নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰ গুলীত নিহত চোৰাংচিকাৰী, উদ্ধাৰ মৃত হৰিণ…

অসমৰ শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা সংঘৰ্ষত লিপ্ত হয় চোৰাংচিকাৰী এটা দল । এই সংঘৰ্ষত এটা সন্দেহযুক্ত চোৰাংচিকাৰী নিহত হয় বুলি জানিব পৰা গৈছে ।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰ গুলীত নিহত চোৰাংচিকাৰী, উদ্ধাৰ মৃত হৰিণ...

নামেৰী ৰাষ্ট্ৰীয় উদ্য়ান

Published: 

20 Jan 2025 | 02:01 PM

বনৰক্ষীৰে সংঘৰ্ষত চোৰাংচিকাৰী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ডিক্ৰাই বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা । সূত্ৰৰ খবৰ অনুসৰি, অসমৰ শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা সংঘৰ্ষত লিপ্ত হয় চোৰাংচিকাৰী এটা দল । এই সংঘৰ্ষত এটা সন্দেহযুক্ত চোৰাংচিকাৰী নিহত হয় বুলি জানিব পৰা গৈছে ।

ডি এফ অ’ পিৰাইছডান বিয়ে জনোৱা মতে, দেওবাৰে নিশা ডিক্ৰাই অঞ্চলৰ ঘন বনাঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ। তেওঁ কয়, “আমি জানিব পাৰিছো যে উদ্যানখনত চোৰাং চিকাৰীৰ এটা দল প্ৰৱেশ কৰি এটা হৰিণ হত্যা কৰিছে। এই চোৰাং চিকাৰী দলটো প্ৰৱেশ কৰাৰ তথ্য লাভ কৰাৰ পাছতে আমাৰ বনৰক্ষী বাহিনীয়ে অভিযান চলায় ।’

‘এই অভিযান কালতে চোৰাং চিকাৰী দলটোৱে বনৰক্ষী ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ লগে লগে বনৰক্ষীৰ প্ৰতিশোধমূলক গুলীত এজন চোৰাং চিকাৰী নিহত হয়।’ ঘটনাৰ বিৱৰণ এইদৰে দাঙি ধৰিছে বন বিষয়া গৰাকীয়ে । তেওঁ লগতে জানিবলৈ দিছে যে, ঘটনাস্থলীৰ পৰা হাতেৰে নিৰ্মিত ৰাইফল আৰু হৰিণৰ মৃতদেহ উদ্ধাৰ কৰা কৰিছে বনৰক্ষীয়ে।

পিৰাইছডানে কয় যে, সন্দেহযুক্ত চোৰাংচিকাৰীজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই । আনহাতে দলটোৰ আন সদস্যসকলে পলায়ন কৰিবলৈ সক্ষম হয় । তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে ।

আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে, এই ঘটনাই বন বিভাগৰ উদ্যানখনৰ বন্যপ্ৰাণী সুৰক্ষা আৰু চোৰাং চিকাৰ বিৰোধী ব্যৱস্থাক পুনৰবাৰ প্ৰতিফলিত কৰিছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...