Anti-Drug Operation: যোৰাবাটত ৪ কোটি টকাৰ হেৰ’ইন জব্দ, এজনক আটক…

গুৱাহাটী মহানগৰীৰ এটা অঞ্চলত অভিযান চলাই এখন ট্ৰাকৰ প্ৰায় ৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । ইয়াৰ লগতে এই হেৰ’ইনখিনি সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত এজন লোককো আটক কৰিছে আৰক্ষীয়ে ।

Anti-Drug Operation: যোৰাবাটত ৪ কোটি টকাৰ হেৰ’ইন জব্দ, এজনক আটক...

প্ৰতীকী ফটো

Updated On: 

14 Oct 2024 16:43 PM

পুনৰ বৃহৎ মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, গুৱাহাটী মহানগৰীৰ এটা অঞ্চলত অভিযান চলাই এখন ট্ৰাকৰ প্ৰায় ৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । ইয়াৰ লগতে এই হেৰ’ইনখিনি সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত এজন লোককো আটক কৰিছে আৰক্ষীয়ে ।

সূত্ৰৰ খবৰ অনুসৰি,নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ ড্ৰাগছ কঢ়িয়াই অনাৰ তথ্য লাভ কৰিছিল আৰক্ষীয় । চোৰাংচোৱাৰ তথ্য়ৰ ভিত্তিতে মহানগৰীৰ যোৰাবাটৰ সমীপত অভিযান চলাই অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । এই অভিযান কালতে এখন ট্ৰাক আটক কৰে আৰক্ষীয়ে । ট্ৰাকখনত তালাচী চলাই ৫৩৭.২ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে ৪৫টা চাবোনৰ বাকচত এই ড্ৰাগছখিনি লৈ অহা হৈছিল ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, জব্দ কৰা হেৰ’ইনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪ কোটি টকা । জানিব পৰা মতে, এই গোচৰত ট্ৰাক চালকজনক আটক কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, ইযাৰ এদিন পূৰ্বে বিশেষ সূত্ৰৰ তথ্য ভিত্তিত অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়েও প্ৰায় ৪.৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰিছিল । এই অভিযানৰ নেতৃত্ব দিয়া কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে জনোৱা মতে, গোপন সূত্ৰৰ তথ্য ভিত্তিত চেৱালী বিল এলেকাত মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলোৱা হৈছিল । তালাচী সময়ত বাহনখনৰ গোপন চেম্বাৰৰ পৰা ৫৪৮.৮২ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে । ৪৮ টা চাবোনৰ বাকচত আছিল জব্দ কৰা হেৰ’ইনখিনি ।

আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে,ড্ৰাগছ কঢ়িয়াই অনা বাহনখন মিজোৰামৰ আছিল আৰু আইজলৰ পৰা বাহনখন আহিছিল বুলি জানিবলৈ দিছিল বিষয়াগৰাকীয়ে ।

সঘনাই গেছৰ সমস্যা হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ এটা ভুলৰ বাবেই দূৰ্বল হৈ পৰিব পাৰে আপোনাৰ দাঁত!
বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক
হাড়ত কৰ্কট ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক...