১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । বাৰিষাৰ বিৰতিৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে ।

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Published: 

08 Sep 2024 | 02:03 PM

অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ । অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । বাৰিষাৰ বিৰতিৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে । উদ্যানখনৰ সঞ্চালক গৰাকীয়ে সদৰী কৰা মতে, এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাংঘাতিক ধৰণে বানৰ প্ৰভাৱ পৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানখনৰ পথৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম অৱস্থাত জীপ ছাফাৰীৰ সুবিধা থকা উদ্যানখনৰ মাত্ৰ তিনিটা ৰেঞ্জহে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

বিষয়া গৰাকীয়ে জানিবলৈ দিছে যে,মধ্য বা কহৰা, পশ্চিম বা বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত দুটা শ্বিফটত জীপ ছাফাৰীৰ অনুমতি দিয়া হ’ব। সেইদৰে পুৱা ৭.৩০ বজাৰ পৰা ১০ বজালৈ প্ৰথমটো শ্বিফট আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৩ বজালৈ জীপ ছাফাৰীৰ দ্বিতীয় শ্বিফট থাকিব। আগন্তুক পৰ্যটনৰ সময়ত দৰ্শনাৰ্থীৰ অভিজ্ঞতা আৰু সুৰক্ষা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰিছে সোণালী ঘোষে ।

পূৰ্বৰ দৰে এইবাৰো কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত দেশ বিদেশৰ পৰ্যটকে ভিৰ কৰিব বুলি আশা প্ৰকাশ কৰে সোণালী ঘোষে । তেওঁ কয় যে, ইতিমধ্যে ইয়াৰ প্ৰাকৃতিক দৃশ্য, চহকী জৈৱ বৈচিত্ৰ্য আৰু এশিঙীয়া গঁড়ে পৰ্যটক সকলক আকৰ্ষিত কৰি আহিছে আৰু ৰাজ্যৰ শীৰ্ষ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হৈছে বুলি কয় সঞ্চালক গৰাকীয়ে ।

উল্লেখ্য যে, প্ৰতি বছৰে মে’ মাহত অৰ্থাৎ বাৰিষাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰা হয় । বাৰিষাৰ যোৱাৰ পাছতে অক্টোবৰ মাহৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...