গুৱাহাটীত পাব ৬০ খনৰো অধিক দেশৰ ভিছা সুবিধা, টেক কোম্পানীৰে আলোচনা অসম চৰকাৰৰ

ভিছা সুবিধা প্ৰদান কেন্দ্ৰ স্থাপনৰ বাবে নীতিগতভাৱে এক বৃহৎ প্ৰযুক্তি সেৱা প্ৰদানকাৰীয়ে সন্মতি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীত পাব ৬০ খনৰো অধিক দেশৰ ভিছা সুবিধা, টেক কোম্পানীৰে আলোচনা অসম চৰকাৰৰ
Published: 

21 Nov 2025 18:30 PM

গুৱাহাটীত স্থাপন হ’ব এটা নিৰ্দিষ্ট ভিছা সুবিধা প্ৰদান কেন্দ্ৰ। ইতিমধ্যে গুৱাহাটীত ৬০খনতকৈও অধিক দেশৰ বাবে এটা নিৰ্দিষ্ট ভিছা সুবিধা প্ৰদান কেন্দ্ৰ স্থাপনৰ বাবে নীতিগতভাৱে এক বৃহৎ প্ৰযুক্তি সেৱা প্ৰদানকাৰীয়ে সন্মতি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আশা প্ৰকাশ কৰিছে যে, এই কেন্দ্ৰটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবি আছে? ভিছা আবেদনৰ বাবে বায়’মেট্ৰিক্স দিব লাগিব? এতিয়ালৈকে ইয়াৰ কাৰণে দিল্লী বা মুম্বাইলৈ দীঘলীয়া যাত্ৰা কৰিব লাগিছিল। কিন্তু শীঘ্ৰেই এই প্ৰক্ৰিয়া আমাৰ অসম আৰু উত্তৰ পূববাসীৰ বাবে ইতিহাস হৈ পৰিব।”

তেওঁ কয়, “আনন্দেৰে জনাব বিচাৰিছোঁ যে, ভি এফ এছ গ্লোবেলে মূলতঃ গুৱাহাটীত ৬০+ দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ নীতিগত সন্মতি প্ৰকাশ কৰিছে। খুব সোনকালেই কোন কোন দেশৰ ভিছা আবেদন গুৱাহাটীত কৰিব পাৰিব, কেন্দ্ৰ খোলাৰ সময়সূচী আদিকে ধৰি সবিশেষ তথ্য আপোনালোকক অৱগত কৰিম।”

ইফালে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভিএফএছ গ্ল’বেলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ‘ভিছা এট ইউৰ ড’ৰষ্টেপ’ সেৱা প্ৰৱৰ্তন আৰু অসমত নাগৰিক সেৱা ডিজিটেল পদ্ধতিৰে প্ৰদানৰ দিশটো পৰ্যালোচনা কৰে। জনাইছে যে, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ সুবিধাৰ্থে গুৱাহাটীত এটা বিশেষ কেন্দ্ৰ স্থাপনৰ চিন্তা-চৰ্চা কৰা হৈছে।

জিভাতো হ’ব পাৰে চিন্তনীয় কৰ্কট ৰোগ, এই ৭টা প্ৰাৰম্ভিক লক্ষণক নকৰিব আওকাণ
১১ বছৰৰ পাছত ভাৰতীয় ক্ৰিকেটত দেখা যাব এনে দৃশ্য, সাক্ষী হ’ব গুৱাহাটী
ই-পাছপ'ৰ্ট কেনেকৈ লাভ কৰিব ? আবেদনৰ প্ৰক্ৰিয়া জানক
ভৰিৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক দূৰ কৰাৰ সহজ উপায়...