Assam panchayat election Live 2025: বিয়লি ৩.৩৯ বজালৈকে ভোটদানৰ হাৰ একেবাৰে কম ডিব্ৰুগড়ত, সৰ্বাধিক লখিমপুৰত…

Assam Panchayat election live: আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পুৱাৰে পৰা বৰাক উপত্যকা আৰু উজনি অসমত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভোটকেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।

Assam panchayat election Live 2025: বিয়লি ৩.৩৯ বজালৈকে ভোটদানৰ হাৰ একেবাৰে কম ডিব্ৰুগড়ত, সৰ্বাধিক লখিমপুৰত...

পঞ্চায়ত নিৰ্বাচন

Updated On: 

02 May 2025 17:43 PM

আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা আৱেলি  ৩.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বৰাক উপত্যকা আৰু উজনি অসমত অনুষ্ঠিত হোৱাৰ বিপৰীতে অহা ৭ মে’ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।  নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে প্ৰায় ৯০ লাখ পুৰুষ ভোটাৰ আৰু প্ৰায় ৮৯ লাখ মহিলা ভোটাৰ। এইবাৰ বেলট পেপাৰৰ যোগেদি সম্পন্ন হ’ব ভোটদান প্ৰক্ৰিয়া। ইতিমধ্যে ভোটকেন্দ্ৰসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 02 May 2025 05:27 PM (IST)

    অন্ত পৰিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

    অন্ত পৰিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৪.৩০ বজাৰ লগে লগে সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰতিক্ৰিয়া । ৩.৩০ বজালৈ ৰাজ্যৰ ভোটদানৰ হাৰ ৫৬.৪১ শতাংশ।

  • 02 May 2025 04:48 PM (IST)

    বিয়লি ৩.৩০ বজালৈ ভোটদানৰ হাৰ

    লখিমপুৰ-৬৬.৫ শতাংশ, কাছাৰ-৫৮.৫৫ শতাংশ, বিশ্বনাথ-৫৬.৮৯ শতাংশ, ধেমাজি-৬২ শতাংশ, ডিব্ৰুগড়-৪৫ শতাংশ, গোলাঘাট-৫২.৫১ শতাংশ, শ্ৰীভূমি-৬০.১৫ শতাংশ, মাজুলী-৬১.৬৭ শতাংশ, যোৰহাট-৫৭ শতাংশ, তিনিচুকীয়া-৪৮.১৪ শতাংশ, শোণিতপুৰ-৫২.৫ শতাংশ, চৰাইদেউ-৫০.৯৪ শতাংশ, শিৱসাগৰ-৫৭.৭২ শতাংশ, হাইলাকান্দি-৬০.১০ শতাংশ ।


  • 02 May 2025 04:15 PM (IST)

    শিৱসাগৰত এখনো পঞ্চায়ত জিকিব নোৱাৰে অখিল গগৈ : ভূপেন বৰা

    শিৱসাগৰত এখনো পঞ্চায়ত জিকিব নোৱাৰে অখিল গগৈ । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । তেওঁ কয় যে, “অখিল গগৈয়ে কৈছে তেওঁক বহু ভাল পায় । শিৱসাগৰত এখনো নিজিকে ।”

  • 02 May 2025 03:36 PM (IST)

    মহিলাৰ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গিতিকা কাকতিক বহিষ্কাৰ

    বিজেপিৰ মহিলাৰ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গিতিকা কাকতিক দলৰ পৰা বহিষ্কাৰ । তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ দলৰ প্ৰাৰ্থিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে গিতিকা কাকতিক ।

  • 02 May 2025 03:14 PM (IST)

    মাজুলীত উত্তপ্ত পৰিস্থিতি

    ভোটগ্ৰহণ চলি থকাৰ মাজতে মাজুলীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, আঁহতগুৰিৰ কাঁচিকতা আদৰ্শ এম ই স্কুলৰ ভোটদান কেন্দ্ৰত বেলট পেপাৰৰ বিসংগতি পোহৰলৈ আহিছে । এইলৈ একাংশ দলীয় কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে ।

