ৰাজনীতিত ক্ষমতা লাগিব, ২৬ ত বিচাৰিব প্ৰাৰ্থিত্ব ! বিজেপিত যোগদান কোচ-ৰাজবংশী নেতা বিশ্বজিৎ ৰায়ৰ

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ-ৰাজবংশীৰ নেতা বিশ্বজিৎ ৰায়ে। যোগদান কৰিয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ব্যক্তি স্বাৰ্থ নহয়, উন্নয়ন স্বাৰ্থত তেওঁ বিজেপিত যোগদান কৰিছে।

ৰাজনীতিত ক্ষমতা লাগিব, ২৬ ত বিচাৰিব প্ৰাৰ্থিত্ব ! বিজেপিত যোগদান কোচ-ৰাজবংশী নেতা বিশ্বজিৎ ৰায়ৰ

বিশ্বজিৎ ৰায়

Updated On: 

12 Sep 2025 | 06:37 PM

অৱশেষত গেৰুৱা বসন পিন্ধিলে কোচ-ৰাজবংশীৰ নেতা বিশ্বজিৎ ৰায়ে। বাজপেয়ী ভৱনত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ-ৰাজবংশীৰ নেতা বিশ্বজিৎ ৰায়ে। যোগদান কৰিয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ব্যক্তি স্বাৰ্থ নহয়, উন্নয়ন স্বাৰ্থত তেওঁ বিজেপিত যোগদান কৰিছে।

তেওঁ কয় যে, “মই ব্যক্তিগত সুবিধাৰ বাবে BJP ত অহা নাই , উন্নয়নৰ স্বাৰ্থতহে আহিছোঁ। ব্যক্তিগত স্বাৰ্থ থকা হ’লে ২০১৯ তে কোনোবা এটা দলত যোগদান কৰিব পৰিলোঁহেঁতেন।”

২৬ ত প্ৰাৰ্থীত্ব বিচাৰিব বিশ্বজিৎ ৰায়ে

কোচ-ৰাজবংশীৰ নেতাগৰাকীয়ে কয়, “স্পষ্টভাৱে কওঁ ৰাজনীতিত ক্ষমতা লাগিব, হাতত ক্ষমতা থাকিব লাগিব। নিজৰ জনগোষ্ঠীটোৰ মানুহৰ আশা-আকাংক্ষা আগত ৰাখি ৰাজনীতিলৈ আহিছোঁ। দলটোত যোগদান কৰিছোঁ, নিশ্চিতভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিম।”

“গণতান্ত্ৰিক ব্যৱস্থা দলটোত আছে। কিন্তু মোক প্ৰাৰ্থীত্ব দিবই বা প্ৰাৰ্থিত্ব দিলেহে বিজেপি কৰিম, তেনে কথা নহয়। এই দলৰ জৰিয়তে কোচ-ৰাজবংশীৰ ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ।” প্ৰাৰ্থিত্বৰ সন্দৰ্ভত এইদৰে কয় কোচ-ৰাজবংশীৰ নেতাগৰাকীয়ে।

লগতে তেওঁ কয়, “প্ৰাৰ্থিত্ব প্ৰথম কথা নহয়, প্ৰাৰ্থীত্ব দিবও পাৰে নিদিবও পাৰে। উপযুক্ত হ’লে হয়টো দলে প্ৰাৰ্থিত্ব দিব আৰু উপযুক্ত নহ’লে প্ৰাৰ্থিত্ব নিদিয়ে। এই কথা নহয় যে, প্ৰাৰ্থীত্ব নাপালে দলটোৰ পৰা আঁতৰি যাম।” নিজৰ সমৰ্থকসকলৰ ইচ্ছাৰ ভিত্তিত ২০২৬ ত প্ৰাৰ্থিত্ব বিচাৰিম বুলি এক প্ৰকাৰে স্পষ্ট কৰি দিছে বিশ্বজিৎ ৰায়ে।

জনজাতিকৰণ সন্দৰ্ভত কি ক’লে?

ইফালে জনজাতিকৰণ সন্দৰ্ভত তেওঁ কয়,”অহা বিধানসভাৰ অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিছে আমাক ।” একে সময়তে গোলকগঞ্জ প্ৰতিবাদৰ দিনা লাঠীচালনা কি কাৰণে কৰিব লগা হ’ল সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীক অভিযোগ দিয়া হৈছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে এই ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বুলি কয় বিশ্বজিৎ ৰায়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...