কাছাৰত পুনৰ ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ, মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট…

অসম আৰক্ষীয়ে কাছাৰ জিলাত ৪৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী সফলতাৰে জব্দ কৰিবলৈ সক্ষম হৈছে। এই উল্লেখযোগ্য অভিযানত ড্ৰাগছ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত চাৰিজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে ।

কাছাৰত পুনৰ ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ, মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট...

ড্ৰাগছ জব্দ

Published: 

10 Jun 2025 | 02:21 PM

অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে । আৰক্ষীৰ এই অভিযানত প্ৰায় ৪৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে । এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক পুনবাৰ আলোকপাত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অসম আৰক্ষীয়ে কাছাৰ জিলাত ৪৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী সফলতাৰে জব্দ কৰিবলৈ সক্ষম হৈছে। এই উল্লেখযোগ্য অভিযানত ড্ৰাগছ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত চাৰিজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে । নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ তথ্য ভিত্তিত একেৰাহে দুটা অভিযান চলাইছিল আৰক্ষীয়ে ।

তেওঁ কয় যে, ”দুটা সফল ড্ৰাগছ বিৰোধী অভিযানত কাছাৰ আৰক্ষীয়ে ৪৫ কোটি টকাৰ ১.৫ লাখ ইয়াবা টেবলেট জব্দ কৰে ।” ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “আমাৰ যুৱক-যুৱতীসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অসম আৰক্ষী দৃঢ়তাৰে থিয় দিছে।”

ইফালে, আছাম ৰাইফলছে ন’নীৰ এটা চেকপোষ্টত ৫ কোটি টকা মূল্যৰ হেৰ’ইন আৰু ইয়াবা টেবলেট জব্দ কৰা কথাও জানিব পৰা গৈছে । একেদৰে সীমান্ত সুৰক্ষা বাহিনীয়ে মিজোৰামৰ কোলাছিব জিলাতো অভিযান চলাই ৭.০৪ লাখ টকাৰ নিচাযুক্ত টেবলেট জব্দ কৰে। ইয়াৰ সৈতে জড়িত এজন ব্যক্তিক আটক কৰা হৈছে। নিশ্চিত কৰা হৈছে যে, এই সকলো নিচাযুক্ত সামগ্ৰী চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা সৰবৰাহ কৰা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...