নিশা আমিনগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, বাহনসহ দুজনক আটক…

কামৰূপ আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ খবৰ লাভ কৰা গৈছে। ইয়াৰ লগতে দুজনক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা বাহন জব্দ কৰিছে আৰক্ষীয়ে।

নিশা আমিনগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, বাহনসহ দুজনক আটক...

ড্ৰাগছ জব্দ

Published: 

03 Sep 2025 | 08:48 AM

আমিনগাঁৱত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ। কামৰূপ আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ খবৰ লাভ কৰা গৈছে। ইয়াৰ লগতে দুজনক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা বাহন জব্দ কৰিছে আৰক্ষীয়ে। কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, যোৱা নিশা আমিনগাঁৱত আৰক্ষীয়ে চলোৱা এক অভিযানত ৭৪ টাকৈ চাবোনৰ বাকচত উদ্ধাৰ হয় ৯১০ গ্ৰাম হেৰ’ইন । ইয়াৰ আনুমানিক মূল্য প্ৰায় ৮ কোটি টকা হ’ব বুৰি আৰক্ষীয়ে ধাৰণা কৰিছে। জানিব পৰা মতে, এই ড্ৰাগছখিনি মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা নামনি অসমলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল।

ইফালে, ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ হোৱাৰ MN 01-AW-2641 নম্বৰৰ হুণ্ডাই i10 বাহন খন জব্দ কৰে আৰক্ষীয়ে। লগতে আটক কৰা হৈছে দুই সৰবৰাহকাৰী গগৌ সুৱান্তক আৰু চেইলুন ভাইফেইক। দুয়োজনৰ ঘৰ মণিপুৰৰ চুৰাচান্দপুৰ জিলাত বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, চুৰাচান্দপুৰ (মণিপুৰ)ৰ পৰা কামৰূপ হৈ নামনি অসমলৈ ৰঙা ৰঙৰ MN 01-AW-2641 নম্বৰৰ হুণ্ডাই i10 গাড়ীৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সন্দৰ্ভত বিশেষ সূত্ৰৰ ইনপুট লাভ কৰিছিল আৰক্ষীয়ে। সেই ইনপুটৰ ভিত্তিত আমিনগাঁৱত গাড়ীখন আটক কৰি ৭৪টা চাবোনৰ বাকচত ৯১০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...