নাথাকিব এজনো বিদেশী ! ১৯৫০ চনৰ ইমিগ্ৰেণ্টছ এক্টৰ অধীনত অসমক বিদেশীমুক্ত কৰিব চৰকাৰে, মুখ্যমন্ত্ৰীৰ দাবী…

এজন এজনকৈ অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । ইয়াৰ বাবে গ্ৰহণ কৰিব ডাঙৰ পদক্ষেপ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে, ১৯৫০ চনৰ ইমিগ্ৰেণ্টছ এক্টৰ অধীনত অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰিব ৰাজ্য চৰকাৰে ।

নাথাকিব এজনো বিদেশী ! ১৯৫০ চনৰ ইমিগ্ৰেণ্টছ এক্টৰ অধীনত অসমক বিদেশীমুক্ত কৰিব চৰকাৰে, মুখ্যমন্ত্ৰীৰ দাবী...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

09 Jun 2025 | 07:00 PM

বিদেশীমুক্ত হ’ব অসম ! এজন এজনকৈ অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । ইয়াৰ বাবে গ্ৰহণ কৰিব ডাঙৰ পদক্ষেপ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে, ১৯৫০ চনৰ ইমিগ্ৰেণ্টছ এক্টৰ অধীনত অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰিব ৰাজ্য চৰকাৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে,এই আইনখনে জিলা উপায়ুক্তসকলক কোনো নথি-পত্ৰ নোহোৱা ব্যক্তিক অবৈধ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষমতা প্ৰদান কৰে। সোমবাৰে অসম বিধানসভাত বিশেষ এদিনীয়া অধিবেশন অনুষ্ঠিত হৈছিল । এই সময়ত দিয়া ভাষণৰ মাজতে বিদেশী বিতাড়ন প্ৰসংগত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ সমান্তৰালভাৱে কথাৰ প্ৰসংগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো টাৰ্গেট কৰি লৈছিল। তেওঁ অভিযোগ কৰে যে, কংগ্ৰেছে ‘নাগৰিকত্ব’ক মূল্য নিদিয়ে, কিয়নো তেওঁলোকৰ এজন নেতাৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজন বিদেশী। উল্লেখ্য যে, বিধানসভাৰ কাৰ্যক্ৰমণিকা প্ৰত্যক্ষ কৰাৰ বাবে অসম বিধানসভাৰ গেলেৰীত বহি আছিল গৌৰৱ গগৈ । সেই সময়তে এই কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

বিদেশী ধৰা পেলোৱা আৰু বিতাড়নৰ বিষয়ত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে ইয়াৰ উদ্দেশ্যে ইমিগ্ৰেণ্টছ (এক্সপালশ্যন ফ্ৰম আছাম) এক্ট ১৯৫০ ৰূপায়ণ কৰিব। ইয়াৰ জৰিয়তে জিলা উপায়ুক্তই অবৈধ নাগৰিকক বিদেশী ঘোষণা কৰি বিতাড়ন কৰিব পাৰে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এই আইনখন বলবৎ হৈ আছে আৰু ইয়াৰ বিধান অনুসৰি চৰকাৰে আগবাঢ়িব পাৰে বুলি ৰায় দিছে। তেওঁ দাবী কৰে যে, যোৱা কেইমাহমানত ৩০০ৰো অধিক অবৈধ বাংলাদেশীক বিতাড়িত কৰা হৈছে।

এই প্ৰসংগতে বিদেশী ধৰা পেলোৱাৰ কাম সতৰ্কতাৰে কৰিব লাগে বুলি কৈছিল এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে । এই যুক্তিৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে সমালোচনাৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছক । মুখ্যমন্ত্ৰীয়ে কয়,”ৰফিকুল ইছলামে নাগৰিকত্বক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে, কিন্তু কংগ্ৰেছৰ বাবে সেয়া নহ’বও পাৰে কাৰণ তেওঁলোকৰ মাজত এনে লোক আছে যাৰ পৰিয়ালত চাৰিজন সদস্যৰ ভিতৰত তিনিজন বিদেশী।”

মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰি আহিছিল যে, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে কেৱল ব্ৰিটিছ নাগৰিকত্ব অক্ষুণ্ণ ৰখাই নহয়, তেওঁলোকৰ সন্তান দুটাও ভাৰতীয় নাগৰিক নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...