১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ড থকা লোকসকলে লাভ কৰিব দাইল, চেনি আৰু নিমখ…

এতিয়াৰ পৰা ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে লাভ কৰিব দাইল, চেনি আৰু নিমখ । মুখ্য়মন্ত্ৰীয়ে সদৰী কৰা মতে, অহা ১ অক্টোবৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব ।

১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ড থকা লোকসকলে লাভ কৰিব দাইল, চেনি আৰু নিমখ...

প্ৰতিনিধিত্বমূলক ফটো

Published: 

19 Mar 2025 | 05:14 PM

ৰাজ্যৰ হিতাধিকাৰীলৈ ভাল খবৰ ! এতিয়াৰ পৰা ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে লাভ কৰিব দাইল, চেনি আৰু নিমখ । মুখ্য়মন্ত্ৰীয়ে সদৰী কৰা মতে, অহা ১ অক্টোবৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ’ব । উল্লেখ্য যে, পূৰ্বে ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীয়ে কেৱল চাউল লাভ কৰিছিল । কিন্তু অক্টোবৰৰ পৰা এইসকল হিতাধিকাৰীয়ে কম দৰত দাইল, চেনি আৰু নিমখ লাভ কৰিব।

আজি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, “আমাৰ ৰেচন কাৰ্ডত এতিয়ালৈকে বিনামূলীয়াকৈ কেৱল চাউল দি থকা হৈছে । ১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত দাইল, চেনি আৰু নিমখ দিয়া হ’ব ।” তেওঁ জানিবলৈ দিয়ে যে, ৰেচন কাৰ্ড থকা লোকসকলে দাইল বজাৰতকৈ ২৫ টকা কম দৰত ক্ৰয় কৰিব পাৰিব । একেদৰে ২৫ টকা কম দৰত ক্ৰয় কৰিব পাৰিব চেনি আৰু ১০ টকা কম দৰত প্ৰতি কেজি নিমখ লাভ কৰিব ।

ইফালে, তেওঁ কয় যে, ৰেচন কাৰ্ড থকা ৫ জনীয়া পৰিয়ালে ১ কেজিকৈ দাইল, নিমখ আৰু চেনি লাভ কৰিব । কিন্তু পাঁচজনতকৈ অধিক থকা ৰেচন কাৰ্ডৰ পৰিয়ালে ২ কেজিকৈ লাভ কৰিব । এই ব্যৱস্থা ১ অক্টোবৰৰ পৰা আৰম্ভ হব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।

দুখীয়া লোকসকলে চৰকাৰৰ সকলো আঁচনি সুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, দুখীয়া মানুহে চৰকাৰী ঘৰৰ লগতে অৰুণোদয়, ৰেচন কাৰ্ডত চাইলৰ পৰা দাইল, নিমখ, চেনি যাতে লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ দ্বাৰা এই লোকসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...