পুনৰ ৩৯ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক “Pushed Back”, মুখ্যমন্ত্ৰীয়ে ক’লে-“অসম আপোনালোকৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰ নহয়”
তেওঁলোকে অনুমতি অবিহনে প্ৰৱেশ কৰিছিল আৰু অসম আৰক্ষীয়ে চিনাক্ত কৰি পুনৰ নিজ দেশলৈ উভতাই পঠিয়াইছে। এক্স হেণ্ডেলৰ এটা পোষ্টত এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

সীমান্ত
অসম আৰক্ষীয়ে পুনৰ ৩৯ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিয়াইছে। এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে। পূৰ্বৰ দৰে এই তথ্য শ্বেয়াৰ কৰি শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম আৰক্ষীয়ে শ্ৰীভূমি জিলাৰ পৰা ৩৯ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিয়াইছে।
“তেওঁলোকে অনুমতি অবিহনে প্ৰৱেশ কৰিছিল আৰু আমাৰ আৰক্ষীয়ে পুনৰ নিজ দেশলৈ উভতাই পঠিয়াইছে।” এক্স হেণ্ডেলৰ পোষ্টত এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, “আমি ৩৯ জন অবৈধ অনুপ্ৰৱেশকাৰীয়ে শ্ৰীভূমি খণ্ডৰ পৰা বাংলাদেশলৈ উভতাই পঠিয়াইছোঁ। আমি প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক নিজ দেশলৈ ঘূৰাই পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম। অসম আপোনালোকৰ প্ৰজনন ক্ষেত্ৰ নহয়।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।
They entered without permission,❌ we Pushed Back with precision ✅
In the wee hours, 39 illegal infiltrators PUSHED BACK from Sribhumi sector back to Bangladesh.
We will hunt down every illegal infiltrator and send them back to their origins. Assam is NOT your breeding ground. pic.twitter.com/Mxr6PptvZT
— Himanta Biswa Sarma (@himantabiswa) September 12, 2025
প্ৰকাশিত খবৰ অনুসৰি, যোৱা কেইমাহমানত প্ৰায় ৫০০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰিছিল যে, ৰাজ্য চৰকাৰ অনুপ্ৰৱেশমুক্ত অসমৰ প্ৰতি দায়বদ্ধ আৰু সেই অনুসৰি প্ৰতি সপ্তাহত কমেও ৩৫-৪০ জন লোকক উভতাই পঠিওৱা হৈছে।
ইয়াৰ পূৰ্বে ৮ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱাৰ কথা সদৰী কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দৃঢ়তাৰে কয় যে, অবৈধ অনুপ্ৰৱেশকাৰী যাতে পুনৰ ৰাজ্যখনলৈ ঘূৰি নাহে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “মই এই অনুপ্ৰৱেশকাৰীৰ বিষয়ে শ্বেয়াৰ কৰা মোৰ পূৰ্বৰ পোষ্টবোৰত দিয়া মন্তব্য পঢ়িছো, য’ত মানুহে বহু পৰামৰ্শ দিছে। নিশ্চিত হওক, আমি যাতে এই অনুপ্ৰৱেশকাৰীসকলে পুনৰ অসমত প্ৰৱেশ নকৰে তাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিছো।”
ইফালে, শেহতীয়াকৈ ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ আইনৰ অধীনত এছ অ’ পিৰ ফ্ৰেমৱৰ্কত অনুমোদন জনাইছে অসম কেবিনেটে।