জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰক: পোষ্ট মেল’নৰ কনছাৰ্ট বাতিলৰ দাবী অজাপৰ
আজি পুনৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰোণোত্তৰভাৱে ২০২৫ চনৰ ভাৰতৰত্ন সন্মান প্রদান কৰিবলৈ দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদে। সংবাদমেল সম্বোধন কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "১৮ নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিন গতিকে ১৭ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে "ভাৰতৰত্ন" ঘোষণা কৰিব লাগে।"

অসম জাতীয় পৰিষদৰ সংবাদমেল
জুবিন গাৰ্গক মৰোণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্রদান বাবে ২১ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল অসম জাতীয় পৰিষদে। প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত অসম জাতীয় পৰিষদৰ ফালৰ পৰা কোৱা হৈছিল যে জুবিন কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ ভাৰতৰে একক আৰু অনন্য সম্পদ। তেখেতৰ কণ্ঠ আছিল সমগ্ৰ ভাৰতৰ ভিতৰত অদ্বিতীয়। তেখেতৰ দৰে ৪০টা ভাষাত ৩৪ হেজাৰ গান গোৱা কণ্ঠশিল্পী সমগ্ৰ ভাৰততে বৰ কম আছে। তেখেতে মানৱতাৰ গান গাইছিল, ভালপোৱাৰ কথা কৈছিল, দেশজুৰি সমন্বয়ৰ সেঁতু গঢ়িছিল।
আজি পুনৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰোণোত্তৰভাৱে ২০২৫ চনৰ ভাৰতৰত্ন সন্মান প্রদান কৰিবলৈ দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদে। সংবাদমেল সম্বোধন কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, “১৮ নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিন গতিকে ১৭ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে “ভাৰতৰত্ন” ঘোষণা কৰিব লাগে।” মুখ্যমন্ত্ৰীয়েও জাতীয় দায়িত্ব বুলি লৈ পালন কৰিব লাগে।”
মুখ্যমন্ত্ৰীৰ নিজৰ দ্বায়িত্ব পালন কৰিবলৈ আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে। প্রধানমন্ত্রীয়ে ‘মন কী বাত’ বা আন কোনোবা কাৰ্যসূচীৰে দেশবাসীক সম্বোধন কৰোতে জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ ঘোষণা কৰিবলৈ জনাই দাবী।
ইয়াৰ উপৰিও জুবিনৰ ন্যায় প্ৰক্ৰিয়া সম্পূর্ণ নোহোৱালৈকে পোষ্ট মেল’নৰ কনছাৰ্ট বাতিল কৰা আহ্বান। মেল’নৰ কনছাৰ্ট বাবে খৰচ কৰিলগীয়া ধনেৰে জুবিন গাৰ্গৰ নামত অসমত এখন সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই অসম জাতীয় পৰিষদে। সংগীত বিশ্ববিদ্যালয়খন গুৱাহাটীৰ মাজ-মজিয়াত স্থাপন কৰিব লাগে বুলি কয় লুৰীণজ্যোতি গগৈয়ে।
তেওঁ কয়, “পোষ্ট মেল’নৰ অনুষ্ঠান পতাৰ নামত যিখিনি ধন ব্যয় হ’ব, সেইখিনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিব পৰা যাব। তাত পোষ্ট মেল’নে ব্যৱহাৰ কৰা বা তাতোকৈ উচ্চ মানৰ বাদ্য যন্ত্ৰ আদিৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলে অসমতো শ শ পোষ্ট মেল’নৰ জন্ম হ’ব।”
লগতে পঢ়ক: শান্তি ভূমিত মদ্যপান, পকেটমাৰ এনেবোৰ হ’ব নালাগে: জুবিন ক্ষেত্ৰক লৈ বিশেষ আহ্বান গৰিমা গাৰ্গৰ