সংবিধানৰ ২৪৪ ধাৰা ৰূপায়ণৰ দাবীত অসমৰ শ শ লোকে কঁপালে দিল্লীৰ ৰাজপথ…
বিভিন্ন দাবী উত্থাপন কৰি কালি শ শ প্ৰতিবাদকাৰীয়ে কঁপালে দিল্লীৰ ৰাজপথ। এই প্ৰতিবাদী কাৰ্যসূচীত অসমৰ পাহাৰীয়া জিলাৰ কেইবাটাও সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। শান্তিপূৰ্ণভাৱে হয় এই প্ৰতিবাদী কাৰ্যসূচী।

দিল্লীৰ প্ৰতিবাদ
শ শ প্ৰতিবাদকাৰীয়ে কঁপালে ৰাজধানী দিল্লীৰ ৰাজপথ। ভাৰতীয় সংবিধানত উল্লেখ থকা ২৪৪ ধাৰা ৰূপায়ণৰ দাবীত ১৫ ডিচেম্বৰত দিল্লীৰ যন্তৰ-মন্তৰত শান্তিপূৰ্ণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্বি ছাত্ৰ সন্থা, ডিমা ছাত্ৰ সন্থা, কাৰ্বি ৰিছৌ আদৰবাৰ, কাৰ্ছা, জে এন এইচ, তিৱা দৰবাৰ, কাৰ্বি দৰবাৰৰ লগতে তিনিখন পাহাৰীয়া জিলাৰ বিভিন্ন শাখা প্ৰতিনিধসকলে। KADHASDCOM ৰ নেতৃত্বত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী উত্থাপন কৰে।
এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাছকমৰ সভাপতি অজিৎ তিমুংঙে কয় যে, অসমৰ ভিতৰত এখন স্বায়ত্ত্ব শাসন তথা ভাৰতীয় সংবিধানত উল্লেখ থকা ২৪৪ক ধাৰা বৰ্তমান শীতকালীন অধিবেশনত কেন্দ্ৰীয় বিজেপি চৰকাৰে অতি সোনকালে ৰূপায়ণ কৰি পাৰ্বত্য অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ বহুদিনীয়া আশা পূৰ্ণ কৰিব লাগে। তেওঁ আৰু কয় যে, এয়া পাহাৰীয়া ৰাইজৰ প্ৰাপ্য, গতিকে চৰকাৰে পলম নকৰি কাৰ্বি ডিমাঞ্চল বিধেয়ক চৰকাৰী বিল হিচাপে ৰূপায়ণ কৰিব লাগে।
ইয়াৰোপৰি অন্যান্য সংগঠনৰ সদস্যসকলেও কেন্দ্ৰীয় চৰকাৰক দাবী জনাই শীতকালীন অধিবেশনত এই বিল উপস্থাপনৰ দাবী জনায়। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদ আৰু ডিমা হাচাও পৰিষদৰ চিইএম (CEM)ৰ পৰা আৰম্ভ কৰি সকলো নিৰ্বাচিত প্ৰতিনিধিসকলৰ সহযোগৰ প্ৰয়োজন হ’ব বুলি কয় সংগঠনৰ নেতাসকলে।
উল্লেখ্য যে, কালি নতুন দিল্লীত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত কাছকমৰ সম্পাদক চিং তিমুং ,সাংগঠনিক সম্পাদক খৰ চিং টেৰাং, কাৰ্বি ৰিছৌ আদৰবাৰ সভাপতি বিমান ক্ৰ’, কঔৱা সভাপতি মহেছ কিলিং, ডিএচইউ সাধাৰন সম্পাদক প্ৰমিট চেংজুং, কাৰ্বি চ আৰলৌ আমেই সভানেত্তী বিনা টেৰাংপী, সাধাৰণ সম্পাদিকা কাৰেং ইংতিপী, কাৰ্বি নেশ্য়নেল কাউন্সিলৰ সভাপতি মংগল চিং বে, কাৰ্বি ছাত্ৰ সন্থা সভাপতি বুধ্য টেৰাং আদিকে ধৰি সংগঠনৰ শীৰ্ষ নেতা -নেত্ৰী সকলে অংশ গ্ৰহণ কৰে ৷
অন্য খবৰ পঢ়কঃ শিক্ষাখণ্ডত মুকলি বিশেষ SMS পদ্ধতি: ৫ দিন বিদ্যালয়লৈ নগ’লে অভিভাৱক, শিক্ষকে পাব বিশেষ বাৰ্তা…