চাহ শ্ৰমিকে লাভ কৰিলে ভূমি অধিকাৰ, বিধানসভাত গৃহীত সংশোধনী বিধেয়কখনত কি কোৱা হৈছে ?
এই বিধেয়কখনৰ জৰিয়তে ৩.৩৩ লাখৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্ৰমিকে লাভ কৰিব ভূমি অধিকাৰ। অৱশ্যে এই বিধেয়কত অন্তর্ভুক্ত কৰা হোৱা নাই জলহা চাহ বাগিচাৰ শ্রমিকসকল। অন্য কৃষি কাৰ্যত জড়িত চাহ বাগিচাৰ অন্তৰ্গত শ্রমিক শ্রেণীসমূহক এই সংশোধনী বিধেয়কত অন্তর্ভুক্ত কৰা নাই।

শুকুৰবাৰে অসম বিধানসভাত গৃহীত হয় ‘দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ (এমেণ্ডমেন্ট) বিল, ২০২৫’। ইয়াৰ জৰিয়তে চাহ শ্ৰমিকৰ মাজত ভূমি পট্টা বিতৰণ কৰিব পাৰিব চৰকাৰে। এই বিধেয়ক গৃহীত হোৱাৰ সময়তে বিৰোধী এ আই ইউ ডি এফৰ বিধায়কে অধিকাংশ বাংলাভাষী মুছলমান বসবাস কৰা ‘চৰ’ অঞ্চলত মাটিৰ পট্টা দিয়াৰ দাবী উত্থাপন কৰা দেখা গৈছিল। এই ধৰণৰ হুলস্থূলৰ মাজতে বিধেয়কখন বিধানসভাত গৃহীত হয়।
শাসকীয় বিজেপিৰ বিধায়কসকলে এই হুলস্থূলৰ প্ৰতিহত কৰি ‘ভাৰত মাতা কি জয়’ আৰু মুখ্যমন্ত্ৰী ‘হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ’ শ্লোগান দিয়ে। একে সময়তে এ আই ইউ ডি এফৰ বিধায়কসকলে চৰ অঞ্চলত ভূমি ‘পট্টা’ৰ দাবীত পোষ্টাৰ আৰু শ্লোগানেৰে সদন উত্তপ্ত কৰি তুলিছিল।
ইয়াৰ পূৰ্বে ‘The Assam Fixation of Ceiling of Land Holdings (Amendment) Act, 2025’ বিধেয়কখনক লৈ হোৱা আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, যোৱা ২০০ বছৰ ধৰি চাহ বাগিচাত কষ্ট কৰি থকা শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰাটো এক ঐতিহাসিক সিদ্ধান্ত। তেওঁ কয় যে, চৰ অঞ্চলত ভূমিৰ অধিকাৰৰ দাবীও চৰকাৰে চোৱাচিতা কৰিব আৰু এনে অঞ্চলৰ জৰীপ ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।
“বিগত ২০০ বছৰত অসমীয়া সমাজলৈ চাহ বাগিচাৰ শ্ৰমিকসকলৰ অৱদান অপৰিসীম আৰু আমি ইয়াৰ জৰিয়তে স্বীকাৰ কৰিছো,” শৰ্মাই কয়। তেওঁ কয়, “ৰাজ্যৰ আন প্ৰতিটো জাতি-জনগোষ্ঠীৰ দৰেই চাহ জনগোষ্ঠীয় ভাই-ভনীসকলৰ প্ৰতিটো সুবিধা-অসুবিধাৰ প্ৰতি আমি সদা সজাগ আৰু দায়বদ্ধ। বিশেষকৈ তেওঁলোকৰ ভূমিৰ অধিকাৰৰ দিশটো সদায়ে আমাৰ অগ্ৰাধিকাৰৰ বিষয় আছিল আৰু আজি জনগোষ্ঠীটোৰ ২০০ বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলাবলৈ পাই সুখী হৈছোঁ।” সদনত গৃহীত ‘দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ (এমেণ্ডমেন্ট) বিল, ২০২৫’খনে আমাৰ চাহ জনগোষ্ঠী সমাজখনৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই।
এই বিধেয়কখনৰ জৰিয়তে ৩.৩৩ লাখৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্ৰমিকে লাভ কৰিব ভূমি অধিকাৰ। অৱশ্যে এই বিধেয়কত অন্তর্ভুক্ত কৰা হোৱা নাই জলহা চাহ বাগিচাৰ শ্রমিকসকল। অন্য কৃষি কাৰ্যত জড়িত চাহ বাগিচাৰ অন্তৰ্গত শ্রমিক শ্রেণীসমূহক এই সংশোধনী বিধেয়কত অন্তর্ভুক্ত কৰা নাই। এই নতুন ব্যৱস্থাই চাহ শ্ৰমিকসকলৰ স্থায়ীভাৱে ভূমি বন্দোবস্তিত সহায় কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, স্থায়ীভাৱে গৃহ নিৰ্মাণ কৰাৰ লগতে ভূমি সম্পৰ্কত চাহ শ্ৰমিকৰ অসুৰক্ষিত মনোভাব হ্রাস পাব।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে যে, ভূমিৰ পট্টা লাভ কৰাৰ পাছত এই ভূমি ২০ বছৰ পৰ্যন্ত বিক্ৰী কৰিব নোৱাৰিব। ২০ বছৰৰ পাছত বাগিচাৰে বাসিন্দা আন শ্রমিককহে বিক্ৰী কৰিব পাৰিব ভূমি। এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী তথ্য অনুসৰি, ৰাজ্যখনত ৮২৫ খন চাহ বাগিচা আছে আৰু ২১৮,৫৫৩ বিঘা ভূমিত শ্ৰমিকসকল বাস কৰে।