ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম! কোকৰাঝাৰত গ্ৰেপ্তাৰ ২ জেহাদী আব্দুল আৰু চাব্বিৰ

ৰাজ্যত অব্যাহত আছে জেহাদী বিৰোধী অভিযান। শেহতীয়াকৈ অভিযান চলাই অসম আৰক্ষীৰ এছ টি এফে দুটাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অসম আৰক্ষীৰ এছ ডি জি পি হৰমিত সিঙে কয় যে, ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল আক্ৰমণ।

ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম! কোকৰাঝাৰত গ্ৰেপ্তাৰ ২ জেহাদী আব্দুল আৰু চাব্বিৰ

জেহাদী গ্ৰেপ্তাৰ

Published: 

25 Dec 2024 17:24 PM

ৰাজ্যত অব্যাহত আছে জেহাদী বিৰোধী অভিযান। শেহতীয়াকৈ কোকৰাঝাৰ জিলাত অসম আৰক্ষীৰ এছ টি এফে জেহাদী বিৰোধী অভিযান চলাই ২ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰিছে। জানিব পৰা মতে ইয়াৰে এজনক কোকৰাঝাৰৰ নামপাৰাৰ জয়পুৰত গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন গ্ৰেপ্তাৰ হৈছে চেৰফাংগুৰিত।

মঙলবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে জেহাদীৰ এই ডাঙৰ চক্ৰ উৎখাত কৰে। ‘অপাৰেশ্যন প্ৰঘাত’ৰ অধীনত অসম আৰক্ষীৰ এছ টি এফে গ্ৰেপ্তাৰ কৰা জেহাদী দুটাৰ নাম কোকৰাঝাৰৰ নামাপাৰাৰ আব্দুল জাহিৰ শ্বেইখ আৰু চেৰফাংগুৰিৰ চাব্বিৰ মিৰ্ধা। জেহাদী গ্ৰেপ্তাৰৰ পাছতেই এক সংবাদ মেল সম্বোধন কৰি অসম আৰক্ষীৰ এছ ডি জি পি হৰমিত সিঙে কয় যে,  দুই জেহাদী কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা বাংলাদেশৰ মৌলবাদী সংগঠন আনচাৰুল্লাহ বাংলা টীমৰ সদস্য। দুই জেহাদীয়ে শ্লিপাৰ চেলৰ কাম কৰি আছিল।

সিঙে কয়,  জেহাদীয়ে অসমত বৃহৎ আই ই ডি আক্ৰমণৰ পৰিকল্পনা কৰিছিল। দীপাৱলীৰ ফটকা বাৰুদৰ পৰা জেহাদীয়ে বিস্ফোৰক সামগ্ৰী প্ৰস্তুত কৰিছিল। এই জেহাদীৰ সৈতে সম্পৰ্ক আছে বাংলাদেশ আৰু পাকিস্তানৰ। সমগ্ৰ দেশতে দেশতে তেওঁলোকে জেহাদীৰ শিপা বিয়পাবলৈ চেষ্টা কৰিছিল। কেৱল অসমতে নহয়, উত্তৰ পূৱৰ অন্য অঞ্চলটো কূটঘাটমূলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল জেহাদীয়ে।

তেওঁ কয়, জেহাদীৰ ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল সমগ্ৰ দেশ। জেহাদীৰ দলটোৱে অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ লৈছিল বুলি উল্লেখ কৰি সিঙে কয় যে, আমি কেতিয়াও কাকো দেশৰ ক্ষতি কৰিব নিদিও। জেহাদীৰ বিৰুদ্ধে এতিয়াও যুদ্ধ বাকী আছে বুলি কয় সিঙে।

গ্ৰেপ্তাৰ হোৱা জেহাদীৰ পৰা এছ টি এফে উদ্ধাৰ কৰিছে ৪ টা হাতেৰে নিৰ্মিত বন্দুক, ৩৪ ৰাউণ্ড গুলী, ২৪ টা খালী কাৰ্টিজ, বিস্ফোৰকেৰে নিৰ্মিত এটা গ্ৰেনেড. কৰ্টেক্সৰ সৈতে এযোৰ লাইভ আন প্ৰাইমড আই ই ডি, কৃষি সঁজুলিৰ পৰা নিৰ্মাণ কৰা ডিটনেটকক এটা বৰ্তনী, ২০ টা লোৰ টুকুৰা, ১৪ টা ইলেক্ট্ৰিক চুইটচ, ফায়াৰ ক্ৰেকাৰত ব্যৱহাৰ হোৱা বিস্ফোৰকৰ সৈতে বহু চুইত আৰু তাঁৰসহ অন্য আপত্তিজনক সামগ্ৰী।

সিঙে প্ৰদান কৰা তথ্য অনুসৰি জেহাদী বিৰোধী অভিযানত ডিচেম্বৰৰ প্ৰথম ভাগত সমগ্ৰ দেশত ৮টাকৈ জেহাদী গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই কালি দুয়োকে গ্ৰেপ্তাৰ কৰে। কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৮ জেহাদী আছিল বাংলাদেশৰ মহম্মদ ছাদ ৰাদি, পশ্চিম বংগৰ মিনাৰুল শ্বেইখ, আব্বাছ আলী, অসমৰ নুৰুল ইছলাম মণ্ডল, আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান, হামিদূল ইঠলাম আৰু ইনামূল হক। আৰক্ষীয়ে কয় যে.,জেহাদী সন্দৰ্ভত তদন্ত অব্যাহত আছে। পৰৱৰ্তী সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব।

 

পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...