অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ মুকলিঃসময়ত কাম নকৰিলে চৰকাৰী কৰ্মচাৰীয়ে ভৰিব ১০,০০০ জৰিমণা

শৰ্মাই ৰাজহুৱা সেৱাৰ অধিকাৰৰ বাবে আবেদন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ থকা মেনুৱেল আৰু আয়োগৰ অফিচিয়েল ৱেবচাইটো মুকলি কৰে। শৰ্মাই কয় যে , যদি নাগৰিকে নিজৰ অধিকাৰৰ কথা গ'ম নাপাই তেন্তে সুশাসন সম্ভৱ নহয়।

অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ মুকলিঃসময়ত কাম নকৰিলে চৰকাৰী কৰ্মচাৰীয়ে ভৰিব ১০,০০০ জৰিমণা

অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ (

Published: 

01 Dec 2024 18:18 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ (Right to Public Service )। ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত অধিক দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে আৰু ৰাজহুৱা সেৱাৰ অধিকাৰ আইন  সুশাসনৰ বাবে ৰাজ্য চৰকাৰে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ লগতে শৰ্মাই ৰাজহুৱা সেৱাৰ অধিকাৰৰ বাবে আবেদন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ থকা মেনুৱেল আৰু আয়োগৰ অফিচিয়েল ৱেবচাইটো মুকলি কৰে। শৰ্মাই কয় যে , যদি নাগৰিকে নিজৰ অধিকাৰৰ কথা গ’ম নাপাই তেন্তে সুশাসন সম্ভৱ নহয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সেৱা সেতু প্লেটফৰ্মৰ জৰিয়তে অসম চৰকাৰে প্ৰায় ৭৬২ টা বিষয়ক নাগৰিকৰ অধিকাৰ হিচাপে স্বীকৃতি দিছে। যাৰ ভিতৰত ষষ্ঠ অনুসূচীৰ অধীনত ৬৪ টা চৰকাৰী বিভাগ আৰু ৩ খন স্বায়ত্বশাসিত পৰিষদ আছে। সেৱা সেতু পৰ্টেলে এক স্পষ্ট সেৱা বিতৰণ সময়সীমা প্ৰদান কৰে আৰু প্ৰতিটো সেৱা প্ৰদান কৰিবলগীয়া সৰ্বাধিক সময়সীমা নিৰ্ধাৰণ কৰে। এই সেতু মুকলি হোৱাৰ পাছত ১.৫৬ কোটিতকৈ অধিক আবেদন লাভ কৰা হৈছে আৰু ইয়াৰে ৯০ শতাংশতকৈ অধিক আবেদন সফলতাৰে সমাধান কৰা হৈছে।

শৰ্মাই কয়, অসম ৰাজ্যিক ৰাজহুৱা সেৱা প্রাধিকৰণ সম্পূর্ণ কার্যকৰী হোৱাৰ ফলত আবেদনকাৰী সাধাৰণ জনতাই নিজৰ আবেদনৰ স্থিতি জানিব পাৰিব। এই ক্ষেত্রত নিষ্পত্তিৰ প্রয়োজনীয় নির্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ’লে যিগৰাকী চৰকাৰী বিষয়াৰ বাবে এই পলম হ’ল, তেওঁ নিজৰ পকেটৰ পৰাই জৰিমনা ভৰিব লাগিব। গতিকে অফচাৰে সময়ত কাম নকৰিলে Ascrtps  ৰ অধীনত ১০০ ৰ পৰা ১০,০০০ টকা জৰিমণা ভৰিব লাগিব। সেই সকলো ধন তেওঁৰ দৰমহাৰ পৰা যাব।আনকি মুখ্য সচিবৰ ক্ষেত্ৰতো একেই নিয়ম হ’ব আৰু এই জৰিমণাৰ ধন সেইজনে পাব যাৰ কামৰ পলম হৈছে। অৱশ্যে  ৭৬২ সেৱাৰ ভিতৰত  এই নীতি প্ৰযোজ্য হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

শৰ্মাই কয়, যদি জনসাধাৰণক তেওঁলোকৰ অধিকাৰ আৰু সেৱাসমূহ প্ৰদান কৰা হয় তেন্তে অসমে দৃষ্টান্তমূলক শাসনৰ বাবে এক মানদণ্ড স্থাপন কৰিব পাৰে। লগতে শৰ্মাই এই ক্ষেত্ৰত বিষয়া অসামৰিক কৰ্মচাৰীসকলক এই সংস্কাৰসমূহ ৰূপায়নৰ ক্ষেত্ৰত সক্ৰিয় হ’বলৈ আহ্বান জনায়।  ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ মুখ্য আয়ুক্ত হিচাপে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া সুজয় লাল থাওচেন আৰু সদস্য হিচাৰে ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী আৰু বিমল চি অছৱালক নিযুক্তি দিয়ে।
বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ জন্মদিন কেতিয়া?
ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...