ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থিত পোষ্ট ! ৰাজ্যত এতিয়ালৈকে ৰাষ্ট্ৰ বিৰোধী গোচৰত ৮১ জনক গ্ৰেপ্তাৰ…
পাকিস্তানক সমৰ্থন তথা দেশ বিৰোধী মন্তব্য প্ৰকাশ কৰাৰ বাবে ৰাজ্যখনত এতিয়ালৈকে ৮১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

প্ৰতীকী ফটো
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা পাকিস্তানক সমৰ্থন কৰাৰ সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । পাকিস্তানক সমৰ্থন তথা দেশ বিৰোধী মন্তব্য প্ৰকাশ কৰাৰ বাবে ৰাজ্যখনত এতিয়ালৈকে ৮১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, পাকিস্তানক সমৰ্থন কৰাৰ অপৰাধত এতিয়ালৈকে ৮১ জন ৰাষ্ট্ৰ বিৰোধী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
শেহতীয়াকৈ শোণিতপুৰ আৰক্ষীয়ে মহম্মদ দিলৱাৰ হুছেইন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে কামৰূপ আৰক্ষীয়ে হাফিজুৰ ৰহমান নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে যে, দেশ বিৰোধী পোষ্ট বা পাকিস্তান সমৰ্থিত ছ’চিয়েল মিডিয়াত পোষ্টৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি থকা হৈছে । লগতে এই কাৰ্য ৰোধ কৰাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে ।
81 Anti-Nationals are now behind bars for sympathising with Pak | #Update | 1 June
1️⃣ @SonitpurPolice arrested Md Dilbar Hussain
2️⃣ @KamrupPolice arrested Hafizur Rahman
Our systems are constantly tracking anti-national posts on social media and taking actions.
— Himanta Biswa Sarma (@himantabiswa) June 1, 2025
সামাজিক মাধ্যমত দেশ বিৰোধী পোষ্ট দিয়াৰ বাবে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা এই ৮১ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । তেওঁলোকৰ বিৰুদ্ধে পাকিস্তানক সমৰ্থন তথা দেশ বিৰোধী মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ আছে । বৰ্তমান সময়ত এইধৰণৰ মন্তব্য দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি বিবেচিত হৈছে । গতিকে চৰকাৰে এনে উপাদান চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ব্যৱস্থা ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে দোহাৰিছে যে, চৰকাৰে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ সন্দৰ্ভত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে । এই সন্দৰ্ভত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
লগতে পঢ়ক : ব্যাহত ৰে’ল-পথ পৰিবহণ ব্যৱস্থা, বান-ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৰাজ্যখনৰ ৮ জন লোকে…