     

  • 02 May 2025 02:47 PM (IST)

    দুপৰীয়া ১.৩০ বজালৈ ভোটদানৰ হাৰ

    লখিমপুৰ-৪৭.৭৫ শতাংশ, কাছাৰ-৪৮.১০ শতাংশ, বিশ্বনাথ-৪৩.২১ শতাংশ, ধেমাজি-৪৮.৪ শতাংশ, ডিব্ৰুগড়-৩৫ শতাংশ, গোলাঘাট-৩৮.২৩ শতাংশ, শ্ৰীভূমি-৪৫.৮৪ শতাংশ, মাজুলী-৪৫.৪৪ শতাংশ, যোৰহাট-৪২ শতাংশ, তিনিচুকীয়া-৩৮.৩৭ শতাংশ, শোণিতপুৰ-৩৮.২ শতাংশ, চৰাইদেউ-৩৭.০৯ শতাংশ ।

  • 02 May 2025 02:40 PM (IST)

    খুমটাইত ভোটাৰ তালিকাত বিসংগতি

    খুমটাইত ভোটাৰ তালিকাৰ বিসংগতি হোৱাৰ খবৰ লাভ কৰা গৈছে । শেনচোৱা গাঁও পঞ্চায়তৰ চেপাগুৰিত ভোটদানৰ পৰা বহু ভোটাৰ বঞ্চিত হোৱা বুলি জানিব পৰা গৈছে । ভোটাৰ তালিকাত নাম নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে পঞ্চায়তটোৰ একাংশ লোকে ।

  • 02 May 2025 02:37 PM (IST)

    গোলাঘাটত ভোটাধিকাৰ সাব্যস্ত বিস্মিতা গগৈৰ

    গোলাঘাটত ভোটাধিকাৰ সাব্যস্ত বিস্মিতা গগৈৰ । ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ ক’লে-পঞ্চায়ত নিৰ্বাচনত এইবাৰ যুৱ প্ৰতিনিধিৰ অংশগ্ৰহণক শুভ লক্ষণ বুলি কয় বিস্মিতা গগৈয়ে ।

  • 02 May 2025 02:31 PM (IST)

    নলবাৰীত গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি

    নলবাৰীত গৌৰৱ গগৈক ক’লা পতাকা প্ৰদৰ্শন একাংশৰ । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে গৌৰৱ গগৈক ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ একাংশৰ । লগতে গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিয়ে প্ৰতিবাদকাৰীয়ে ।

  • 02 May 2025 01:18 PM (IST)

    বিজেপি সমৰ্থকৰ বিৰুদ্ধে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীক আক্ৰমণৰ অভিযোগ

    শ্ৰীভূমি জিলাত কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থী কুবেৰ যাদৱক প্ৰহাৰ কৰাৰ খবৰ পোৱা গৈছে । যাদৱে নিজৰ এজেণ্ট উপস্থিত আছে নে নাই পৰীক্ষা কৰিবলৈ এটা ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে ঘটনাটো সংঘটিত হয় । কংগ্ৰেছ প্ৰাৰ্থীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি সমৰ্থকৰ বিৰুদ্ধে । এতিয়া পৰিস্থিতি নিৰীক্ষণৰ অধীনত আছে, আক্ৰমণৰ সম্পূৰ্ণ তদন্তৰ আহ্বান জনাইছে কংগ্ৰেছে ।

  • 02 May 2025 01:07 PM (IST)

    অজন্ত নেওগে কি ক’লে…

    ভোটাধিকাৰ সাব্যস্ত কৰি অজন্তা নেওগে কয় যে,  মানুহৰ ভিৰ দেখা পাইছো। ভোটদান যথেষ্ঠ হ’ব বুলি আশা কৰিছো। মই সকলোকে ভোট দিবলৈ আহ্বান জনাইছো। এই নিৰ্বাচন উন্নয়নৰ সপেক্ষে যাব বুলি আশা কৰিছো।

  • 02 May 2025 12:44 PM (IST)

