জাতিৰ খলনায়ক হিচাপে কাললৈ কুখ্যাতি অৰ্জন কৰিলে সোণোৱাল আৰু শৰ্মাই:এজেপি

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমীয়াৰ ওপৰত বিদেশীৰ প্ৰভুত্ব স্থাপনেৰে জাতিৰ অস্তিত্বৰ কফিনত এইবাৰ শেষ গজালটো মাৰিলে ৷ অসমীয়া তথা ৰাজ্যৰ অন্য থলুৱা ভাষা-সংস্কৃতি আৰু জাতীয়-জনগোষ্ঠীয় স্বাভিমানক বাৰে বেৰে পদাঘাত কৰি অহা বিজেপি চৰকাৰে বিদেশীৰ বিৰুদ্ধে নাগৰিকসকলৰ মনত পুঞ্জীভূত হৈ থকা ক্ষোভৰ এনেদৰে উপলুঙা কৰিব বুলি কোনেও কল্পনা কৰা নাছিল৷

জাতিৰ খলনায়ক হিচাপে কাললৈ কুখ্যাতি অৰ্জন কৰিলে সোণোৱাল আৰু শৰ্মাই:এজেপি

হিমন্ত বিশ্ব- সৰ্বানন্দ

Published: 

15 Jul 2024 | 08:08 PM

নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ ভিত্তিত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নল’বলৈ ৰাজ্য চৰকাৰে আৰক্ষী বিভাগক নিৰ্দেশনা প্ৰদানৰ তথ্য ৰাজহুৱা হোৱাৰ পিছত বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সোমবাৰে প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমীয়াৰ ওপৰত বিদেশীৰ প্ৰভুত্ব স্থাপনেৰে জাতিৰ অস্তিত্বৰ কফিনত এইবাৰ শেষ গজালটো মাৰিলে ৷ অসমীয়া তথা ৰাজ্যৰ অন্য থলুৱা ভাষা-সংস্কৃতি আৰু জাতীয়-জনগোষ্ঠীয় স্বাভিমানক বাৰে বেৰে পদাঘাত কৰি অহা বিজেপি চৰকাৰে বিদেশীৰ বিৰুদ্ধে নাগৰিকসকলৰ মনত পুঞ্জীভূত হৈ থকা ক্ষোভৰ এনেদৰে উপলুঙা কৰিব বুলি কোনেও কল্পনা কৰা নাছিল৷

উল্লেখযোগ্য যে যোৱা ৫ জুলাইত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰৰীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানলৈ লিখা এক পত্ৰত ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অসমত অবৈধবাৱে প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, জৈন, পাৰ্চী আৰু বৌদ্ধ ধৰ্মাৱলম্বী বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ তথ্য শেহতীয়াভাৱে ৰাজহুৱা হৈছে৷

আজি এই সন্দৰ্ভত জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত জাতীয় পকিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে অসমীয়া তথা ৰাজ্যৰ অন্য থলুৱা লোকসকলে কা’ কোনো কালে মনা নাছিল আৰু ভৱিষ্যতেও মানি নলয়৷ অসমত পুৰুষানুক্ৰমে স্থায়ীভাৱে বসবাস কৰি অহা যি কোনো ধৰ্মাৱলম্বী বা ভাষাভাষী লোকেও কা’ সমৰ্থন কৰা নাই৷ এনে প্ৰেক্ষাপটত অবৈধ বাংলাদেশী ভোট বেংকৰ স্বাৰ্থত বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা কা’খন অসমৰ বাবে যুগে যুগে এখন ক’লা আইন হৈয়ে থাকিব৷

গগৈ আৰু ভূঞাই বিবৃতিটোত কয়, “বিজেপিয়ে সকলো দিশৰে পৰা অসমীয়া জাতিৰ অস্তিত্ব নিঃশেষ কৰাৰ হকে কাম কৰিছে৷ তেওঁলোকে অবৈধ বাংলাদেশীৰ সপক্ষত আইনৰ দুৱাৰখন মুকলি কৰি দিয়াৰ লগে লগে এতিয়া অসমত লাখ লাখ অবৈধ বাংলাদেশী নাগৰিক এই দেশৰ স্থায়ী বাসিন্দা হৈ পৰিল৷ এতিয়া ৰাজনৈতিক, সামাজিক সকলো দিশতে অবৈধ নাগৰিকৰ দপদপনি বাঢ়িব আৰু এনেকৈ অসমীয়া জাতিৰ ভাষিক, সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তি ক্ৰমশঃ দুৰ্বল হৈ হৈ এটা সময়ত নাইকীয়া হৈ যাব৷”

জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দি অসমৰ ক্ষমতা দখল কৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুটীয়ে অবৈধ বাংলাদেশীক এনেকৈ বৰপীৰা পাৰি দি জাতিটোৰ যিমান অন্যায় কৰিলে, ইতিহাসৰ বদন নামৰ চৰিত্ৰটোৱেও সিমান অন্যায় কৰা নাছিল বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে এই কাৰ্যৰ জৰিয়তে সোণোৱাল আৰু শৰ্মাই ইতিহাসৰ পাতত নিজকে জাতিৰ খলনায়ক হিচাপে কাললৈ কুখ্যাতি অৰ্জন কৰিলে৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...