মঠঘৰীয়াত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান। মঠঘৰীয়া বড়ো চকৰ ২১৩ নং ঘৰত চলে এই অভিযান। এই ঘৰটো হৈছে DFO কুশল কুমাৰ ডেকাৰ। বন বিষয়াজনৰ বিৰুদ্ধে বিৰুদ্ধে ০১/২০২৬ গোচৰ নম্বৰত আয়বৰ্হিভূত সম্পত্তি সংগ্ৰহৰ অভিযোগত ৰুজু হৈছিল গোচৰ। তাৰ পাছতেই আজি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে অভিযান চলাই ডেকাৰ গৃহত।
৫. মৰিয়নীত অস্ত্ৰসহ আটক দুই নগা যুৱক। মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ পৰা আৰক্ষীয়ে আটক কৰে দুই নগা যুৱকক। ধৃত যুৱক দুজন NSCN ৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। তেওঁলোকৰ পৰা ১৬ জাঁই সজীৱ গুলিসহ এটা মাৰণস্ত্ৰৰ লগতে নিচাযুক্ত ঔষধ উদ্ধাৰ কৰে আৰক্ষীয়ে। ধৃত লোক কেইজন ডিমাপুৰৰ পৰা মোককচাং জিলাৰ মাংকলোম্বা লৈ গৈ আছিল বুলি জানিব পৰা গৈছে।
৬. এপেক্স বেংকৰ কোটিটকীয়া কেলেংকাৰীৰ অভিযুক্ত ৰাজেশ বাজাজৰ গুৱাহাটীৰ ঘৰত CBI ৰ অভিযান। মহানগৰীৰ সৰুমটৰীয়াৰ বাসগৃহত অভিযান চলায় কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিষয়াই। এপেক্স বেংকৰ পৰা এটা চক্ৰৰ জৰিয়তে ৰাজেশ বাজাজে লৈছিল ২০ কোটি টকাৰ ঋণ। কিন্তু পৰৱৰ্তী সময়ত সেই ধন ঘূৰাই দিয়া নাছিল বেংক কৰ্তৃপক্ষক। যাৰ বাবে দেউলীয়া হৈছিল এপেক্স বেংক।
৭. বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে আজি দায়িত্ব গ্ৰহণ কৰে নীতিন নবীনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, সদ্য প্ৰাক্তন সভাপতি জে পি নাড্ডা, ৰাজনাথ সিঙকে ধৰি কেবাগৰাকীয়ে জ্যেষ্ঠ বিজেপি নেতাৰ উপস্থিতিত নীতিনে দায়িত্বভাৰ গ্ৰহণ কৰে। নিজৰ ভাষণত ৰাজনীতিত কোনো শ্বৰ্টকাট নাই বুলি কয় বিজেপিৰ নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে।
৮. কৰ্ণাটকৰ আই পি এছ বিষয়া কে ৰামচন্দ্ৰ ৰাওক নিলম্বন। কাৰ্যালয়ৰ ভিতৰতে এগৰাকী মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত দেখা গৈছিল কৰ্ণাটকৰ ডিজিপি পৰ্যায়ৰ জ্যেষ্ঠ আইপিএছ বিষয়াগৰাকী। এই ভিডিঅ’ ভাইৰেল হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যখনত। তাৰ পাছতেই তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় কঠোৰ ব্যৱস্থা।
৯. সমাপ্তি ঘটিল ভাৰতীয় ক্ৰীড়া জগতৰ এক বৰ্ণিল তথা গৌৰৱময় অধ্যায়ৰ। হাতত ৰেকেট লৈ এতিয়াৰে পৰা ক’ৰ্টত নানামে দেশৰ বেডমিণ্টন মহাতাৰকা ছাইনা নেহৱাল। দীৰ্ঘদিন ধৰি আঁঠুৰ আঘাতৰ সৈতে যুঁজি থকাৰ পিছত আজি অৱশেষত ক্ৰীড়া জগতক বিদায় জনালে তাৰকা খেলুৱৈগৰাকীয়ে। ২০২৩ চনত নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ছাইনাই।