    চাবুৱা-লাহোৱাল সমষ্টিত বেমেজালি

    চাবুৱা-লাহোৱাল সমষ্টিৰ পৰা বেমেজালিৰ খবৰ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি দেৰাই দীঘলিবাড়ীত ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ল বহু ভোটাৰ।

  • 02 May 2025 12:32 PM (IST)

    শ্ৰীভূমিৰ বিভিন্ন ঠাইত উত্তপ্ত পৰিস্থিতি

    শ্ৰীভূমিৰ বিভিন্ন ঠাইত উত্তপ্ত পৰিস্থিতি।ভোটদানক লৈ কেইবাটাও ভোটকেন্দ্ৰৰ পৰা মাৰপিট, বেলট চুৰি আদিৰ ঘটনা পোহৰলৈ আহিছে।

  • 02 May 2025 12:17 PM (IST)

    ১১.৩০ বজালৈ ভোটদানৰ হাৰ

    • লখিমপুৰ- ২৭.৬ শতাংশ
    • কাছাৰ- ২৫.৪ শতাংশ
    • বিশ্বনাথ-২৪.১৫ শতাংশ
    • ধেমাজি- ২৫.৪ শতাংশ
    • ডিব্ৰুগড়-১৮ শতাংশ
    • শ্ৰীভূমি- ২৪.৬৫ শতাংশ
    • যোৰহাট- ২৭ শতাংশ
  • 02 May 2025 11:59 AM (IST)

    শ্ৰীভূমিত বেলট পেপাৰ চুৰি

    শ্ৰীভূমিত বেলট পেপাৰ চুৰিৰ ঘটনা। আছিমগঞ্জ ফৰিদকোনা পঞ্চায়তৰ ৯ নং ৱাৰ্ডত এই ঘটনা। আজি ৰাজা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত এই ঘটনা। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য।

  • 02 May 2025 11:51 AM (IST)

    মন্ত্ৰী ৰনোজ পেগুই সাব্যস্ত কৰিলে ভোটাধিকাৰ

  • 02 May 2025 11:35 AM (IST)

    শ্ৰীভূমিৰ দুটা ভোটকেন্দ্ৰত ৰাইজৰ ভোট বৰ্জন

    শ্ৰীভূমিৰ দুটা ভোটকেন্দ্ৰত ৰাইজৰ ভোট বৰ্জন। ৭১৫ নং দক্ষিণকুল এলপি স্কুলৰ দুটাকৈ ভোটকেন্দ্ৰত ভোট বৰ্জনৰ ঘটনা। অভিযোগ অনুসৰি পঞ্চায়তৰ সীমা নিৰ্ধাৰণত ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে। একাংশ ব্যক্তিৰ লাভৰ বাবে ১০ কিলোমিটাৰ দূৰলৈ ভোটকেন্দ্ৰ স্থাপনৰ অভিযোগ।

  • 02 May 2025 11:32 AM (IST)

    টীয়কত ভোটদানৰ পৰা বঞ্চিত প্ৰাৰ্থী

    টীয়কত ভোটদানৰ পৰা বঞ্চিত প্ৰাৰ্থী। ভোটাৰ তালিকাত পশ্চিম টীয়ক পঞ্চায়তৰ ৪ নং দক্ষিণ দুলীয়া বাৰ্ডৰ প্ৰাৰ্থী দিম্পী বৰাৰ নাম নাহিল। মধ্য দক্ষিণ দুলীয়া প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত এই ঘটনা।

  • 02 May 2025 11:21 AM (IST)

    নিৰ্বাচনৰ মাজতে সংঘাত

    পঞ্চায়ত নিৰ্বাচনক লৈ চলি থকা সংঘাতৰ মাজতে বিভিন্ন ঠাইৰ পৰা সংঘাতৰ খবৰ আহিছে। বিশেষকৈ বৰাক উপত্যকাৰ পৰা নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ খবৰ পোহৰলৈ আহিছে।

  • 02 May 2025 11:10 AM (IST)

    দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ দলগ্ৰাম ভোটকেন্দ্ৰত উত্তেজনা

    দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ দলগ্ৰাম ভোটকেন্দ্ৰত উত্তেজনা। ভোট দিয়াক লৈ দুই পক্ষৰ মাজত কাজিয়া। আহত ৩ জনক হাস্পাতালত ভৰ্তি। ঘটনাক লৈ চাঞ্চল্য অব্যাহত।

  • 02 May 2025 10:37 AM (IST)

    সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

  • 02 May 2025 10:30 AM (IST)

    প্ৰথম ২ ঘন্টাত ভোটদানৰ হাৰ

    • তিনিচুকীয়া- ৮.৪০ শতাংশ
    • চৰাইদেউ- ৮.৮৩ শতাংশ
    • গোলাঘাট- ৯.৩০ শতাংশ
    • লখিমপুৰ- ১৪ শতাংশ
    • বিশ্বনাথ- ৯.১ শতাংশ
    • হাইলাকান্দি- ১০.৭০ শতাংশ
    • ডিব্ৰুগড়- ৭ শতাংশ
    • যোৰহাট- ১২ শতাংশ
    • ধেমাজি- ১১ শতাংশ
    • শোণিতপুৰ- ৮.৯ শতাংশ
    • বিশ্বনাথ -৯.১ শতাংশ
    • কাছাৰ- ৮.৫ শতাংশ
    • হাইলাকান্দি- ১০.৭০ শতাংশ
    • শ্ৰীভূমি- ৯.৮৫ শতাংশ
  • 02 May 2025 09:57 AM (IST)

    শ্ৰীভূমিত বেলট পেপাৰত বিসংগতি

    শ্ৰীভূমিত বেলট পেপাৰত বিসংগতি। ৱাৰ্ড সদস্যৰ প্ৰতীকচিহ্ন আছিল কাপ-প্লেট, কিন্তু বেলট পেপাৰত আহিল অটোৰিক্সাৰ ছবি। সম্প্ৰত বন্ধ কৰি দিয়া হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মেদল শৰীফ নগৰ পঞ্চায়তৰ ৭ নং ৱাৰ্ডত এই ঘটনা

  • 02 May 2025 09:36 AM (IST)

    ভূপেন বৰাই কি ক’লে

  • 02 May 2025 09:15 AM (IST)

    কাছাৰৰ কাটিগড়াৰ ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

    কাছাৰৰ কাটিগড়াৰ ভোটকেন্দ্ৰত মাৰপিটৰ ঘটনা। এই ঘটনাত আহত কেইবাজনো। ১ ঘন্টা ধৰি বন্ধ হৈ আছে ভোটগ্ৰহণ। ফুলবাৰী-তাৰিণীপুৰ গাঁও পঞ্চায়তৰ ২ নং ভোটকেন্দ্ৰত এই ঘটনা।

  • 02 May 2025 08:58 AM (IST)

    ভোটাৰৰ ব্যাপক সঁহাৰি

    ৰাজ্যৰ প্ৰতিটো ভোটকেন্দ্ৰত দেখা গৈছে ভোটাৰৰ ব্যাপক সঁহাৰি। পুৱাৰে পৰা ভোটাৰসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি গৈছে।

  • 02 May 2025 08:45 AM (IST)

    ভূপেন বৰাই কি ক’লে

    ভোট দিবলৈ আহি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, মই ভোট দিব আহিছো। মই ১৪ খন জিলাৰ ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো। এয়া আমাৰ নৈতিক দায়িত্ব। আমি অত্যন্ত আশাবাদী। ৰাইজে যোৱা সময়চোৱাত মনৰ ভিতৰত যি ক্ষোভ লৈ আছিল তাৰ আজি বহি প্ৰকাশ ঘটিব। বৰাই লগতে কয় যে, ভোটৰ দিনা ঘৰত বহি থকা পাপ। এয়া আমাৰ দায়িত্ব।

  • 02 May 2025 08:31 AM (IST)

