Anti-Drug Operation: যোৰাবাটত ৪ কোটি টকাৰ হেৰ’ইন জব্দ, এজনক আটক…

গুৱাহাটী মহানগৰীৰ এটা অঞ্চলত অভিযান চলাই এখন ট্ৰাকৰ প্ৰায় ৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । ইয়াৰ লগতে এই হেৰ’ইনখিনি সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত এজন লোককো আটক কৰিছে আৰক্ষীয়ে ।

Anti-Drug Operation: যোৰাবাটত ৪ কোটি টকাৰ হেৰ’ইন জব্দ, এজনক আটক...

প্ৰতীকী ফটো

Updated On: 

14 Oct 2024 | 04:43 PM

পুনৰ বৃহৎ মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, গুৱাহাটী মহানগৰীৰ এটা অঞ্চলত অভিযান চলাই এখন ট্ৰাকৰ প্ৰায় ৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । ইয়াৰ লগতে এই হেৰ’ইনখিনি সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত এজন লোককো আটক কৰিছে আৰক্ষীয়ে ।

সূত্ৰৰ খবৰ অনুসৰি,নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ ড্ৰাগছ কঢ়িয়াই অনাৰ তথ্য লাভ কৰিছিল আৰক্ষীয় । চোৰাংচোৱাৰ তথ্য়ৰ ভিত্তিতে মহানগৰীৰ যোৰাবাটৰ সমীপত অভিযান চলাই অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । এই অভিযান কালতে এখন ট্ৰাক আটক কৰে আৰক্ষীয়ে । ট্ৰাকখনত তালাচী চলাই ৫৩৭.২ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে ৪৫টা চাবোনৰ বাকচত এই ড্ৰাগছখিনি লৈ অহা হৈছিল ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, জব্দ কৰা হেৰ’ইনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪ কোটি টকা । জানিব পৰা মতে, এই গোচৰত ট্ৰাক চালকজনক আটক কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, ইযাৰ এদিন পূৰ্বে বিশেষ সূত্ৰৰ তথ্য ভিত্তিত অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়েও প্ৰায় ৪.৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰিছিল । এই অভিযানৰ নেতৃত্ব দিয়া কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে জনোৱা মতে, গোপন সূত্ৰৰ তথ্য ভিত্তিত চেৱালী বিল এলেকাত মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলোৱা হৈছিল । তালাচী সময়ত বাহনখনৰ গোপন চেম্বাৰৰ পৰা ৫৪৮.৮২ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে । ৪৮ টা চাবোনৰ বাকচত আছিল জব্দ কৰা হেৰ’ইনখিনি ।

আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে,ড্ৰাগছ কঢ়িয়াই অনা বাহনখন মিজোৰামৰ আছিল আৰু আইজলৰ পৰা বাহনখন আহিছিল বুলি জানিবলৈ দিছিল বিষয়াগৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...