বিপিএফ IN, ইউপিপিএল OUT হ’বনে ? কি হ’ব এন ডি এৰ ২৬ৰ সমীকৰণ? মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য..

বিপিএফ যেতিয়া এন ডি এৰ অংশীদাৰ হ'ল, তেনেহ'লে পূৰ্বে মিত্ৰতাত থকা ইউপিপিএলৰ কি হ'ব? ২৬ ত কেনে ধৰণৰ মিত্ৰতাক লৈ আগবাঢ়ি যাব বিজেপি দল।

বিপিএফ IN, ইউপিপিএল OUT হবনে ? কি হব এন ডি এৰ ২৬ৰ সমীকৰণ? মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য..
Updated On: 

18 Oct 2025 16:34 PM

ইউপিপিএল এন ডি এৰ লগত থাকিলে, বিপিএফ নথকাৰ কথা স্পষ্ট কৰি দিছিল হাগ্ৰামা মহিলাৰীয়ে। কিন্তু আনুষ্ঠানিকভাৱে এন ডি এৰ অংশীদাৰ হ’ল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল। আজি শনিবাৰে অসম কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ বিধায়ক হাগ্ৰামা মহিলাৰয়ে। শৰ্মাৰ মন্ত্ৰীৰ সভা চতুৰ্থটো সম্প্ৰসাৰণ আজি সম্পন্ন হয়। ২৬ ৰ পূৰ্বে শৰ্মাৰ মন্ত্ৰীসভাৰ এই সম্প্ৰসাৰণে ডাঙৰ ইংগিত বহন কৰিছে।

১৮ অক্টোবৰ শনিবাৰে শাসকীয় নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (NDA)ত আনুষ্ঠানিকভাৱে পুনৰ যোগদান কৰে বড়োলেণ্ড পিপলছ ফ্ৰণ্টে(BPF)। দলটোক উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে এই মিত্ৰতাই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ)ৰ শান্তি আৰু উন্নয়নৰ ওপৰত গুৰুত্ব অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

পিছে প্ৰশ্ন হৈছে যে, বিপিএফ যেতিয়া এন ডি এৰ অংশীদাৰ হ’ল, তেনেহ’লে পূৰ্বে মিত্ৰতাত থকা ইউপিপিএলৰ কি হ’ব? ২৬ ত কেনে ধৰণৰ মিত্ৰতাক লৈ আগবাঢ়ি যাব বিজেপি দল। এই প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, এতিয়ালৈকে কোনো নতুন নিৰ্বাচনী কৌশল চূড়ান্ত কৰা হোৱা নাই।

“২০২৬ চনৰ নিৰ্বাচনত আমি এটা সমন্বিত ৰণ কৌশল প্ৰস্তুত কৰিম। কাৰণ সকলোৱে অসমত এখন সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে। এই বিষয়ত অহা ডিচেম্বৰ-জানুৱাৰী মাহত এখন ছবি আপোনালোকে দেখা পাব।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ লগতে কয় যে, আগন্তুক ২৬ নিৰ্বাচনৰ পূৰ্বে ডিচেম্বৰত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)কে ধৰি সকলো দলৰ সৈতে আলোচনা হ’ব। ই এক ইতিবাচক আৰু সজীৱ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলন ঘটাব বুলি আস্থা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে, তেওঁ হাগ্ৰামা মহিলাৰীৰ সন্দৰ্ভত কয়,”হাগ্ৰামা মহিলাৰীৰ সৈতে দীৰ্ঘদিন ধৰি সু-সম্পৰ্ক বজাই ৰাখিছো। বিগত চাৰি বছৰে বিপিএফে আমাক সহায় কৰি আহিছে আৰু একেলগে আমি অঞ্চলটোৰ শান্তি আৰু প্ৰগতিৰ বাবে কাম কৰি যাম।”

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...