Assam Panchayat election Live: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ…

Assam panchayat election Live: আজি পুৱা ৭.৩০ বজাৰ পৰা ৰাজ্যৰ ১২,১৩০ টা ভোটকেন্দ্ৰত অনুষ্ঠিত  হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে ইয়াক লৈ ভোটকেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

Assam Panchayat election Live: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...

পঞ্চায়ত নিৰ্বাচন

Updated On: 

07 May 2025 10:11 AM

আজি পুৱা ৭.৩০ বজাৰে পৰা ৰাজ্যত আৰম্ভ হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। পঞ্চায়তৰ অন্তিম পৰ্যায়ৰ এই নিৰ্বাচন ১৩ খন জিলা  ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং জিলাত অনুষ্ঠিত হ’ব। আজিৰ দিনটোত ৰাজ্যৰ ১২,১৩০ টা ভোটকেন্দ্ৰত অনুষ্ঠিত  হ’ব ভোটগ্ৰহণ। তথ্য অনুসৰি ১৩ জিলাত সৰ্বমুঠ ২৯,৬০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াকে লৈ প্ৰতিটো কেন্দ্ৰতে গঢ়ি তোলা হৈছে কটকটীয়া  নিৰাপত্তা ব্যৱস্থা। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২ মে’ত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ১১ মে’ত।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 07 May 2025 10:10 AM (IST)

    ফলাফল ঘোষণা কেতিয়া

    উল্লেখ্য যে, ৰাজ্যৰ ১৩ খন জিলাত সুকলমে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। এতিয়ালৈকে কোনো ঠাইৰ পৰা কোনো অনাকাংক্ষিত ঘটনাৰ খবৰ পোহৰলৈ অহা নাই। এই নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ১১মে’ত।

  • 07 May 2025 09:29 AM (IST)

    সকলোকে ভোট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ


  • 07 May 2025 08:35 AM (IST)

    নগাঁও জিলা প্ৰশাসনৰ পোষ্ট

  • 07 May 2025 08:20 AM (IST)

    ১৩ খন জিলাত বন্ধ

    পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৩ খন জিলাত বন্ধ ঘোষণা কৰা হৈছে। এই জিলা কেইখন- ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং।

  • 07 May 2025 07:53 AM (IST)

    আৰম্ভ ভোটগ্ৰহণ

    পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ আৰম্ভ ভোটগ্ৰহণ। ১৩ খন জিলাত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া।

শৰীৰত হিম'গ্ল'বিন কম থাকিলে কি কি লক্ষণ দেখা যায়? | Hemoglobin deficiency main big symptoms in body
কণ্ডম কিদৰে প্ৰস্তুত কৰা হয় ? কিনাৰ পূৰ্বে মনত ৰাখিব এই কথা
হাতলৈ আহিব ধন, হ’ব উন্নতি, মাথোঁ এইদৰে সন্তুষ্ট কৰক হনুমানক
দূৰ হ'ব ধনৰ অভাৱ, লাভ কৰিব দেৱী লক্ষ্মীৰ আশীৰ্বাদ! মাথোঁ কৰক এই কাম