অসমত আৰম্ভ হ’ব উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট…

গ্ৰীণকো গ্ৰুপৰ বিনিয়োগেৰে অসমত উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট (পিএছপি) আৰম্ভ হ'বলৈ গৈ আছে । এই প্ৰকল্পৰ দ্বাৰা গ্ৰীডৰ ষ্টেবিলিটি নিশ্চিত কৰাৰ লগতে বিদ্যুতৰ শীৰ্ষ চাহিদা পূৰণৰ বাবে নতুন জলবিদ্যুৎ সংৰক্ষণ ব্যৱস্থা কৰা হ'ব।

অসমত আৰম্ভ হব উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট...

গ্ৰীণকো গ্ৰুপৰ সৈতে মুখ্যমন্ত্ৰীৰ

Published: 

15 Apr 2025 | 12:36 PM

অসমত আৰম্ভ হ’বলৈ গৈ আছে উত্তৰ-পূবৰ প্ৰথমটো পাম্পড ষ্ট’ৰেজ প্ৰজেক্ট (PSP) । এই প্ৰকল্পটো হৈছে গ্ৰীডৰ ষ্টেবিলিটি নিশ্চিত আৰু শক্তিৰ চাহিদা পূৰণৰ বাবে ডিজাইন কৰা নতুন জলবিদ্যুৎ সংৰক্ষণ ব্যৱস্থা। এই প্ৰকল্প শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে । জানিব পৰা মতে, এই প্ৰকল্পটো ৰাজ্যখনত গ্ৰীণকো গ্ৰুপৰ ১২ হাজাৰ কোটি টকাৰ বিনিয়োগৰ অংশ।

উল্লেখ্য যে, এডভান্টেজ আছাম ২.০ ৰ সময়ত বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল গ্ৰীণকো গ্ৰুপে । শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোম্পানীটোৰ সৈতে এই বিষয়ত পৰ্যালোচনা আৰু সময়সীমা চূড়ান্ত কৰাৰ বাবে এক বৈঠক অনুষ্ঠিত কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্য়মৰ জৰিয়তে জানিবলৈ দিছে যে, চলিত বৰ্ষৰ ভিতৰতে এই প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

সামাজিক মাধ্যম এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “এডভান্টেজ আছাম ২.০ ৰ সময়ত দিয়া বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত গ্ৰীণকো গ্ৰুপৰ সৈতে এক বৈঠক হৈছিল। আমি আশা কৰিছো যে, ১২ হাজাৰ কোটিতকৈ অধিক টকাৰ শক্তি সম্পৰ্কীয় প্ৰকল্পৰ কাম আৰম্ভ হ’ব।”

তেওঁ কয় যে, গ্ৰীণকো গ্ৰুপৰ এটা প্ৰচেষ্টা হৈছে উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট (পিএছপি) আৰম্ভ কৰা । এই প্ৰকল্পৰ দ্বাৰা গ্ৰীডৰ ষ্টেবিলিটি নিশ্চিত কৰাৰ লগতে বিদ্যুতৰ শীৰ্ষ চাহিদা পূৰণৰ বাবে নতুন জলবিদ্যুৎ সংৰক্ষণ ব্যৱস্থা কৰা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...