৫ ইউটিউবাৰক সোধ-পোছৰ বাবে মুম্বালৈ ৰাওনা গুৱাহাটীৰ অপৰাধ শাখাৰ দল…

ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতে আজি গুৱাহাটীৰ অপৰাধ শাখাৰ এটা দল মুম্বাইলৈ ৰাওনা হৈছে । বিশেষকৈ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ এক অনুষ্ঠানৰ সৈতে জড়িত এটা গোচৰৰ তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ দলটো।

৫ ইউটিউবাৰক সোধ-পোছৰ বাবে মুম্বালৈ ৰাওনা গুৱাহাটীৰ অপৰাধ শাখাৰ দল...

ইউটিউবাৰ

Published: 

12 Feb 2025 | 11:56 AM

পাঁচ গৰাকীকৈ ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতে আজি গুৱাহাটীৰ অপৰাধ শাখাৰ এটা দল মুম্বাইলৈ ৰাওনা হৈছে । বিশেষকৈ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ এক অনুষ্ঠানৰ সৈতে জড়িত এটা গোচৰৰ তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ দলটো। উল্লেখ্য যে,অশ্লীলতা প্ৰচাৰ আৰু যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত হোৱাৰ অভিযোগত পাঁচগৰাকীকৈ ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীৰ অপৰাধ শাখা ।

আৰক্ষীয়ে এফআইআৰত নাম উল্লেখ কৰা এই ইউটিউবাৰ কেইজন হৈছে- আশীষ চঞ্চলানী, যশপ্ৰীত সিং, অপূৰ্বা মখিজা, ৰণবীৰ এলাহবাদিয়া আৰু সময় ৰাইনা ৷ ইতিমধ্যে এই গোচৰৰ তদন্তৰ আৰু অধিক তথ্য সংগ্ৰহৰ বাবে মুম্বাইলৈ যাত্ৰা কৰিছে অসম আৰক্ষীৰ দলটো । এই গোচৰত নাম সাঙুৰ খোৱা আটাইকেইজন ইউটিউবাৰক সোধ-পোছ কৰিব অসম আৰক্ষীৰ অপৰাধ শাখাৰ দলটোৱে ।

উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীত অপৰাধ শাখাই এই ইউটিউবাৰ কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিছিল  অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও সদৰী কৰিছিল যে, গুৱাহাটী অপৰাধ শাখাই এই পাঁচজন ইউটিউবাৰৰ বিৰুদ্ধে বিএনএছ ২০২৩, আইটি আইন ২০০০, চিনেমাট’গ্ৰাফ আইন ১৯৫২, মহিলাৰ অশ্লীল প্ৰতিনিধিত্ব (নিষেধাজ্ঞা) আইন ১৯৮৬ ৰ অধীনত ৰুজু কৰিছে গোচৰ ।

উল্লেখ্য যে, সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে, ৰণবীৰে এজন যুৱকৰ পিতৃ- মাতৃ সন্দৰ্ভত আপত্তিজনক মন্তব্য প্ৰকাশ কৰিছিল । এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। ইফালে, ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াই এই আপত্তিজনক মন্তব্যৰ বাবে ক্ষমাও বিচাৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...