    মন্ত্ৰী প্ৰশান্ত ফুকনে সাব্যস্ত কৰিলে ভোটাধিকাৰ

    মন্ত্ৰী প্ৰশান্ত ফুকনে সাব্যস্ত কৰিলে ভোটাধিকাৰ। ডিব্ৰুগড়ৰ এটা ভোটকেন্দ্ৰৰ পৰা সাব্যস্ত কৰে ভোটাধিকাৰ। ৰাজ্যৰ ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

  • 02 May 2025 08:17 AM (IST)

    নিৰ্বাচনত নিয়োজিত ৪ প্ৰিজাইডিং বিষয়াক নিলম্বন

    নিৰ্বাচনত নিয়োজিত ৪ প্ৰিজাইডিং বিষয়াক নিলম্বন। বেলট হেৰুৱাই হাইলাকান্দিত নিলম্বিত হ’ল ৪ গৰাকী শিক্ষক-চিৰঞ্জীৱ সিংহ, নাছিৰ উদ্দিন লস্কৰ, শ্বৰীফ উদ্দিন মাজাৰভূঞা আৰু আহমেদ আলী লস্কৰ। হাইলাকান্দিৰ উমেদনগৰ-ৰাজেশ্বৰপুৰত নিয়োগ কৰা হৈছিল বিষয়াকেইগৰাকীক।

  • 02 May 2025 08:07 AM (IST)

    ভোটাধিকাৰ সাব্যস্ত ভূপেন বৰাৰ

    প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোটদানৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বৰাই সকলোকে ঘৰৰ পৰা ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

  • 02 May 2025 08:01 AM (IST)

    মুঠ ভোটাৰৰ সংখ্যা

    চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।১৪ জিলাত মুঠ ভোটাৰৰ সংখ্যা ৮৯,৬০,৫৭৭ গৰাকী।  ইয়াৰে পুৰুষ ভোটাৰ ৪৪,৬৬,৯৮৪ জন, মহিলা ভোটাৰ ৪৪,৯৩,৪২৯ আৰু তৃতীয় লিংগৰ ভোটা ১৬৪ গৰাকী।

  • 02 May 2025 07:52 AM (IST)

    মুঠ আসনৰ সংখ্যা

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি ল’ব ZPC ৰ ২১৬ খন আসন। ১৪ খন জিলাত AP ৰ মুঠ আসনৰ সংখ্যা ১,১৩৮ খন। নিৰ্বাচনৰ বাবে সাজু ১২,৯১৬ টা ভোটকেন্দ্ৰ। ভোটকেন্দ্ৰসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

  • 02 May 2025 07:39 AM (IST)

    আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া

    ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। ১৪ খন জিলাত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। এইবাৰ বেলট পেপাৰত অনুষ্ঠিত হৈছে নিৰ্বাচন।

  • 02 May 2025 07:33 AM (IST)

    ১৪ খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা

    পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১৪ খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা। ১৮৮১ ৰ এন আই আইন অনুসৰি বন্ধ ঘোষণা। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি সাধাৰণ প্ৰশাসন বিভাগৰ।

  • 02 May 2025 07:27 AM (IST)

    ১৪ জিলাত ভোটগ্ৰহণ

    আজি ৰাজ্যৰ ১৪ খন জিলাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। জিলা কেইখন- তিনিচুকীয়া, ডিব্ৰুগড়,চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলা।

  • 02 May 2025 07:25 AM (IST)

    পুৱা ৭.৩০ বজাৰ পৰা ভোটগ্ৰহণ

    আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ উজনি আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ’ব।

সোৱাদেৰে সমৃদ্ধ ‘নিৰামিষভোজীৰ মঙহ’ কঁঠালত থাকে এনে পুষ্টিকৰ উপাদান, জানেনে আপুনি?
গৰম দিনত নিতৌ পানীত কেইখিলামান নিম দি কৰক স্নান, পাব এনে অনেক উপকাৰিতা
গৰমত মূৰ্ছা যোৱা ব্যক্তিক পানী দিয়া উচিত নে ? কি কয় চিকিৎসকে ?
পেটৰ কৰ্কট ৰোগৰ আটাইতকৈ ডাঙৰ লক্ষণবোৰ কি কি? কেনেকৈ চিনাক্ত কৰিব ?