ক’ত কি ঘটিল ? মাত্ৰ ২ মিনিটত পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অৰুণাচলৰ পৰ্থ দুৰ্ঘটনাৰ পৰা ৰাজনীতি, ক্ৰীড়া ক্ষেত্ৰলৈকে পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

কত কি ঘটিল ? মাত্ৰ ২ মিনিটত পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ...
Published: 

11 Dec 2025 19:38 PM

আজি ১১ ডিচেম্বৰ, বৃহস্পতিবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অৰুণাচল প্ৰদেশৰ আঞ্জাওত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ গেলাপুখুৰীৰ পৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক বাগৰি পৰে দ খাৱৈত। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কমেও ২০ জনকৈ শ্ৰমিকে। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. অৰুণাচল প্ৰদেশৰ আঞ্জাওত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ গেলাপুখুৰীৰ পৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক বাগৰি পৰে দ খাৱৈত। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কমেও ২০ জনকৈ শ্ৰমিকে। কামৰ সন্ধানত অৰুণাচললৈ গৈছিল শ্ৰমিককেইজন। দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে মৃতকৰ সংখ্যা এতিয়াও সম্পূৰ্ণ নিশ্চিত হোৱা নাই।
  2. বিশ্বনাথত চিণ্ডিকেটৰ নামত ধন সংগ্ৰহ কৰা পাঁচজন লোকক গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি ট্ৰাকচালকৰ পৰা অবৈধভাৱে গুণ্ডা টেক্স সংগ্ৰহ কৰিছিল এই লোককেইজনে। এজন ট্ৰাকচালকে ফেচবুকৰ জৰিয়তে এই বিষয়ে অৱগত কৰাৰ পাছতেই ঘটনাটো পোহৰলৈ আহে। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ নামত ২০০ টকাকৈ পাৰ্কিং মাছুলো আদায় লোৱাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।
  3. বিহালীৰ বৰগাঙত চাঞ্চল্যকৰ ঘটনা। ইটাভাটাৰ মালিকৰ কামনাৰ বলি হৈ ৭ মাহৰ অন্তঃসত্বা হ’ল এগৰাকী কিশোৰী। নাবালিকাগৰাকী অন্তঃসত্বা হোৱাৰ খবৰ পোৱাৰ পাচতেই ঘটনাটো গাপ দিবলৈ তেওঁক লুকুৱাই ৰাখিছিল অভিযুক্ত মহম্মদ আলীয়ে। ইতিমধ্যে কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছে যদিও গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত।
  4. শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ভিতৰুৱাল জকাইচুক গাঁৱত গঁড়ৰ মুক্ত বিচৰণ। আজু পুৱা পথাৰত ঘাঁহ কাটিবলৈ যোৱা এজন লোকক আক্ৰমণ কৰে গঁড়টোৱে। ফলত আঘাতপ্ৰাপ্ত হয় দীপাংকৰ কোঁৱৰ নামৰ লোকজন। বৰ্তমান তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাই আতংকিত কৰিছে স্থানীয় লোকক।
  5. ২০১৯ চনৰ আজিৰ দিনটোতেই সংসদত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। এই আইন প্ৰত্যাহাৰৰ দাবীৰে আজি প্ৰতিবাদ সাব্যস্ত কৰে নেছু আৰু আছুৱে। কোনো কাৰণতে কা মানি নলয় বুলি জানিবলৈ দিয়ে ছাত্ৰসংগঠন দুটাই। কা বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম কৰি যাব বুলি হুংকাৰ দিয়ে আছুৰ নেতা-সদস্যই।
  6. অৰুণাচল প্ৰদেশ সংঘটিত পথ দুৰ্ঘটনাত অসমৰ কমেও ২০ জন শ্ৰমিক নিহত হোৱা ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এক্সযোগে এক পোষ্টত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰশাসনিক বিষয়াসকলে অৰুণাচল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে।
  7. দুদিনীয়া ভ্ৰমণসূচীৰে আজি মণিপুৰত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। আজি তেওঁ ৮৬ সংখ্যক নুপীলাল দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ লগতে কেবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। কাইলৈ মহিলা স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা জনোৱাৰ বাবে এটা স্মৃতিসৌধ পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে।
  8. সংসদত এছ আই আৰ সন্দৰ্ভত ভাষণৰ সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অশোভনীয় শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ। তেওঁ কয় যে সোধা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে গৃহমন্ত্ৰীগৰাকীয়ে। ইফালে ৰাহুল গান্ধীক ওভতি ধৰি গৃহমন্ত্ৰীৰ ভাষণৰ সময়ত কিয় পলায়ন কৰিছিল বুলি প্ৰশ্ন কৰে বিজেপিৰ সাংসদ জগদম্বিকা পালে।
  9. আজি শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচত মুখামুখি হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা। নিউ চণ্ডীগড়ৰৰ মহাৰাজা যাদৱিন্দ্ৰ সিং ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। ইতিমধ্যে প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি শৃংখলাত আগুৱাই আছে ভাৰত।
ৰাতিপুৱা খালী পেটত চাহ খাই নেকি ? ইয়াৰ পাৰ্শ্বক্ৰিয়া জানক
কাজিনেমু পাতে চুলিৰ কি কি সমস্যা নাইকিয়া কৰে ? ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰৰ টিপছ জানক
মধুৰিআমৰ গুটি কিয় চোবাই খাব নালাগে? জানক
শীতকালত উচ্চ ৰক্তচাপৰ ৰোগীয়ে কি কি খাদ্য খাব নালাগে? জানক...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...
BTR ৰ বাবে আৰম্ভ হ'ব অৰুণোদয় ৩.০